Assamese SMS 2024

breakingpoint.in

Assamese SMS 2024

ইয়াত আপুনি বহুতো সুন্দৰ প্ৰেমৰ বাৰ্তা আৰু Assamese SMS পাব। আশাকৰোঁ সকলোৱে ভাল পাব। ইচ্ছা কৰিলে আপোনজনক এইবোৰ মৰমৰ বাৰ্তা দিব পাৰে। যিহেতু এই Assamese SMS 2024 বোৰ ইমান মৰমলগা, গতিকে যাক দিব নিশ্চয় সুখী হ’ব।

১/
সৌন্দৰ্য মুখত নাই,
সৌন্দৰ্য হৃদয়ৰ এক পোহৰ।


২/
সুখ কি ? সুখ হৈছে প্ৰেম অনুগ্ৰহ আৰু
কৃতজ্ঞতাৰে প্ৰতি মিনিটত জীৱনটো জীয়াই থকাৰ
এক আধ্যাত্মিক অভিজ্ঞতা।

৩/
কল্পনাই সৃষ্টি কৰে।
যিমান পাৰে কল্পনা কৰক আৰু সৃষ্টিকৰ্ম হৈ
পৰক আপোনাৰ পৰিচয়।

৪/
সদায় মূৰ ডাঙি থিয় হ’ব।
তলমূৰ কৰি থাকিলে জানো আকাশৰ
ৰামধেনু দেখা পাব ?

৫/
প্ৰথমে নিজক ভালপাবলৈ শিকক।
এই পৃথিৱীত যিকোনো কাম কৰিবলৈ আপুনি
সঁচাকৈয়ে প্ৰথমে নিজকে ভাল পাবই লাগিব।

৬/
যদি আপুনি সুখৰে জীৱন-যাপন কৰিবলৈ বিচাৰে,
তেতিয়া মানুহ অথবা বস্তুকেন্দ্ৰিক নহ’ব।

৭/
জীৱনটো নিজকে বিচাৰি উলিওৱাৰ বাবে নহয়।
নিজকে সৃষ্টি কৰাৰ বাবেহে জীৱন।

৮/
জীৱনে সদায়েই পৰীক্ষা লয়।কিন্তু এই পৰীক্ষা হয়
নিজকে আৱিস্কাৰৰ বাবে, মনৰ শক্তি অটুট ৰখাৰ বাবে।

৯/
জীয়াই থাকিবলৈ জীৱন এটাই। সঠিকভাৱে জীয়াই থাকিবলৈ
কিন্তু এটা জীৱনেই যথেষ্ট।

১০/
হাঁহিয়েই জীৱনৰ মূলমন্ত্ৰ, নিজেও হাঁহক
আৰু আনকো হহুৱাওক।

Assamese SMS 2024

১১/
পৰিস্থিতি সলনি হয়। আপোনজনেও এৰি গুচি যায়।
কিন্তু জীৱনটো থমকি নৰয়।জীৱনে নিজৰ গতিত আগবাঢ়ি গৈ থাকে।

১২/
তোমাক বেয়া পোৱাৰ শক্তি মোৰ নাই।
তুমি যেনেকুৱা, তুমি যি কৰা, তোমাৰ সকলোবোৰেই মোৰ প্ৰিয়।
তুমি মোৰ জীৱনৰ চালিকাশক্তি।

১৩
প্ৰেমৰ কেতিয়াও প্ৰাকৃতিকভাৱে মৃত্য নহয়।

১৪/
জীৱনটোৰ যেন সকলোবোৰেই এক অলৌকিক ঘটনা।

১৫/
পৰিয়ালবোৰ গছৰ ডালৰ দৰে। আমি বিভিন্ন দিশত
বিকশিত হওঁ যদিও শিপাটো এডালেই।

১৬/
প্ৰেমৰ বাবে ভাৰসাম্য হেৰুৱাটো এক সন্তুলিত জীৱনৰ অংশ।

১৭/
জীৱনটো এটা মুদ্ৰাৰ দৰে। আপুনি ইয়াক আপুনি
বিচৰা ধৰণে ব্যয় কৰিব পাৰে। কিন্তু কেৱল এবাৰহে।

১৮/
তোমাৰ চকুতেই আছে সৰগৰ সুখ।তুমি কাষত থাকিলে
পৃথিৱীৰ সকলো সুখেই মোক আৱৰি থাকে।

লগতে চাওক – Assamese Proposal Lines 2024

১৯/
জীৱনত আশা সদায় ৰাখিব।আশাবোৰে আপোনাক
জীয়াই থাকিবলৈ উৎসাহ দিয়ে।

২০/
আৱেগৰ সৈতে খেলা নকৰিবা, জীৱনে ক্ষমা নকৰিব ।

২১/
তুমি মোৰ জীৱনৰ ৰং, তুমি মোৰ আৱেগ।
তুমিয়েই সকলো, তোমাতেই মোৰ সকলো।

২২/
মোৰ শৰীৰত স্পৰ্শ নকৰাকৈয়ে তুমি মোৰ আত্মা আৰু হৃদয় স্পৰ্শ কৰিছা।

২৩/
শেষ মানেই শেষ নহয়। শেষ এক নতুনৰ আৰম্ভনিহে।

২৪/
দুখ অচিনাকি মানুহে নিদিয়ে, দুখ দিয়ে সদায় নিজৰ আপোন মানুহবোৰে ।

২৫/
সুখ হাজাৰ বিচাৰিলেও নাপাওঁ কিন্তু দুখ বোৰ নিবিচাৰাকৈয়ে বহুত পাওঁ ।

২৬/
যিমানেই ডাঙৰ হৈছোঁ আনন্দবোৰ সিমানেই দূৰৈত হেৰাই গৈছে ।

২৭/
মানুহ কেতিয়াও বেয়াহৈ জন্ম নহয়,
এই পৃথিৱীখনে মানুহক বেয়া হ’বলৈ বাধ্য কৰে ।

২৮
হেৰাই যোৱাজন ঘূৰি আহিব পাৰে কিন্তু
সলনি হৈ যোৱাজন কেতিয়াও ঘূৰি নাহে ।

২৯/
কিতাপৰ পাতে নহয়, পেটৰ ভোক আৰু
কঠিন মতেহে আমাক অধিক শিকায় ।

৩০/
জীৱনত অহা বেছি ভাগ মানুহেই অস্থায়ী। কিছুমানে সময় পাৰ কৰিবলৈ
আহে আৰু কিছুমানে সময় নষ্ট কৰিবলৈ আহে ।

৩১/
মানুহক চেহেৰা আৰু কাপোৰৰ সহায়ত চিনিব নোৱাৰি,
মানুহক চিনিব পাৰি কৰ্ম আৰু মানসিকতাৰ সহায়ত ।

৩২/
যিবিলাক মানুহে আপোনাক কেৱল নিজৰ প্ৰয়োজনৰ
সময়তহে মনত পেলায়, সেইবিলাক মানুহক কোনো কাৰণতে হৃদয়ত ঠাই নিদিব।
অন্যথা আপুনি আঘাত পোৱাটো নিশ্চিত ।

৩৩/
সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে,
যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে ।

৩৪/
খং উঠিলে চিঞঁৰিবলৈ যিমান শক্তি লাগে,
তাতকৈ মনে মনে থাকিবলৈ বেছি শক্তি লাগে ।

৩৫/
নিজৰ সুখৰ বাবে কেতিয়াও আনক দুখ নিদিবা ।

৩৬/
দুখৰ অভাৱ নাই বাবেই সুখৰ দাম বেছি মায়া বজাৰত ।

৩৭/
দুখবোৰ পাহৰা একমাত্ৰ উপায় ব্যস্ত থাকিব লাগিব ।

৩৮/
সপোন প্ৰত্যেকে দেখে কিন্তু সপোনবোৰ পূৰণ কৰা ভাগ্য প্ৰত্যেকৰ নাথাকে ।

৩৯/
লাগিলে জীৱনত যিমান বাৰেই অসফল নোহোৱা কিয় কিন্তু
তোমাৰ ধনাত্মক চিন্তা ধাৰায়ে তোমাক এদিন সফলতা প্ৰাপ্ত কৰাব।

৪০/
জীৱনত কষ্ট পোৱাটো বহুত জৰুৰী, কাৰণ ই এক প্রকাৰৰ শিক্ষা আৰু
এই শিক্ষাই পৰৱতী সমস্যাৰ লগত যুঁজিবলৈ সাহস দিয়ে।

৪১/
জীৱন মানুহে হৃদয়ত অভিমান আৰু মুখত অভিযোগ কমকৈ ৰাখে,
সেইজন মানুহে সকলো ধৰণৰ সম্পৰ্ক পালন কৰিবও জানে।

৪২/
সময় আৰু শিক্ষক দুয়োটাই শিকায়,কিন্তু পার্থক্য মাথোএনে যে,
শিক্ষকে শিকোৱাৰপিছত পৰীক্ষা লয়।আৰু সময়ে পৰীক্ষা লোৱাৰপিছত শিকায়।

৪৩/
নিজকে মানুহৰ পৰা অলপ সময় আঁতৰাই চোৱা তুমি
মানুহৰ বিষয়ে বহুত কথা জানিব পাৰিবা।

৪৪/
জীৱনৰ সকলোতকৈ ডাঙৰ ভুল হৈছে , নিজেই ভালে থকাৰ
দায়িত্ববোৰ আনৰ হাতত তুলি দিয়াটো।

৪৫/
সদায় সত্যবাদী মানুহৰ লগত বন্ধুত্ব কৰা উচিত,
কিয়নো সেই সকলে ভাল দিনত মূল্যৱান সম্পদ। আৰু
বেয়া দিনত পতিৰক্ষক হৈ থিয় দিয়ে।

৪৬/
জ্ঞানী মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ বন্ধু।
মূর্খ মানুহৰ ভুল ধৰিলে তুমি হ’বা তেওঁৰ শত্রু।

৪৭/
সৰু সৰু কথাবোৰক লৈ আমাক সেইজনেহে খং কৰে
যিজনে আমাক হৃদয়েৰে ভাল পায়।

৪৮/
তর্কতকৈ নীৰৱতা ভাল। প্রতিশোধ লোৱাতকৈ বাট সলাই চলা ভাল।
আৰু স্বর্থপৰ মানুহৰ লগত দূৰত্ব বজাই ৰাখি অকলে চলা অনেক গুনে ভাল।

৪৯/
প্রতিটো কষ্টৰ অভিজ্ঞতাই আমাৰ বাবে এটা নতুন শিক্ষা।

৫০/
সময় আৰু শিক্ষক দুয়োটাই শিকায়, কিন্তু পার্থক্য মাথো এনে যে,
শিক্ষকে শিকোৱাৰ পিছত পৰীক্ষা লয়। আৰু সময়ে পৰীক্ষা লোৱাৰ পিছত শিকায়।

৫১/
যেতিয়া তোমাৰ ওচৰত অজস্র ধন-সম্পত্তি থাকিব
তেতিয়া তুমি পাহৰি যাবা, তুমি কোন ? আৰু যেতিয়া
তোমাৰ ওচৰত ধন-সম্পত্তি নাথকিব তেতিয়া
এই পৃথিৱীখনে পাহৰি যাব, তুমি কোন ?

৫২/
চকুৰ পানীত অকল পানী নাথাকে
তাত থাকে কাৰোবাৰ ভাঙি যোৱা সপোন।

৫৩/
আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে,
দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।

৫৪/
আৱেগৰ পথত নচলি বিবেকৰ পথেৰে চলিবলৈ শিকা,
দেখিবা তুমি তোমাৰ জীৱনটো সুন্দৰকৈ গঢ় দিবলৈ পাৰিছা।
কাৰণ পৃথিৱীৰ শ্রেষ্ঠ আদালত হৈছে মানুহৰ বিবেক।

৫৫/
জীৱনত এনেকুৱা এজন মানুহ প্রয়োজন যিয়ে স্বার্থ নোহোৱাকৈ
ভাল পাব, আৰু প্রয়োজন নোহোৱাকৈ খবৰ ল’ব।

৫৬
আমি মধ্যবিত্ত, নিজৰ সপোনটো ভাঙি, আনৰ সপোনবোৰ
সজোৱাৰ চেষ্টাৰেই পাৰ হয় আমাৰ জীৱন।

৫৭/
আপোন হ’বলৈ কোনো তেজৰ সম্পর্ক নালাগে,
দুখৰ সময়ত যিজন আপোনাৰ কাষত থাকে সেইজনেই প্রকৃত আপোন।

Related Searce: Assamese SMS 2024, SMS Assamese, Love SMS 2024

1 thought on “Assamese SMS 2024”

Leave a comment