(100) Alone Quotes In Assamese

breakingpoint.in

Alone Quotes In Assamese

বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোৰ জৰিয়তে কেইটামান Alone Quotes In Assamese লিখিবলৈ চেষ্টা কৰিম আশা কৰোঁ এই Alone Quotes In Assamese সমূহ আপোনালোকৰ ভাল লাগিব। আপোনালোকক এটা অনুৰোধ কৰিম যদি Alone Quotes In Assamese সমূহ ভাল লাগে তেনেহলে শ্বেয়াৰ কৰিব।

(১)
তিনি প্ৰকাৰৰ মানুহৰ কপালত দুখ থাকে !
১/ যিসকলে কেতিয়াও নিজৰ ওপৰত কৰা অন্যায়ৰ প্ৰতিবাদ কৰিব নাজানে।
২/ যিসকল অতিৰিক্ত নম্ৰ, ভদ্ৰ আৰু সহনশীল।
৩/ যিসকলে সদায় ভাৱে মানুহে তেওঁৰ কথাত কষ্ট পাব পাৰে।

(২)
কেতিয়াও নিজক লৈ অহংকাৰ কৰিব নালাগে !
কাৰণ ওজনৰ বাবে শিলটো ডুবি যায়।

(৩)
টকাৰ এটা ঋণ পৰিশোধ কৰিব পাৰি,
কিন্তু বিপদৰ সময়ত কাষত থিয় দিয়াসকলৰ ঋণ
কেতিয়াও পৰিশোধ কৰিব নোৱাৰি।

(৪)
নিৰৱে থাকিবলৈ শিকক !
মনে মনে থকাৰ অৰ্থ এইটো নহয় যে আপুনি একো নাজানে।
হয়তো আপুনি এনেকুৱা কিবা এটা জানে যিটো আপোনাৰ সন্মুখৰ
মানুহজনৰ বুজিব পৰা ক্ষমতা নাই।

(৫)
মই আনৰ দৰে বনাই বনাই মিছা কথা ক’ব নোৱাৰো,
সেই বাবেই হয়তো মই কাৰো আপোন নহয় !

(৬)
যদি আপোনাৰ এজনী কন্যা সন্তান আছে,
তেন্তে আপুনি নিচিন্তে থাকক কাৰণ আপোনাৰ মৃত্যুৰ পিছতো এনেকুৱা
এজনী ব্যক্তি থাকিব যিয়ে আপোনাৰ কথা ভাবি চকুলো টুকিব।

(৭)
দেউতা তোমাৰ অবিহনে মোৰ পৃথিৱীখন শূন্য,
কাৰণ আপুনি এই পৃথিৱীৰ সকলোতকৈ ভিন্ন…!

(৮)
প্ৰকৃত কথা,
সকলো বস্তুৰ দাম বাঢ়িছে,
তথাপিও সহজ-সৰল মানুহৰ দাম দিনক দিনে কমি আহিছে।

(৯)
যেনেকৈ পানীত নানামিলে সাঁতুৰিবলৈ শিকিব নোৱাৰি,
তেনেকৈয়ে জীৱনত বেয়া সময় নাহিলে মানুহ চিনিব নোৱাৰা…|

(১০)
জীৱনত এই ৩ জন মানুহক কেতিয়াও ক্ষমা নকৰিব:
১/ ভালপোৱাৰ অভিনয় কৰা ।
২/ বন্ধুত্বৰ সুযোগ লৈ প্ৰতাৰণা কৰা।
৩/ বিশ্বাসক অসন্মান কৰা।

Alone Quotes In Assamese

(১১)
পানী নোহোৱাকৈ গছ ডাঙৰ নহয় !
ঠিক টেনেকৈ আঘাত নোপোৱাকৈ মানুহ শক্তিশালী নহয়।

(১২)
মুখ খুলি অভিশাপ দিয়াৰ প্রয়োজন নাই,
মনত দিয়া আঘাতৰ প্ৰতিফল এটা সময়ত তেওঁ নিজেই ভুগিব লাগিব।

(১৩)
পিতৃ-মাতৃয়ে ৫টা সন্তানক ডাঙৰ-দীঘল কৰিব পাৰে,
কিন্তু ৫ টা সন্তান মিল পিতৃ-মাতৃ সঠিক যত্ন ল’ব নোৱাৰে ।

(১৪)
কষ্ট সহ্য কৰা মানুহবোৰ
এদিন সুখী হ’ব, কিন্তু যিসকলে মানুহক কষ্ট দিয়ে
তেওঁলোক কেতিয়াও সুখী হ’ব নোৱাৰে!

(১৫)
কাৰোবাৰ অৱহেলা বুজিবলৈ ভাষাৰ প্রয়োজন নহয় ব্যৱহাৰেই যথেষ্ট !

(১৬)
পৃথিৱীৰ সবাতকৈ শ্ৰমিক হৈছে “মা”
কৰ্ম বিৰতি নাই, মজুৰি নাই, দাবী নাই, স্বার্থ নাই !
তেওঁ মাথোঁ নিস্বার্থ শ্রম কৰিয়ে ভালপায়।

(১৭)
মানুহেই নিজৰ কৰ্মৰ ফল অৱশ্যেই পাব,
কিছু ফল ইহকালত কিছু পাব পৰকালত এটা কথা মনত ৰাখিব নিজৰ সুখৰ বাবে
আনক কন্দুৱাই কোনেও বেছিদূৰ যাব নোৱাৰিব।

(১৮)
পৰিয়ালটোক সুখী কৰি ৰাখিবলৈ যাৰ মূৰত টকাৰ চিন্তা প্ৰৱেশ কৰে,
তাৰ বুকুত প্ৰেম ভালপোৱা বুলি একোই নাথাকে। কাৰণ
পৰিয়ালটোক ভালকৈ ৰাখিবলৈ সকলো পাহৰি যায়..!

(১৯)
টকাৰ পৰিমাণ কম হ’লে তেজৰ আত্মীয়ও বিভিন্ন
অনুষ্ঠানলৈ নিমন্ত্ৰণ দিবলৈ পাহৰি যায়।

(২০)
এয়াই বাস্তৱ।
টকা অবিহনে বন্ধু নহয় !
চেহেৰা অবিহনে প্ৰেম নহয় !
স্বার্থ অবিহনে কোনেও খবৰ নলয় !

Also Read: Caption For Assamese

(২১)
য’ত সন্মান নাপাব তাত নাজাব,
আপুনি দেখিব যে আপোনাৰ ওচৰত বহুত মানুহ আছে
যিয়ে আপোনাক যথেষ্ট সন্মান কৰে, আপুনি তাত যাওক সুখী হ’ব।

(২২)
টকাৰে সকলো উপলব্ধ হ’লেও ! মাতৃৰ দৰে স্বৰ্গ,
দেউতাৰ দৰে ছাঁ কেতিয়াও নাপাবা।

(২৩)
‘কোনোবাই যদি মোক সুধে।’
পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো কি,
মূৰটো ওপৰলৈ তুলি ক’ম দেউতা।

(২৪)
মানুহে তোমাক তেতিয়াই ভাল বুলি কয়,
যেতিয়া তোমাক তেওঁৰ ইচ্ছা মতে ব্যৱহাৰ কৰিব পাৰে।

(২৫)
কেতিয়াবা মন গ’লে দুৰৈৰ পৰাই চাম তোমাক,
অপেক্ষা কৰিম, তুমি সুখত থকা দেখিলে হয়টো হিংসা লাগিব,
দুখত থকা দেখিলে হয়টো মায়া জাগিব,
কিন্তু সেই দুখ আঁতৰাবলৈ অধিকাৰ মোৰ নাথাকিব

(২৬)
নাজানো সেইয়া অভিনয় আছিল নে বাস্তৱ…
“কোনোবা আছিল যিয়ে দুদিনৰ বাবে আহি হ’লেও সকলো বুজিছিল।

(২৭)
জীৱনত আৱেগ কমোৱা,
সুখী হ’ব পাৰিবা।

(২৮)
বেয়া নাপাওঁ তোমাক কিন্তু এতিয়া ভালও নাপাওঁ তোমাক,
তোমাক হেৰুৱাৰ দুখটো বহুত আছে
কিন্তু আৰু লগ পোৱাৰ ইচ্ছাও নাই।

(২৯)
অকলে থকাৰ সুবিধা কি জানে…
হেৰাই যোৱাৰ ভয় নাথাকে ॥

(৩০)
কষ্ট কেতিয়াও কমি নাযায়…!
মাথোঁ সহ্য কৰিব পৰাটো অভ্যাস হৈ যায়।

Alone Quotes In Assamese

(৩১)
ভালপোৱাত সকলোতকৈ ভাঙৰ বস্তুটো হৈছে অপেক্ষা কৰা…!
তুমি যিমানেই অপেক্ষা কৰিবা সিমানেই ভালপোৱা গভীৰ হয়।

(৩২)
যিয়ে আপোনাক নিজতকৈয়ো বহুত বেছি ভালপাই
তেনে মানুহক কেতিয়াও যাবলৈ নিদিব।
অন্ততঃ নিজৰ ভালপোৱাৰ স্বার্থত হ’লেও যাবলৈ নিদিব।

(৩৩)
জীয়াই থকা দিন কেইটা হাঁহি-ফুৰ্তি কৰি থাকিব লাগে
জীৱনটোৰনো কি আজি আছে কালিলৈ নাই।

(৩৪)
আনৰ কথা শুনি কেতিয়াও নিজৰ সম্পৰ্কটো বেয়া
নকৰ্বিা কাৰণ সম্পৰ্কটো নিজৰ বেলেগৰ নহয়।

(৩৫)
জীৱন সংগী সেইজনক কৰা যিয়ে তোমাক
পাই দ্বিতীয় জনৰ কথা নাভাৱে।

(৩৬)
হৃদয়ত থকা দুখবোৰ আনক দেখাব নিবিচাৰো।
এইবাবে সুখী বুলি কৈ হাঁহি থাকো, তথাপিও এসময়ত ভিতৰি ভাগৰি নিৰৱে
থকা সিদ্ধান্ত লও আৰু অকলশৰে থাকিব লওঁ…।

(৩৭)
কেতিয়াবা যদি হঠাৎ তুমি শুনা মই আৰু নাই…
তেতিয়া ভুলবোৰ পাহৰি ক্ষমা কৰি দিবা দেই ..!

(৩৮)
তোমাক কিমান ভাল পাওঁ হয়তো দেখুৱাই দিব নোৱাৰিম কিন্তু
তোমাক বুকুৰ মাজত সদায় ৰাখিব বিচাৰোঁ।

(৩৯)
ফটো Delete কৰিব পাৰি, ফোনৰ পৰা নম্বর Delete কৰিব পাৰি,
কিন্তু কাৰোবাৰ লগত কটোৱা মুহূৰ্ত আৰু স্মৃতিবোৰ
গোটেই জীৱন Delete নহয়।

(৪০)
যাৰ কাৰণে এদিন গোটেই পৃথিৱীক পাহৰি যোৱা যায় তেওঁ যেতিয়া
অন্তৰত দুখ দিয়ে তেতিয়া জীয়াই থকাৰ আশাবোৰ মৰহি যায়।

(৪১)
বাহানা বনাই কাৰোবাৰ জীৱনৰ পৰা আতৰি যোৱাতকৈ..!
অলপ বুজাবুজি ভালপোৱাৰ মাজেৰে সম্পৰ্কটো ধৰি ৰাখক,
কাৰণ হেৰুৱাৰ পিছত বুজা যায় কোনে কাৰ জীৱনত কিমান প্রভাৱ পেলায়…!

(৪২)
আজি কালি কথা
কমকৈ কৈয়ে ভাল লাগে।
কাৰণ কথাবোৰ বুজি পোৱা,
মানুহতকৈ আঘাত কৰা মানুহৰ সংখ্যাই বহুত বেছি।

(৪৩)
জীৱনত টকা-পইচা ভিক্ষা কৰিলেও পোৱা যায় কিন্তু
সম্মান পোৱা নাযায় সন্মান কৰ্ম, ব্যৱহাৰ আৰু ভাল চৰিত্ৰৰ
জৰিয়তেহে অর্জন কৰিব লগা হয়।

(৪৪)
জীৱনত সুখী হবলৈ বহু টকা পইছা নালাগে,
লাগে মাথোঁ আপোনজনৰ মৰম আৰু অকণমান বুজাবুজি।

(৪৫)
হাঁহি থাকিলেই মানুহ সুখী হব নোৱাৰে
কিছুমান মানুহে মানুহক দেখুৱাই
হাঁহি থাকে যদিও বুকুত
একুৰা জুই লৈ জীয়াই থাকে।

(৪৬)
সকলো পাহৰি গ’লেও নাজানো কিয় তোমাক পাহৰিব নোৱাৰিলো।
তোমাৰ কথাবোৰ ভাবিলে চকুৰ পানীবোৰ নিজে নিজে ওলাব দৰে।

(৪৭)
মই কাৰো অশান্তিৰ কাৰণ হ’বলে নিবিচাৰোঁ সেই কাৰণে
আজিকালি সকলোৰে পৰা আতঁৰি থাকোঁ।

(৪৮)
জীৱনত ভাগৰি পৰো
কেতিয়াবা সময়ৰ লগত
কেতিয়াবা নিজৰ লগত
কেতিয়াবা ভাগ্যৰ লগত
কেতিয়াবা সম্পৰ্কবোৰৰ লগত।

(৪৯)
হয়টো এদিন ভাল সময় আহিব কিন্তু
বেয়া সময়ত হেৰুৱা মানুহবোৰ আকৌ ঘূৰি নাহিব।

(৫০)
ভাল লগা কাহিনীটো আধৰুৱা হৈ ৰ’ল।
প্রিয় সময় বোৰ হঠাৎ নোহোৱা হ’ল।
হাঁহি বোৰ অভিনয়লৈ পৰিবৰ্তন হ’ল।
আপুন আপুন যেন লগা বোৰ স্মৃতি হৈ ৰৈ গ’ল।

(৫১)
ভাল লগা মানুহ হাজাৰ জন থাকিব পাৰে, কিন্তু
ভালপোৱা মানুহ এজনে থাকে মোৰ বাবে সেইজন তুমি,
আৰু তুমি এই তুমি।

(৫২)
কাজিয়া মই তোমাৰ লগতেই কৰিম,
অশান্তিও মই তোমাকেই কৰিম,
অভিনয়ো মই তোমাৰ ওপৰতেই কৰিম,
মৰমো মই তোমাকেই কৰিম,
কাৰণ তোমাক মই বহুত ভালপাওঁ…।

(৫৩)
“আচলতে নিজৰ বুকুত হাজাৰটা বিষাদেই নাথাকক কিয়;
ঘৰখনৰ আপোন মানুহবোৰ সুখী দেখিলে নিজেও সুখী হ’ব পাৰি।

(৫৪)
জীৱনটো ইমান সলনি হৈছে, আগতে তোমাৰ মনত পৰিলে
মোৰ মুখত হাঁহি এটা আহিছিল, কিন্তু
এতিয়া তো মনত পৰিলে চকুৰ পৰা চকুলো ওলায় আহে।

(৫৫)
ছোৱালী হৈ জন্ম লোৱাটো খুবেই সহজ। কিন্তু
জীয়াই থকাটো খুবেই টান “কিয়নো’ কন্দিব গলেও ভাবিব লাগে,
হাঁহিবলৈ গলেও ভাবিব লাগে..!

(৫৬)
গোটেই শৰীৰ কপি উঠে, যেতিয়া মা’ই কয়,
ৰ’হ মই যেতিয়া নাথাকিম তেতিয়াহে গম পাবি…।

(৫৭)
জীৱনত এটা বহুত ডাঙৰ ভুল হৈ গ’ল,
যাক পোৱাৰ ভাগ্য নাই তাৰ লগতে সঁচা ভালপোৱা হৈ গ’ল।

(৫৮)
“চখবোৰ এটা বয়স লৈকেহে থাকে”
জীৱনৰ অংকবোৰ মিলাওঁতে মিলাওতে চখবোৰ নিজে নিজে নাইকীয়া হৈ যায়..!

(৫৯)
দেউতা কি কৰে? It’s not matter,
সৰুৰে পৰা বহুত সুখত ৰাখিছে It’s matter ❤️❤️

(৬০)
অহা জনমত আকৌ আহিম;
তোৰ কোলাতেই জন্ম লম,
তোৰ হাতেৰেই ভাত খাম অ’
মা…..”

(৬১)
মোৰ মনৰ কথা বুজি পোৱা কোনো নাই কিন্তু
মোক ভূল বুজা মানুহৰ অভাৱ নাই..।

(৬২)
ঘৰত যিমানে মানুহ নাথাকক কিয়, ♡
“মা” নাথাকিলে ঘৰখন খালি খালি লাগে…!!

(৬৩)
সেই গৰাকী পত্নী হৈছে প্রকৃত পত্নী যি পত্নীয়ে তেওঁৰ স্বামীক কয়,
তোমাৰ মাক কেতিয়াও অৱহেলা নকৰিবা কাৰণ এদিন ময়ো মা হম।

(৬৪)
পুৰণা ধনী মানুহ বোৰে ইমান লেবেল নিদিয়ে,
যিমান লেবেল নতুন কৈ ধনী হোৱা বোৰে দিয়ে…।

(৬৫)
কমবয়সীয়া মহিলা এগৰাকীয়ে অকালতে স্বামীক হেৰুৱালে
দ্বিতীয়বাৰ বিয়াত বহিবলৈ অনুমতি দিব লাগে নে নাই?
এইক্ষেত্ৰত আপোনাৰ মতামত কি?

(৬৬)
বিয়াৰ সময়ত শিক্ষিত বেকাৰ, সৰু ব্যৱসায়ি,
প্রাইভেট চাকৰি কৰা ল’ৰা পছন্দ নহয়, কিন্তু
পৰকীয়া কৰাৰ সময়ত ৰাজমিস্ত্রী, টম-টম চালক,
ট্রাক চালককো শ্বাহৰুখ খান যেন লাগে।

(৬৭)
জীৱনত এনেকুৱা এটা মানুহ থাকক,
উত্তেজিত কথাৰ উত্তৰত কোনো দোষাৰোপ নকৰি তেওঁ জানিব বিচাৰক- কি হৈছে..
তুমি তো এনেকুৱা নহয় সেইটো মই জানো…।

(৬৮)
এটা সুখী জীৱনৰ বাবে ভাল ঘৰ থকাটো জৰুৰী নহয়
ঘৰৰ ভাল পৰিৱেশ থকাটোহে প্রয়োজন।

(৬৯)
মই স্বাৰ্থপৰ বা অহংকাৰী নহয়, মাথোঁ সেইবোৰৰ মানুহৰ পৰা
আঁতৰি থাকো যাৰ ওচৰত মোৰ কোনো মূল্য নাই।

(৭০)
মনে বিচৰা দৰে মানুহ কেৱল মনে সজা কল্পনাতহে পোৱা যায়,
বাস্তৱত ইয়াৰ কোনো অস্তিত্ব নাই।

(৭১)
চিন্তাই ৰাতি দেৰিলৈকে জগাই ৰাখে আৰু
দায়িত্বই ৰাতিপুৱা সোনকালে উঠাই দিয়ে।

(৭২)
টকা-পইচা” সকলো নহয় বুলি ক’বলৈহে ভাল, কিন্তু
যাৰ টকা পইচা নাই সেইজনে গম পাই,
টকাৰ অবিহনে জীৱনটো কিমান জটিল।

(৭৩)
কোনো ছোৱালীৰ দেহৰ লগত খেলা নকৰিবা, কাৰণ
তাইয়ো এজন দেউতাকৰ মৰমৰ কন্যা।

(৭৪)
সকলো আশা এৰি দিছোঁ ভাগ্যত যি লিখা আছে
তাকে হ’ব বুলি মানি লৈছো ।।

(৭৫)
এতিয়াহে বুজিলো এইখন পৃথিৱীত কোনো কাৰো আপোন নহয়।
কিছুমান মানুহৰ মনৰ লগত খেলা খেলিব আহে আৰু
কিছুমানে আহে কাৰোবাক মৃত্যুৰ মুখত পেলাবলে।

(৭৬)
সময়ৰ লগত সকলো সলনি হয়!
আপোনবোৰ পৰ হয়….
চিনাকিবোৰ অচিনাকি হয়…..
মৰমবোৰো অভিনয় হয়……
একেদৰেই থাকে কেৱল এৰি অহা স্মৃতিবোৰ যাক
হাজাৰ বিচাৰিও আমি ঘুৰাই আনিব নোৱাৰোঁ।

(৭৭)
তোমাক হাজাৰ বাৰ চাই থাকিলেও মন নভৰে,
মনে কয় আৰু অলপ সময় চাইলও।
I Love You “মা”

(৭৮)
“মানুহে আপোনাক তেতিয়াহে বিচাৰে যেতিয়া
তেওঁলোক অকলশৰীয়া হৈ পৰে, কিন্তু
আপুনি অকলশৰীয়া হোৱাৰ মুহূর্তত হ’লে
কাষত কোনোৱেই নাথাকে।

(৭৯)
পৃথিৱীৰ আটাইতকৈ সোৱলা আৰু
শক্তিশালী শব্দটোয়ে হ’ল ‘মা’
পৃথিৱীৰ ভিতৰত সত্য আৰু আপোন
ব্যক্তিজন হ’ল আপোনাৰ ‘মা’…।

(৮০)
প্রতিশোধ লোৱা ধৰণৰ মই নহয় তুমি মোক এবাৰ কোৱা মই তোমাক ভাল নাপাওঁ বুলি,
মই হাঁহি এটা মাৰি আঁতৰি যাম গৈ তোমাৰ জীৱনৰ পৰা ।।

(৮১)
কাৰোবাৰ সুখৰ কাৰণ হ’ব নোৱাৰিলেও অন্ততঃ
কেতিয়াও কাৰো দুখৰ কাৰণ নোহোৱাকৈ থাকিব পৰাজনহে প্রকৃত মানৱ।

(৮২)
পৃিথিৱীত সু-সন্তানৰ দৰে কোনো সম্পত্তি নাই,
লোভৰ দৰে কোনো বেমাৰ নাই,
ভাল চৰিত্ৰৰ দৰে কোনো অলংকাৰ নাই,
আৰু সন্তুষ্ট থকাৰ দৰে কোনো সুখ নাই।

(৮৩)
তোমাৰ পৰিয়াল কিমান ধনী সেইটো ডাঙৰ কথা নহয়,
তোমাৰ পৰিয়াল কিমান সুখী সেইটোহে ডাঙৰ কথা।

(৮৪)
আজি কালি কথা কমকৈ কৈয়ে ভাল লাগে।
কাৰণ কথাবোৰ বুজি পোৱা,
মানুহতকৈ আঘাত কৰা মানুহৰ সংখ্যাই বহুত বেছি।

(৮৫)
জীৱনত কি সলনি হৈছে নাজানো,
কাৰো লগত কথা পাতিবলৈও মন নাযায়,
কেৱল অকলে থাকি হে ভাল লাগে..!

(৮৬)
যিদিনা তুমি মোক বুজিবা, যে মোতকৈ বেছি আৰু
তোমাক কোনেও ভাল পোৱা নাছিল…
সেইদিনা তুমি মোতকৈও বেছি কান্দিবা…।

(৮৭)
মন মাৰি থকা প্ৰত্যেক জন মানুহৰ আঁৰত অকল প্রেম কাহিনী নাথাকে…!
মধ্যবিত্ত পৰিয়ালৰ লৰা-ছোৱালী আমি ঘৰুৱা সমস্যা বুলিও
আমাৰ জীৱনত কাহিনী থাকে।

(৮৮)
দিনটো কামত ব্যস্ত হৈ থাকো বাবে হয়তো তোমাৰ কথাই আমনি নকৰে।
আৰু যেতিয়া ৰাতি হয় তোমাৰলৈ বহুত মনত পৰে আৰু নাজানো কিয় কান্দি পাওঁ।
হয়তো সঁচা ভালপোৱাৰ বাবে আজি মই অকলশৰীয়া।

(৮৯)
জীৱনটো কি আচৰিত কোনোবাই নিজৰ সপোনৰ কাৰণে আপোনজনৰ পৰা দুৰত থাকে,
কোনোবাই নিজৰ আপোনজনৰ কাৰণে সপোনৰ পৰা দুৰত থাকে।

(৯০)
সৎ জীৱিকাৰ যেনেকৈ টকা কম,
সৎ মানুহৰ তেনেকৈ বন্ধু কম।

(৯১)
অহংকাৰৰ বাবে নহয়,
আত্মসন্মানৰ বাবেহে জীৱনত কেতিয়াবা কেতিয়াবা কিছুমান লোকৰ সৈতে
সম্পর্ক চ্ছেদ কৰিবলগীয়া হয়।

(৯২)
যিকোনো সম্পর্কত ভালে ৰখাৰ দায়িত্ব দুয়োপক্ষৰে থাকিব
লাগে তেতিয়া সম্পৰ্কবোৰত আউল নালাগে…।

(৯৩)
পথটো যিমান কঠিন হ’ব,
গন্তব্যস্থান অধিক ধুনীয়া হ’ব..।

(৯৪)
আপুনি ভিতৰৰ পৰা ভাঙি গৈছে সেইটো কাকো বুজিবলৈ নিদিব,
কাৰণ মানুহে ভঙা ঘৰৰ ইটা পজন্ত খুলি লৈ যায়.!

(৯৫)
এই পৃথিৱীত কষ্টত সকলোৱে আছে, কোনোবাই আকৌ প্ৰকাশ কৰিছে
কোনোবাই আকৌ হাঁহিৰ জৰিয়তে লুকুৱাই ৰাখিছে..!

(৯৬)
ধৈৰ্য্য ধৰাটো কোনো দুর্বলতা নহয়,
ধৈর্য হৈছে এবিধ শক্তি সেই শক্তি কিন্তু সকলোৰে নাথাকে…!

(৯৭)
জীৱনটো ৰেল ষ্টেচনৰ দৰে ভিৰ বহুত,
কিন্তু আপোন কোনো নাই…!

(৯৮)
ক্ষমতাতকৈ বুদ্ধিক বেছি কামত লগোৱা,
কিয়নো ক্ষমতাই যুজিব শিকায় আৰু বুদ্ধিয়েই জিকিব..!

(৯৯)
যত অধিকাৰ নাথাকে,
তাত অভিমানবোৰো মূল্যহীন হৈ পৰে,
এইটোৱে বাস্তৱ।

(১০০)
মানুহে সুন্দৰ অভিনয়ৰ মাজেৰে
নিজৰ স্বাৰ্থ বোৰ পূৰ্ণ কৰে।

(১০১)
সময় নিজক দিয়ক কিয়নো
আপোনাৰ প্ৰাথমিক প্রয়োজনীয়তা আপুনি নিজেই….!

(১০২)
সন্মান বৰ ব্যয়বহুল বস্তু
বেয়া মানুহৰ পৰা আশা নকৰিব..!!

(১০৩)
কৃষ্ণই কয় –
প্ৰেমত সন্দেহ আৰু খংগ সেই জনে কৰে
যি জনে তোমাক কেতিয়াও হেৰুৱাব নিবিচাৰে।

(১০৪)
এই পৃথিৱীত সেইজন মানুহ বেছি কষ্ট পায়।
যিজনে মানুহক অন্ধৰ দৰে বিশ্বাস কৰি পেলায়।

(১০৫)
নিজকে কিবা নিলাজৰ দৰে লাগে তুমি ইমান দুখ দিয়াৰ
পিছতো মনতোৱে কেৱল তোমাক হে বিচাৰে।

(১০৬)
আঙুলি টোৱাই কথা কোৱাৰ আগতে
এটা কথা মনত ৰাখিব বাকী ৩টা আঙুলি
কিন্তু আপোনাৰ ফালে আছে,
সেইবাবে আনক বিচাৰ কৰাৰ
পূৰ্বে ৩বাৰ নিজকে বিচাৰ কৰক।

(১০৭)
যেতিয়ালৈকে আপোনাক ব্যৱহাৰ কৰি থাকিব,
তেতিয়ালৈকে মানুহে আপোনাক আপোন বুলি পৰিচয় দি থাকিব।

(১০৮)
এতিয়া আৰু একোৰে দৰকাৰ নাই;
ভগৱানে কেৱল মোক শক্তি দিয়ক,
অলপ ধৈৰ্য্যশীল কৰি দিয়ক,
বেয়া সময়বোৰ সহ্য কৰাৰ কাৰণে…।

(১০৯)
এতিয়া আৰু কোনো কথাতে কাকো যোৰ নকৰো,
কাৰণ কথা এষাৰ আছে নহয় উপযাচি দিয়া সোণৰো মূল্য নাই।
মইটো মানুহহে…!!

(১১০)
আপোন সেইজনেই,
যিয়ে তোমাৰ অভাৱ, দুখ-কষ্ট,বেয়া গুণ,
দুৰ্বলতা বোৰ জনাৰ পিছতো তোমাৰ লগত থাকে।

(১১১)
সৰুতে কষ্ট পালে চিয়ৰি চিয়ৰি কন্দিছিলো,
যাতে সকলোৱে শুনা পাই।
আজি কালি কষ্ট পালে গুপনে কান্দু যাতে কোনো শুনা নাপাই।

(১১২)
প্রভু শ্রীকৃষ্ণই কৈছে, কোনোবাই আপোনাক যদি অপমান কৰে,
কিবা কথা বেয়াকৈ কয়,
তেতিয়া ওলোটাই উত্তৰ নিদিব।

(১১৩)
সেইয়া মানুহেই হওঁক বা সময়,
হেৰাই যোৱা পিছত হে আমি তাৰ মূল্য বুজি পাওঁ।।

(১১৪)
লাগিলে সময় লওক কিন্তু সম্পৰ্ক গঢ়াৰ আগতেই তেওঁ সঠিক আৰু
বিশ্বাসী হয় নে নহয় জানি-বুজি লওক।

(১১৫)
মানুহৰ জীৱনৰ পৰা এগৰাকী ব্যক্তি আতৰি গ’লে হয়তো
আন এগৰাকী আহিব সচাঁ, কিন্তু কেতিয়াবা সেই বিশেষ এগৰাকী ব্যক্তিৰ শূন্যতা
হয়তো হেজাৰ গৰাকী ব্যক্তিয়ো পূৰণ কৰিব নোৱাৰে।

(১১৬)
“সৰুতে স্কুল যাবলৈ ভয় লাগিছিল,
আজি অকলশৰে দুনিয়াখন ঘুৰি ফুৰিছো,
সৰুতে দোষ পালে চিঞৰি-চিঞৰি কান্দিছিলো,
আজি হৃদয়খন ভাঙি গলেও নিজকে চম্ভালি লও।

(১১৭)
আইনা এখন যেনেকৈ ভাঙিলে যোৰা লগাব নোৱাৰি,
ঠিক তেনেকৈ মানুহৰ লগত কৰা বিশ্বাস যদি এবাৰ ভাঙি যায় দ্বিতীয় বাৰ
আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি।।

(১১৮)
সুখী হৈ থাকিবলৈ বহুত চেষ্টা কৰো কিন্তু কেতিয়াবা কেতিয়াবা
নিজৰ ওচৰতে হাৰি যাও অভিনয় কৰি।
আচলতে জীৱনত এনেকুৱা কিছুমান দুখ কষ্ট আছে যিবোৰে
হয়তো কাহানিও লগ নেৰে।

(১১৯)
নিজে কিবা এটা কৰি ঘৰখনৰ দায়িত্ব লোৱাৰ সপোন দেখা ছোৱালী জনীয়ে
টকা দেখি বিয়া হোৱাৰ সপোন নেদেখে।

(১২০)
মৃত্যু আৰু ভাল পোৱা সদায়, মনে মনে আহে,
ভাল পোৱায় মন কাঢ়ি নিয়ে, আৰু মৃত্যুৱে জীৱন কাঢ়ি নিয়ে,,,।

(১২১)
অলপ মৰম পালেই যি সুখী হৈ পৰে তেওঁৰ
কপালতেই দুখ বেছি লিখা থাকে।

(১২২)
ধনী ঘৰত জন্ম ললে জীৱনটো উপভোগ কৰিবা, আৰু
দুখীয়া ঘৰত জন্ম ল’লে জীৱন মানে কি বুজি পাবা।

Related Searches: Alone Quotes In Assamese, Alone Status In Assamese, Alone SMS In Assamese, Alone Shayari In Assamese, Alone poems In Assamese

1 thought on “(100) Alone Quotes In Assamese”

Leave a comment