romantic shayari assamese

breakingpoint.in

বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কেইতামান Romantic Shayari Assamese লিখিবলৈ ওলাইছো, আশা কৰোঁ এই Romantic Shayari Assamese সমূহ আপোনালোকৰ ভাল লাগিব। যদি এই Romantic Shayari Assamese সমূহ ভাল লাগে তেনেহলে শ্বেয়াৰ কৰিব।

(১)
যিবোৰ মানুহৰ খং বেছি তেনেকুৱা মানুহৰ হৃদয়খন
বহুত কোমল আৰু মৰমিয়াল হঠাৎ খং উঠিলেই কিবা কিবি
ক’লেও মনৰ পৰা নকয় খং কমিলে সকলো পাহৰি যায় ।

(২)
ছোৱালী হৈ জন্ম লৈছোঁ যেতিয়া দুখ-কষ্ট সহ্য কৰিবলৈ শিকিব লাগিব,
কাৰণ আমি বিচৰা মতে একোৱেই নহয়,
আনক সুখী কৰিবলৈ নিজৰ সপোনবোৰ মনতে সাঁচি থব লগা হয়।

(৩)
অভিমান বোৰ এৰি আকৌ এবাৰ যদি কলা হয়
হ’ব দিয়া নকৰোঁ আৰু ভুল মই তোমাক আকোঁৱালি ললো হয়,
কিন্তু তুমি আতৰি গলা।

(৪)
যাৰ বাবে তুমি হাঁহিছা তেওঁক হয়টো এদিন পাহৰি যাবা,
কিন্তু যাৰ বাবে তুমি কান্দিছা তেওঁক কেতিয়াও পাহৰিব নোৱাৰা।

(৫)
ভাগৱত গীতাত লিখা আছে…
সঁচা প্ৰেমৰ প্ৰমাণ অপেক্ষা, কাৰণ যিজনে অপেক্ষা কৰিব পাৰে
তেওঁ চিৰ জীৱন ভাল পায়, থাকিব পাৰে।

(৬)
অকলশৰীয়া সেইজনে হৈ যায়,
যি প্রতিটো প্রেম হৃদয়ৰ পৰা কৰা হয়।

(৭)
হয়টো তুমি কেতিয়াও বুজিবলৈ নোৱাৰিবা…!
যে মই তোমাৰ লগত কথা পাতিবলৈ কিমান যে অপেক্ষা কৰি থাকোঁ।

(৮)
সময়ে কন্দুৱাইছে তথাপিও ভাগৰি পৰা নাই,
জীৱনে খেল খেলিছে তথাপিও হাৰি যোৱা নাই….

(৯)
বয়স কম কিন্তু জীৱনে দিয়া অভিজ্ঞতা বহুত বেছি….।

(১০)
নিজৰ দুখ কষ্ট নিজৰ বাদে আন কোনেও বুজি নাপাই,
কাৰণ আপোন মানুহেই বুজি পোৱা নাই আনে কি বুজিব।

(১১)
জোৰ কৰি নিজৰ কৰিব বিচৰা নাই যদি মোৰ হব
খোজা চিৰদিনৰ বাবে আহিবা,
যাতে কোনোবাই সুধিলে মোৰ সাহস হয় কবলৈ তুমি যে কেৱল মোৰ।

(১২)
সুখত নহয়, মই দুখতেই সুখী
সুখবোৰ তেওঁকে দিয়া ভগৱান
যাক মই নিজতকৈও বেছি ভালপাওঁ।

(১৩)
এগৰাকী নিৰ্দিষ্ট মানুহৰ ওচৰত মনৰ কথাবোৰ প্ৰকাশ কৰিব মন যায়,
“যি গৰাকীৰ ওচৰত সমাধান নহ’লেও অন্ততঃ সাহস হৈ থাকে।”

(১৪)
পেটত ভুক থাকিলেও ৰাতি শুব পাৰি,
কিন্তু অন্তৰত দোষ থাকিলে গোটেই ৰাতি শুব নোৱাৰি।

(১৫)
মোৰ অবিহনে কোনোবা যদি সুখী আছে
তেওঁ জীৱনত জোৰকৈ থাকি তেওঁক দোষ দিয়াৰ মোৰ অধিকাৰ নাই …
তেওঁ সুখী থাকক তেওঁৰ ভাল হওঁক এইখিনি মোৰ ওভকামনা…?

Romantic Shayari Assamese

(১৬)
নাজানো তাই মোৰ পৰা কি প্রতিশোধ লৈছিল,
না মোক নিজৰ কৰি ল’লে, না কাৰোবাৰ হ’বলৈ দিলে।
তাই মাথোঁ মোৰ হৃদয়ৰ লগত খেলিলে…!!

(১৭)
এনেকুৱা এটা সম্পর্ক বিচাৰোঁ
য’ত আৰম্ভণিৰ পৰা শেষলৈ
মৰমবোৰ সদায় এনেকৈ থাকে।

(১৮)
বেয়া লাগে যেতিয়া ভাল লগা মানুহে গুৰুত্ব নিদিয়ে, দুখ লাগে,
যেতিয়া ভাল লগা মানুহে অৱহেলা কৰে, আৰু মনত বহুত কষ্ট হয়,,,।

(১৯)
যেতিয়া তোমাক স্কুলত চাৰে সুধিছিনে তোমাৰ জীৱনৰ লক্ষ্য কি ?
তুমি কি উত্তৰ দিছিলা ?

(২০)
যি মানুহে অতি সহজে কাকো বেয়া নাপায়
তেনে মানুহৰ এটা দৃঢ় স্বভাৱ আছে; সেয়া হৈছে-
তেওঁ যদি এবাৰ কাৰোবাক বেয়া পাই
তেন্তে সেইজনক আৰু কেতিয়াও ভালপাব নোৱাৰে !

লগতে চাওক –

(২১)
তোমাক ভাল পাওঁ বাবেই তোমাৰ পৰা
প্ৰতিদান একো নিবিচাৰোঁ মাথোঁ মোক কেৱল তোমাৰ হৈ থাকিবলৈ দিয়া।

(২২)
হাঁহি আছোঁ, কিন্তু সুখ নাই।
জীয়াই আছোঁ, কিন্তু শান্তি নাই।

(২৩)
সকলোৰে লগত ফ্ৰী মনে কথা কোৱা মানুহ বিলাকৰ মন বহু বেছি
পবিত্র সিহতে সকলোকে ভাল পাব
জানে আৰু বিনিময়ত সকলোৰে পৰা কষ্ট পায়।

(২৪)
প্রয়োজনত আপোন হোৱাৰ অভিনয় কৰি
সম্পৰ্কৰ নামত স্বাৰ্থ ৰখা মানুহ প্রিয় হ’ব কেতিয়াও নোৱাৰে…

(২৫)
যাক ভাল বন্ধু বুলি ভাবিবা সিয়ে প্ৰতাৰণা কৰিব,
যাক সঁচাকৈ ভাল পাবলৈ আৰম্ভ কৰিবা বেছি সিয়ে অৱহেলা কৰিব;
আৰু যাকেই তুমি সকলোতকৈ বিশ্বাস কৰিবা সিয়েই তোমাৰ বিশ্বাস ভাঙিব।

(২৬)
তোমাৰ সুখৰ বাবে যদি তোমাক পাহৰি যাব লগা হয়,
তেন্তে মই পাহৰিবলৈ ৰাজি আছো।
পাহৰিব হয়তো কোনো দিনেও নোৱাৰিম,
কিন্তু পাহৰি থকাৰ অভিনয় কৰিব পাৰিম ঠিকেই।

(২৭)
নিজে কিবা এটা কৰি ঘৰখনৰ দায়িত্ব লোৱাৰ
সপোন দেখা ছোৱালী জনীয়ে টকা দেখি বিয়া হোৱাৰ সপোন নেদেখে।

(২৮)
আপোনাৰ জীৱনটো আপোনাৰ হাটতেই আছে,
আপুনি আগ বাঢ়িব বিচাৰে নে, যতে আছে তাতে থাকিব বিচাৰে।

(২৯)
ভুল কৰো যদি শুধৰাই দিবা কিবা বেচিকৈ কলে গালি পাৰিবা
কিন্তু আধা বাটত এৰি থৈ কেতিয়াও নাজাবা।

(৩০)
এনেকুৱা এজন জীৱনসংগী হিচাপে বিচাৰোঁ,
যিয়ে মা’ৰ দৰে মৰম, পাপাৰ দৰে শাসন আৰু বা’ৰ দৰে সাহস দিয়ে।

(৩১)
মই তোমাৰ জীৱনত সদায় তোমাৰ ছাঁ টোৰ নিচিনাকৈ থাকিব বিচাৰো…
তুমি যদি কেতিয়াবা পাহৰিও যোৱা এই ছাঁ-টো সদায় তোমাৰ লগত থাকিব।

(৩২)
আঘাত বোৰ আপোন মানুহবোৰেই দিয়ে
অচিনাকি জনেটো ভৰিখন লাগিলেও ক্ষমা খোজে !

(৩৩)
ইমানখিনি নাটক কৰাৰ কি প্ৰয়োজন আছিল।
কব’তো পাৰিলাহেতেনে, “তুমি পুৰণি হৈ গৈছা।

(৩৪)
মনত পৰে ল’ৰালিৰ সেই সন্ধিয়াবোৰলৈ যেতিয়া আকাশৰ তৰা গণি
আৰু ককা আইতাৰ সাধু শুনি শুনি টোপনি গৈছিলোঁ।

(৩৫)
কাৰো ওপৰত ভৰষা কৰি লাভ নাই
কাৰণ মানুহে নতুন মানুহ লগ পালেই পুৰণিক পাহৰি যায়,
এইয়া মানুহৰ স্বভাৱেই !

(৩৬)
ভয় লাগে আজিকালি নতুনকৈ কাৰোবাৰ সৈতে চিনাকি হবলৈ
কিছুমান মানুহে অলপ মৰম দি জীৱনৰ পৰা বহুত কিবা কিবি লৈ গুচি যায়।

(৩৭)
বহুত ভালপাওঁ তোমাক বর্তমান যেনেকৈ আছা পিছলৈও তেনেকৈয়ে থাকিবা
যেনেকুৱাই পৰিস্থিতি নহওক কিয় তুমি মোৰ মোৰেই হৈ থাকিবা!
এনেকৈ মোৰো কবা ইচ্ছা যায়।

(৩৮)
কিমান বুজাম তোমাক নালাগে কাকো তোমাৰ বাহিৰে,
তোমাকে ভালপাওঁ আৰু পাইথাকিম চিৰজীৱন মই তোমাৰে আৰু কাৰো নহয়।

Romantic Shayari Assamese

(৩৯)
মোৰ দৰে কোন কোন আছা যিয়ে ঘৰৰ ওচৰৰ কোনোবাই
চিঞৰ চিঞৰি পঢ়িলে মা-দেউতাৰ পৰা গালি খোৱা।

(৪০)
সন্দেহ সকলোৱে নকৰে যিজনে সন্দেহ কৰে
তেওঁ তোমাক হেৰুৱাব ভয় কৰে…

(৪১)
মানুহক সকলো দিব কিন্তু এই দুটা বস্তু জীৱনত মৰি গলেও নিদিব,
যদি দিয়ে সময়ত পাগল হৈ যাব..!
হৃদয় আৰু টকা

(৪২)
কাৰোবাক পাহৰি যোৱাটো কঠিন নহয়..!
কঠিন হৈছে তেঁওৰ সৈতে কটোৱা প্ৰতিটো
মূহূৰ্তৰ অনুভূতি বিলাক পাহৰি যোৱা টো ।।

(৪৩)
আপোন হবলৈ তেজৰ সম্পর্ক নহলেও হয়
এজনৰ আনজনৰ ওপৰত থকা বিশ্বাসটোহে আচল কথা !

(৪৪)
জীৱনটো সদায়,
অ.টি.পি. ৰ দৰে গঢ়িবলৈ চেষ্টা কৰা।
যাতে কোনেও তোমাক দুবাৰ ব্যৱহাৰ কৰিব নোৱাৰে।

(৪৫)
“মা” হীৰাতকৈও দামীমাৰ চকুপানী ছায়াতকৈও শীতল,
মাৰ চাদৰৰ আচঁল।

(৪৬)
Girlfriend ক পৰীক্ষা কৰিবলৈ লগৰ
এটাক Number টো দিছিলোঁ, আজি সিঁহতৰ বিয়া…

(৪৭)
ছোৱালী এজনীক দিয়া আটাইতকৈ ধুনীয়া উপহাৰটো হল;
তাইৰ “feelings” বুজি পোৱা আৰু সন্মান কৰা..!

(৪৮)
পাগলৰ দৰে ভাল পাওঁ তোমাক
কেতিয়াবা পাগল বুলি এৰি নাজাবা।

(৪৯)
আমাৰ জীৱটো বহুত সৰু সেই বাবে যিমান দিন জীয়াই থাকিব
মানুহৰ লগত ভাল ব্যৱহাৰ কৰক কাৰণ আপুনি মৰাৰ পিছত
আপোনাৰ নামটো থাকিব মানুহজন ভাল আছিল নে বেয়া আছিল।

(৫০)
বেয়া নাপাও তোমাক কিন্তু এতিয়া ভালপোৱা বোৰে নাই,
দূৰ হৈ যোৱা দুখ বহুত আছে, কিন্তু এতিয়া লগ পোৱাৰ ইচ্ছাও নাই ।।

(৫১)
মায়ে যিটো ৰান্ধি দিয়ে সেইটো মনে মনে খাই উঠিবা
কিছুমানৰ টো খাবলৈ য়ে নাই আৰু কিছুমানৰ মায়ে নাই।

(৫২)
মানুহ ধুনীয়া আৰু চাকৰি কৰিলে তেওঁ ভদ্র হয়
নায়ায় গতিকে অকণমান চাই বিয়া হ’ব লাগে।

(৫৩)
জীৱনত সকলো পাহৰিব পাৰি কিন্তু মনে বিচৰা
মানুহ জনক কেতিয়াও পাহৰিব নোৱাৰি
স্মৃতি হৈ সদায় এনেকে কোনোবা খিনিত থাকি যায়।

(৫৪)
মানুহে আপোনাৰ হাত খন তেতিয়াই এৰি দিয়ে,
যেতিয়া নেকি সি গম পাই যে আপোনাৰ বেয়া
সময়ত আপোনাৰ লগত আপোনাক সহায় কৰিব কোনো নাই।
আৰু তেতিয়াই মানুহে আমাৰ হাত খন এৰি দি
অকলশৰিয়া কৰি থৈ সকলোৱে গুচি যায়।

(৫৫)
উদাস হব মন নাই কিন্তু কাৰোবাৰ স্মৃতিয়ে এনেকে আমনি কৰে
যে নিজে নিজে মনতোেক উদাস কৰি দিয়ে।

(৫৬)
দেউতা ঢুকুৱাৰ পিছত জীবনটোত কি চলি আছে
একো গম পোৱা নাই ৰাতিপুৱা শুই উঠিয়েই কামত যাও
আৰু সন্ধিয়া ভাগৰুৱা হৈ টোপনি যাও আৰু ৰাতিপুৱা আকৌ কামত ওলাই যাও।

(৫৭)
টকা উপাৰ্জন কৰি লোৱা বন্ধু কাৰণ টকা নাথাকিলে
তোমাৰ ভালপোৱাকো এদিন কোনোবাই কিনি লৈ যাব।

(৫৮)
বেকাৰ আছো কাৰনে ঘৰৰ মানুহে মূল্য নিদিয়ে
আৰু বেলেগে নো কত মূল্য দিব।

(৫৯)
এটা সময়ত যিজন মানুহক মোৰ মনৰ সকলো কথা খুলি কৈছিলো
আজি সেই জন মানুহে ও মোৰ পৰা
আতৰি গ’ল গতিকে এতিয়া আৰু বিশ্বাস নো কাক কৰিম।

(৬০)
শুনিছো অসমত হেনো Single ছোৱালী বহুত আছে
তেতিয়া হলে মই আজিও কিয় এজনী gf বনাব পৰা নাই।

(৬১)
হঠাৎ ডাঙৰ মানুহ হ’ব পাৰিলেও হঠাৎ ভদ্ৰলোক হ’ব নোৱাৰে,
‘ভদ্ৰতা’ হৈছে পাৰিবাৰিক শিক্ষা।

(৬২)
পৃথিৱীৰ ২ ধৰণৰ মানুহ বৰ অসহায় !
১/ ৰূপহীন এগৰাকী ছোৱালী।
২/ টকা নথকা ল’ৰা।

(৬৩)
দেউতা নামৰ দীপটো যদি নুমাই যায়,
তেন্তে বুজিব এই পৃথিৱীখন কিমান ভয়ানক।

(৬৪)
আজিৰ দিনত
ভদ্ৰ মানে তুমি ভয়াতুৰ !
নিৰীহ মানে তুমি দূৰ্বল !
সৎ মানে তুমি বুৰ্বক !
স্পষ্ট বক্তা মানে তুমি শত্ৰু !

(৬৫)
আপুনি যদি মোক সুধে পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো কি ?
মই মূৰ তললৈ নমাই ক’ম মোৰ দেউতা।

(৬৬)
পৃথিৱীত একমাত্ৰ মানুহ,
যিসকলৰ কথা চকু মুদি বিশ্বাস কৰিব পাৰি।
তেওঁলোক মা-দেউতা।

(৬৭)
তেওঁলোক কোন ?
যিসকলে কেঁচুৱা দেখিলে আলিংগন কৰি ভাল পায়…?

(৬৮)
প্ৰতিগৰাকী মাতৃয়ে হয়তো ধুনীয়া নহ’বও পাৰে,
কিন্তু প্ৰতিটো শিশুৰ বাবে তেওঁৰ মা’ক শ্রেষ্ঠ সুন্দৰী ।

(৬৯)
কোনো ছোৱালী কেতিয়াও পিতৃৰ বাবে বোজা নহয়,
কাৰণ প্ৰতিগৰাকী ছোৱালী পিতৃৰ বাবে ৰাজকন্যা।

(৭০)
ক’লা হওক বা বগা,
ছোৱালী মানেই ঘৰৰ লক্ষ্মী..!

(৭১)
সেই গৰাকী পত্নী হৈছে প্রকৃত পত্নী,
যি পত্নীয়ে তেওঁৰ স্বামীক কয়,
তোমাৰ মাক কেতিয়াও অৱহেলা নকৰিবা
কাৰণ এদিন ময়ো মা হম।

(৭২)
জীৱন সকলোৰে বাবে এক নহয় !
জ্ঞানীৰ বাবে – উপহাৰ !
মূৰ্খৰ বাবে – নাটক !
ধনীৰ বাবে – উপভোগ !
দুখীয়াৰ বাবে – সংগ্র্যাম !

(৭৩)
আজি কালি আমাৰ সমাজত দেখা যায়…
ধনীৰ ৰোগ বেছি,
দুখীয়াৰ ভোগ বেছি,
মধ্যবিত্তৰ সপোন বেছি,
নতুন ধনীৰ লেবেল বেছি,

(৭৪)
জীৱনৰ ৫ টা চৰম সত্য
১) মা-দেউতাতকৈ আপোন এই পৃথিৱীত কোনো নাই,
২) আপোন মানুহৰ দৰে ডাঙৰ শত্ৰু পৃথিৱীত নাই,
৩) যাৰ টকা বেছি সেইবোৰৰ সন্মানো বেছি,
৪) দুখীয়াৰ বন্ধু কম,
৫) মানুহে আজিও চেহেৰা দেখি প্ৰেমত পৰে,

(৭৫)
দূৰে দূৰে থাকিবলৈ ভয় নকৰোঁ
কিন্তু প্রত্যেক দিনে এটাই চিন্তা কৰোঁ
যদি তুমি আনৰ হৈ যোৱা
মোৰ কি পৰিস্থিতিৰ হ’ব।

(৭৬)
অভাবে কয় ইয়াৰ পৰা আঁতৰি যোৱা,
আৰু দায়িত্বই কয় চেষ্টা কৰি যোৱা,,
আৰু পৰিস্থিতিয়ে কয় ভাগৰি নপৰিবা,,
আৰু জীৱনটোয়ে কয় কিমান
আৰু জীৱনৰ লগত যুজি জীয়াই থাকিম।

(৭৭)
যিজন মানুহে সকলোকে সুখী কৰি ৰাখিবলৈ চেষ্টা কৰে
তেওঁৱে অৱশেষত অকলশৰীয়া হৈ পৰে।

(৭৮)
কাৰো বাবে ৰৈ নাথাকিবা আগুৱাই যাবা কাৰণ
কোনো তোমাৰ বাবে ৰৈ নাথাকে সকলো এদিন নহয়
এদিন আতৰি যাবই আৰু তুমি তোমাক ভালে ৰাখিব লাগিব
সেই বাবেই কাকো বেছি আপোন কৰি নলবা।

(৭৯)
যদি কোনোবাই তোমাৰ অন্তৰত আঘাত কৰে দুখ নকৰিবা
যিজোপা গছৰ ফল মিঠা সেইজোপা গছত ফমুঠি মৰা মানুহো বেছি।

(৮০)
ইচ্ছা হয় এটা ৰাতি তোমাৰ কোলাত মূৰ থৈ শুই যাওঁ…
য’ত কোনেও নাথাকক অকল তুমি আৰু মই।

(৮১)
বৰষুণ বন্ধ হ’লে ছাতিটোও বোজা যেন লাগে,
কাৰণ মানুহে উপকাৰীসকলক পাহৰি যায়।

(৮২)
এনে মানুহক মিছা নকবা,
যিয়ে তোমাক অন্ধ দৰে বিশ্বাস কৰে।

(৮৩)
কেতিয়াবা কেতিয়াবা
নিজকে পিছলৈ আনিব লাগে,
কেৱল আনৰ মংগলৰ বাবে।

(৮৪)
নিজকে কেতিয়াবা ঘড়ীৰ দৰে লাগে,
প্ৰয়োজন নহ’লে কোনেও ঘূৰি নাচায় !

(৮৫)
সকলোৰে লগত ভাল সম্পৰ্ক ৰাখিব বিচাৰো।
কিন্তু সমস্যাটো হ’ল মই কাৰো লগত তেল মাৰি কথা পতা ভাল নাপাওঁ।

(৮৬)
টকাই মানুহক ডাঙৰ নকৰে,
মানুহক মন মানসিকতাৰে ডাঙৰ হৈ পৰে।

(৮৭)
মানুহে আধা জীৱন কটায়,
এদিন সকলো ঠিকেই হ’ব বুলি ভাবি !

(৮৮)
জীৱনত ভাল দিন পাবলৈ বহুত বেয়া
দিনৰ লগত যুঁজিব লাগে।

(৮৯)
মানুহক প্ৰতাৰণা কৰাটো অতি সহজ,
কিন্তু প্ৰতাৰণা কৰি যি পায় সেয়া হজম কৰাটো কঠিন।

(৯০)
এতিয়া এটা কথা বুজিলোঁ,
চখৰ মানুহতকৈ সফলতা বেছি গুৰুত্বপূৰ্ণ !

(৯১)
সূৰ্যৰ তাপ আৰু দেউতাৰ ৰাগ সহ্য কৰিবলৈ শিকক,
কাৰণ সূর্য ডুবি গ’লে পৃথিৱী অন্ধকাৰ;
আৰু দেউতা মৰি গ’লে জীৱন অন্ধকাৰ।

(৯২)
সপোন পলাই যায় সাৰ পালে,
আৰু মানুহবোৰ আঁতৰি যায় স্বাৰ্থ শেষ হ’লে।

(৯৩)
কাৰোবাৰ কাৰণে নিজকে সলনি কৰি নেপেলাব,
যি আপোনাক সঁচাকৈয়ে ভাল পাব
তেওঁ অলপমান কম্প্রমাইজও কৰি ল’ব পাৰিব।

(৯৪)
অপেক্ষা কৰোঁ সদায়
সেই দিনটোলৈ যিদিনা তোমাক কাষত পাম
আৰু হৃদয়ৰ সকলো মৰম ভালপোৱাঁ ঢালি দিম।

(৯৫)
যিমানেই আপোন নহওক কিয় মিছা কথাবোৰ ধৰা পৰা
পাছত আৰু মানুহজনৰ ওপৰত অলপো বিশ্বাস নাথাকে…

(৯৬)
“একো নাই”
এই শব্দ দুটাৰ মাজত বহুত কথা লুকাই থাকে,
কেতিয়াবা খং, কেতিয়াবা অভিমান,
আৰু কেতিয়াবা অজুত বেদনা।

(৯৭)
নাজানো ভগবান তাক মোৰ পৰা
কিয় আতৰাই নিলা তাৰ ভালৰ বাবে নে মোৰ ভালৰ বাবে।

(৯৮)
ভাল পাইছিলো বাবে যাবলৈ দিলোঁ নহ’লে সিও জানিছিল
যে মই ভালপোৱা বস্তুবোৰ মই মোৰ কৰিহে এৰো।

(৯৯)
ভাল পাইছিলো বাবে যাবলৈ দিলোঁ জেদ থকা হ’লে
বৰ্বাদ কৰি দিলোঁ হয়।

(১০০)
নাজানো জীৱনটোয়ে কোনটো দিশত গতি কৰিছে ।
কোনো ফালেই নিমিলে সকলোতে কেৱল স্বার্থ জড়িত।

(১০১)
নিজৰ বাবে জীয়াই থাকক
পৃথিৱীখন এনেও স্বাৰ্থপৰ !

(১০২)
বহুত বেছি দুখ হ’লে চকুৰে দুটোপাল চকুপানী উলিয়াবা,
তথাপি স্বাৰ্থপৰ মানুহৰ আগত মনৰ দুখৰ কথা নকবা।

(১০৩)
আনৰ চৰিত্ৰ বিচাৰ কৰিবলৈ
যোৱাৰ আগত নিজৰ চৰিত্ৰ কেনেকুৱা
সেইটো বিচাৰ কৰক; মনত ৰাখিব ভাল
চৰিত্ৰৰ মানুহে আনৰ চৰিত্ৰ খুচৰি নুফুৰে।

(১০৪)
সময়ে কন্দুৱাইছে তথাপিও ভাগৰি পৰা নাই,
জীৱনে খেল খেলিছে তথাপিও হাৰি যোৱা নাই….

(১০৫)
স্বাৰ্থপৰ পৃথিৱীত ভাল বুলি একো নাই,
তুমি যাৰ মনত ভাল লগাব পাৰিছা তেওঁৰ ওচৰত তুমি ভাল,
আৰু যাৰ পৰা নাই তেওঁৰ ওচৰত তুমি বেয়া !

(১০৬)
মনত ৰাখিব, নিজৰ ভুল কেতিয়াও দেখা নোেপাৱা
মানুহক কোনেও সলনি কৰিব নোৱাৰে ।

(১০৭)
দায়িত্ব বস্তুটো বৰ অদ্ভূত; যিয়ে পালন কৰে
তেওঁ সকলো সময়তেই দোষী হয়,
আৰু যিয়ে এৰাই চলে তেওঁ কেৱল দীঘল দীঘল জ্ঞান দি যায় !

(১০৮)
কাৰোবাক ক্ষমা কৰি দিয়াটো মহৎ কাম,
দ্বিতীয় বাৰ বিশ্বাস কৰি লোৱাটো মূর্খৰ কাম।

(১০৯)
দেউতাৰ সম্পত্তি নথকা সকলেহে জানে উন্নতিৰ জখলা
ডাল বগাবলৈ যে কিমান সোপন ত্যাগ কৰিব লগা হয়।

(১১০)
দায়িত্ব আছে পালন কৰি আছো,
মনত দুখ আছে তথাপিও হাঁহি আছো।
জীৱন লাগিলে যেনেকুৱাই নহওঁক
মানুহে সুধিলে কওঁ ভালেই আছো।

(১১১)
জীৱনত বহুত সপোন এটা কথাতেই থমকি ৰয়..!
“মানুহে কি ক’ব”

(১১২)
দেউতাক টানকৈ কথা কোৱাৰ আগতে দহবাৰ ভাবিবা,
কাৰণ দেউতা নথকাতো কিমান কষ্টৰ কথা
সেইটো ভাবিবলৈও ভয় লাগে….।

(১১৩)
ভাল কিতাপক আৰু ভাল মানুহক
সকলোৱে সহজতে বুজি নাপায়।

(১১৪)
নাজানো মই কিমান দিন জীয়াই থাকিম…
কিন্তু যিমান দিন জীয়াই থাকিম
জীৱনৰ শেষ মূহুতলৈ তোমাকে ভাল পাই থাকিম।

(১১৫)
ধুনীয়া নহ’ব পাৰোঁ,
কিন্তু বেলেগৰ দৰে প্ৰেমৰ অভিনয় কৰিব নাজানো,
যাক যিমানখিনি ভাল পাওঁ। কেৱল মনৰ পৰাই পাওঁ….।

(১১৬)
সময় পালে কেতিয়াবা পিছলৈ ঘূৰি চাবা মই
এতিয়াও সেই ঠাইতেই আছো যত
তুমি মোক অকলে এৰি থৈ গৈছিলা।

(১১৭)
বাহিৰে আজিলৈকে কোনেওঁ বুজি নাপালে,
কোনটো খং, কোনটো জেদ, কোনটো অভিমান..!

(১১৮)
টকা-পইচা নাথাকিলেই মানুহ কেতিয়াও দুখীয়া নহয়,
প্রকৃত দুখীয়া সেইজন যাৰ এটা সুন্দৰ মন নাথাকে।

(১১৯)
মইয়ো চেষ্টা কৰিম তোমাক পাহৰিবলে,
কিন্তু তুমিও মোক মনত নেপেলাবা।
মইটো নিজকে শেষ কৰিলোঁ তোমাৰ বাবে,
কিন্তু তুমি আন কাৰো অনিষ্ট নকৰিবা।

(১২০)
মা-দেউতা জীয়াই থাকোতেই
তেওঁলোকৰ দায়িত্ব লোৱা উচিত,
সুখ দিব নোৱাৰিলেও শান্তি দিয়ক;
মৃত্যুৰ পিছত ঢোল-তাল বজাই শ্রাদ্ধ
পাতি মানুহক নেদেখুৱালেও চলিবা।

(১২১)
ভদ্র কিন্তু বুৰ্বক নহয় !
মই সকলো বুজিব পাৰো।

(১২২)
এজন পুৰুষৰ ভাগ্য ভাল হয়,
যেতিয়া তেওঁৰ কাষত এগৰাকী সৎ পত্নী থাকে।

(১২৩)
অপমান কৰিবলৈ যোগ্যতা নালাগে,
কিন্তু সন্মান কৰিবলৈ শিক্ষা লাগে !

(১২৪)
অহংকাৰী নহয় মই,
মোক গুৰুত্ব দিলে তুমিও গুৰুত্ব পাবা,
কথা ইমানে।

(১২৫)
জীৱনৰ প্ৰতিটো খোজ সাৱধানে আগবাঢ়ক।
কাৰণ বহুতে অপেক্ষা কৰি আছে,
মাথোঁ আপোনাৰ এটা ভুল ধৰাৰ বাবে।

(১২৬)
কেৰিয়াৰক সময় দিয়ক।
এতিয়া সম্পৰ্কত কোনো ভৰষা নাই…!

(১২৭)
মনত ভিতৰত অস্থিৰতা থাকিলে
পৃথিৱীৰ সকলো বস্তুৱেই বিচলিত অনুভৱ হয় !

(১২৮)
বিশ্বাসঘাতকজনক গালি-গালাজ নকৰাকৈ ধন্যবাদ দিয়ক
কাৰণ তেওঁ আপোনাক মানুহক চিনি পাবলৈ শিকাইছে।

(১২৯)
মই সলনি হোৱা নাই, আগৰ দৰেই,
পাৰ্থক্য মাথোঁ এইটোৱেই যে
মই আগতে অন্ধ আছিলো, এতিয়া চাবলৈ শিকিছো !

(১৩০)
জীৱন বাটৰ এনেকুৱা এটা অৱস্থাত আছো
কেতিয়া কি কৰিব লাগে আৰু কি কৰি আছো নিজেই বুজি নাপাওঁ।

(১৩১)
নতুন হ’লে গুৰুত্ব বাড়ে আৰু পুৰণি হ’লে দূৰত্ব,
সেইয়া ভালপোৱাই হওক বা বন্ধুত্বই।

(১৩২)
সময়ে শিকাই থৈ গ’ল কান্দিলেই সকলো বস্তু পোৱা নাযায়
কেতিয়াবা কিছুমান বস্তু হাঁহি হাঁহি এৰি থৈ আহিব লগীয়া হয়।

(১৩৩)
নিজতকৈ বেছি ভাল পোৱা মানুহজনৰ পৰা নিজকে
আঁতৰাই ৰখাটো ইমান সহজ নহয়
যদিও কেতিয়াবা নিজক ভালে ৰাখিবৰ বাবে সেই সিদ্ধান্ত ল’ব লগীয়া হয়।

(১৩৪)
দুখীয়া মানুহৰ ওচৰত টকা নাথাকিব পাৰে সচাঁ….।
কিন্তু এখন সচাঁ হৃদয় থাকে,
তাকো পলকতে এজাক অচিন ধুমুহা দৰে কিছুমান
মানুহ আহি সেই হৃদয় খনো ভাঙি-ছিঙি থৈ যায়।

(১৩৫)
এইয়াই মানুহৰ পৰিচয় …..?
বিশ্বাস কৰিলে আঘাত দিয়ে.!
ক্ষমা কৰিলে দুৰ্বল বুলি ভাবে!
আশ্ৰয় দিলে মুৰত উঠে!
ভাল উপদেশ দিলে আঁতৰি যায় !
সম্মান কৰিলে চাকৰ বুলি ভাৱে !
উপকাৰ কৰিলে অহংকাৰ কৰে !

(১৩৬)
মানসিক শান্তি থকা এটা সম্পর্ক বিছাৱো য’ত থাকিব
মাথোঁ সম্মান, গুৰুত্ব আৰু স্বার্থহীন ভালপোৱা !

(১৩৭)
Miss কৰা যায়, কেৱল প্রকাশ কৰা নাযায় !
এটি দুখৰ শকত বুজা হৈ মনতে বৈ যায়।

(১৩৮)
মই এনেকোৱা এজন বিছাৰো…
যিয়ে মোক মা’ ৰ দৰে মৰম..
দেউতা দৰে সাহস আৰু
দাদা দৰে শাসন কৰে।

(১৩৯)
জীবনত প্ৰায়বোৰ শিক্ষা কিতাপৰ পৰ নহয়, কষ্ট পৰাও শিকিছো,
আৰু সেই কষ্টৰ মাজত মোক হাঁহি থাকিব শিকাইছে সময়ে।

Related Searches: Romantic Shayari Assamese, Shayari Romantic Assamese, Assamese Romantic Shayari,

1 thought on “romantic shayari assamese”

Leave a comment