নিশা যুৱতীৰ গৃহত সোমাই গলে নহয় কোনো দোষ – ৰহস্যময় পৃথিৱী !

breakingpoint.in

প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ৰহস্যময় এখন দেশ হৈছে ভূটান। এই ভূটানৰ নাম শুনিলে এখন সুন্দৰ দেশৰ কথা মনত পৰে। এই দেশৰ আকাৰ, আকৃতি, অৱস্থান আৰু সৌন্দৰ্য অনুসৰি এই দেশক মিনি চুইজাৰলেণ্ড বুলি অভিহিত কৰা হয়। এই দেশৰ মানুহ খুব অতিথি পৰায়ন আৰু তেওঁলোক খুব বহল হৃদয়ৰ। এই দেশৰ গাওঁ অঞ্চলৰ পুৰুষ সকলে ৰাতিৰ সময়ত মহিলাৰ সন্ধানত ওলাই বিয়া পাতিবলৈ। ভূটানৰ খাদ্যৰুচিয়ে মানুহক অনাবিল তৃপ্তি দিয়ে। পুৰুষ মহিলা উভয়ে খেতি পথাৰত একেলগে কাম কৰে এই দেশত। বিবাহৰ পিছত পুৰুষ থাকে শহুৰৰ ঘৰত। ভুটানৰ ছোৱালী অতি সুন্দৰী আৰু এজন পুৰুষে যিমান ইচ্ছা সিমান বিয়া কৰাব পাৰে।

হিমালয়ৰ পাদদেশত অৱস্থিত এখন সৰু দেশ ভূটান; ভুটানৰ ৰীতিনীতি, ঐতিহ্য আৰু ইতিহাস খুব লেখত লবলগীয়া। এই দেশত বমেনা নামৰ এক ভয়ানক আইন প্ৰচলিত যিটো শুনিলে মানুহ অবাক হৈ পৰে। ভূটান; দক্ষিণ এছিয়াৰ এখন ৰাজতান্ত্ৰিক দেশ, ভাৰতীয় উপমহাদেশৰ হিমালয়ৰ ওখ পৰ্বতমালাৰ পূৱফালে অৱস্থিত। উত্তৰে চীনৰ তিব্বত অঞ্চল, পশ্চিমে ভাৰতৰ চিকিম আৰু তিব্বতৰ চুম্বীক পতাকা, পূবত অৰুণাচল প্ৰদেশ, দক্ষিণে অসম আৰু উত্তৰ বংগ বিৰাজমান।

ভূটান শব্দটো আহিছে সংস্কৃত ভাষাৰ পৰা যাৰ অৰ্থ ভূ আৰু উত্থান অৰ্থাৎ উচ্চ ভূমি। ভুটানৰ চহৰ আৰু প্ৰধান ৰাজধানী হৈছে থিম্পু; খুব ৰঙীন আৰু পৰিষ্কাৰ এখন চহৰ। থিম্পুই হৈছে ভুটানৰ ৰাজধানী চহৰ। ভুটানৰ শীতকালীন ৰাজধানী হৈছে পোনাখা।

দেশ খনৰ আয়তন ৩৮৩৯৪ বৰ্গ কিলোমিটাৰ। ভুটানৰ অধিবাসী সকল ভূটানি নামে পৰিচিত। এই দেশৰ জনসংখ্যা ৭৬৫০০০ জন ২০১৫ চনৰ তথ্য অনুসৰি । ভূটানত প্ৰতিবছৰে প্ৰায় ২% কৈ জনসংখ্যা বৃদ্ধি হয়, আৰু জনসংখ্যা ৰ ঘনত্ব প্রতি বৰ্গকিলোমিটাৰ ত ৪৫ জন। ভূটান ৰ প্ৰায় ৭৫% লোক বৌদ্ধ ধৰ্মৰ আৰু বাকীখিনি হিন্দু ধৰ্মী। এই দেশৰ ৰাষ্ট্ৰীয় ধৰ্ম বৌদ্ধ। জংখা ( Dzongkha ) হৈছে ভুটানৰ চৰকাৰী ভাষা, আৰু দেশ খনত নেপালী ভাষা খুব প্ৰচলিত । ইংৰাজী ভাষাৰ শিক্ষা দিয়া হয় সেই দেশত।

অতীতত ভূটান এখন পাহাৰৰ ওপৰত অৱস্থিত সৰু সৰু পৃথক পৃথক ৰাজ্যত বিভক্ত আছিল, আৰু ১৬০০ শতিকাত ভূটান এক ধৰ্মীয় ৰাষ্ট্ৰঃ হিচাপে আবিৰ্ভাৱ ঘটে। ১৯৬০ চনৰ পৰা ৱানচুক ( Wangchuck ) বংশই ভূটান শাসন কৰি আহিছে ভূটান। ভুটানৰ গৃহ সমূহ খুব নান্দনিক আৰু তাৰ অধিকাংশ গৃহ তিনিমহলীয়া। ঘৰৰ প্ৰথম মহলাত বাস কৰে পোহনীয়া জীৱ জন্তু, দ্বিতীয় মহলাত বাস কৰে মানুহ আৰু তৃতীয় মহলত ৰাখে খাদ্য সামগ্ৰী। ভূটানৰ মানুহে জীৱজন্তুক খুব মৰম কৰে আৰু সেইবাবেই ভূটানত নাই কোনো কছাই খানা, কিয়নো বৌদ্ধ ধৰ্ম অনুসৰি জীৱহত্যা মহাপাপ।

লগতে চাওক – স্বামীৰ মৃত্যু হ’লে পত্নী বিধৱা হয়, কিন্তু পত্নীৰ মৃত্যু হ’লে স্বামীৰ কি হ’ব ?

ভূটানি সকল অতিথি পৰায়ন। অৰ্থনৈতিক ভাৱে সমৃদ্ধ নহলেও ভূটানি সকলে নিজৰ দেশখন খুব পৰিস্কাৰ পৰিচ্ছন্ন কৰি ৰাখে, যি কথা বহু উন্নত দেশত দেখিবলৈ পোৱা নাযায়। ভূটানি সকল পৃথিৱীৰ খুব সুখী জাতি। এই দেশৰ পুৰুষ মহিলাই একেলগে সমানে খেতি পথাৰত কাম কৰে নাইবা উভয়ৰে সৰু সুৰা বেপাৰ বাণিজ্য থাকে। পুৰুষ সকলে গৃহস্থ বা পাকঘৰৰ ৰন্ধা বঢ়া আদিতো সমানে ভাগ লয়। এই দেশৰ পুৰুষৰ গড় আয়ু ৬৬ বছৰ আৰু নাৰীৰ গড় আয়ো ৭০ বছৰ।

এই দেশৰ দুৰ্গম গাওঁবোৰত এক অদ্ভুত নিয়ম প্ৰচলিত আছে সেয়া হৈছে বমেনা ; আৰু গভীৰ ৰাতি পালন কৰা হয় সেই নিয়ম, সেই নিয়ম অনুসৰি সেই অঞ্চলৰ বিবাহৰ বাবে উপযোগী পুৰুষে ৰাতিৰ অন্ধকাৰত নাৰীৰ সন্ধানত পৰিভ্ৰমণ কৰে আৰু যত সুযোগ সুবিধা পায় তায়েই ছোৱালীৰ গৃহত সোমাই পৰে, সেয়া মাত্ৰ গভীৰ নিশা ঘটে।

কিন্তু আশ্চৰ্যৰ কথা যিটো শুনিলে আপুনি আচৰিত হ’ব যে ছোৱালী গৃহত সোমোৱা পুৰুষ যদি ৰাতিপুৱা পোহৰ হোৱাৰ আগতে সেই ছোৱালী গৃহৰ পৰা ওলাই যায় তেতিয়া সেই পুৰুষক কোনো দোষ দিয়া বা দণ্ডিত কৰা নহয়, সেই পুৰুষক নিৰ্দোষী গণ্য কৰা হয়; বিপৰীতে যদি পুৰুষ জন ৰাতিপুৱা পোহৰ ওলোৱা সময়লৈকে সেই ছোৱালী গৃহতে থাকি যায় তেতিয়া সেই মহিলা আৰু পুৰুষৰ মাজত অভিভাৱকৰ সন্মতি ক্ৰমে বিবাহ কৰি দিয়া হয়।

1 thought on “নিশা যুৱতীৰ গৃহত সোমাই গলে নহয় কোনো দোষ – ৰহস্যময় পৃথিৱী !”

Leave a comment