Smile Quotes In Assamese

breakingpoint.in

Smile Quotes In Assamese

বন্ধু-বান্ধৱী সকল আজি আমি এই আর্টিকেলটোত কেইটামান Smile Quotes In Assamese লিখিম, আশা কৰোঁ এই Smile Quotes In Assamese সমূহ আপোনালোকৰ ভাল লাগিব। যদি এই Smile Quotes In Assamese সমূহ ভাল লাগে তেনেহলে এটা কমেন্ট কৰিব।

(১)
মোৰ মৌনতাৰ আঁৰত লুকাই আছে
হেজাৰ প্ৰশ্নৰ উত্তৰ কিন্তু উত্তৰ দিবলৈ
বিচাৰি পোৱা নাই যোগ্য ব্যক্তি।

(২)
ইমানো সহজ নহয় নিজৰ ইচ্ছামতে জীৱন জীয়াই থকাটো,
আপোন মানুহবোৰেও হিংসা কৰে যেতিয়া
আমি নিজৰ বাবে জীয়াই থাকিবলৈ লওঁ।

(৩)
আমি এনে এখন সমাজত বসবাস কৰো
য’ত বিপদত পৰিলে কোনো ওলাই নাহে কিন্তু
ভুল কৰিলে সমালোচনা কৰিবলৈ মানুহৰ লাইন লাগি যায়৷

(৪)
জীৱনটোত কাৰোবাৰ বাবে প্ৰেৰণাৰ উৎস হওঁক।
কাৰো হৃদয়ত কেতিয়াও আঘাত নিদিব।
ভগৱান তাতেই সন্তুষ্ট !

(৫)
পোৱা-নোপোৱাৰ হিচাপ মোক নালাগে অ’…
মাথোঁ তোমাৰ অনুভৱতেই অনুৰাগী মই-

(৬)
আজি দুখত আছা, কাইলৈ সুখও পাবা.. কিন্তু..?
জানি শুনি যদি কাৰোবাক দুখ দিছা..
তেন্ত্রে তুমি সুখৰ আশা নকৰিবা …!!

(৭)
ধুনীয়া দেখা জনক সদায় ভাল নালাগিব পাৰে।
কিন্তু ভাল লগা জনক সদায় ধুনীয়া লাগে।

(৮)
পৃথিৱীত সত্য বুলি এটাই বস্তু আছে
সেয়াই হৈছে “মৃত্যু”

(৯)
জীৱনৰ আটাইতকৈ ‘ডাঙৰ পৰাজয়’ তেতিয়াই হয়,
যেতিয়া নিজে ‘সত্য’ত থাকিও ‘মিছলীয়া’ৰ সন্মুখত মূৰ তল কৰে।

(১০)
সকলোৰে পৰিয়ালৰত কাজিয়া হয়,
কিন্তু পৰিয়ালৰ পৰা বিচ্ছেদ হোৱাৰ কথা ভাবিব নালাগে কাৰণ..
গছৰ পৰা সৰি পৰা পাতৰ কোনো value নাথাকে।

(১১)
অজানিতে কৰা ভুল সোনকালেই পাহৰিব পাৰি কিন্তু,
জানি বুজি কোনোবাই যদি ভুল কৰে সেয়া কেতিয়াও পাহৰিব নোৱাৰি।

(১২)
দুখবোৰ আঁতৰ কৰিবলৈ ব্যস্ততাৰ লগত
সম্পর্ক স্থাপন কৰাটো মহৎ উপায় !

(১৩)
তেওঁহে প্রকৃত আপোন যিয়ে কেতিয়াও আপোনাক লৈ ভাগৰি নপৰে!
বৰঞ্চ তেওঁ কঠিন সময়তো সাহস হৈ থিয় দিব আপোনাৰ কাষত।

(১৪)
ভালতকৈ ভাল বিচাৰি মানুহে
আচলতে ভালবোৰকে হেৰুৱাই পেলায়।

(১৫)
টকা-পইচাকৈও সময় গুৰুত্বপূৰ্ণ।
কাৰণ আপুনি ইচ্ছা কৰিলে বৃদ্ধবয়সতো টকা-পইচা ঘটিব পাৰে,
কিন্তু আপুনি ইচ্ছা কৰিলে বা বিচাৰিলেও সময় বঢ়াই ল’ব নোৱাৰে।

(১৬)
ধনী হৈ কি লাভ যদি বিপদৰ সময়ত আনক সহায় কৰিব নোৱাৰা,
ধুনীয়া হৈ কি লাভ যদি মনটোৱেই লেতেৰা হয়,
শিক্ষিত হৈ কি লাভ যদি ব্যৱহাৰেই ভাল নহয়,

(১৭)
অলপ নিজকে সময় দিছোঁ অকলশৰে থাকিব শিকি লৈছোঁ,
নিজৰ মাজত নিজকে বিচাৰিবলৈ চেষ্টা কৰিছোঁ নিজে বুজিবলৈ চেষ্টা কৰিছোঁ
যে বিচাৰিলেই সকলো পোৱা নাযায়।

(১৮)
জীৱনটোৱে ইমান কষ্ট দিয়ে! তথাপিওঁ মনত বহুত আশা থাকে,
মনটোৱে কয় একো নহয় চেষ্টা কৰি আগুৱাই যা,
এদিন নহয় এদিন সফল হব পাৰিবি৷

(১৯)
ভালপোৱা মানে অকল দেহৰ বা ৰূপৰ আকৰ্ষণ নহয়,
ভালপোৱা মানে সন্মান, শ্রদ্ধা, বিশ্বাস আৰু ভৰষা..।

(২০)
আপোন সেইজনেই
যিয়ে তোমাৰ অভাৱ, দুখ-কষ্ট, বেয়া গুণ,
দুৰ্বলতা বোৰ জনাৰ পিছতো তোমাৰ লগত থাকে।

Smile Quotes In Assamese

(২১)
প্ৰেমত ময়ো পৰিছিলো কিন্তু ভবাৰ দৰে তেওঁ নাছিল..
কেতিয়াবা বহুত বেয়া লাগিছিল কিন্তু ক’ব পৰা নাছিলোঁ বাদ দিলোঁ
এতিয়া য’ত মনেই মিলা নাছিল তাত ভবিষ্যত ক’ত মিলিব।

(২২)
ভাল লগা বস্তুবোৰ বেজি দিন নাথাকে,.,.
হয়তো সলনি হৈ যায় নহলে হেৰাই যায়,
নহলে আন কাৰোবাৰ হৈ যায়।

(২৩)
সকলো কথাৰ উত্তৰ দিব নালাগে,
কিছুমান কথা সময়ৰ কাৰণে মনত ৰাখি থব লাগে।

(২৪)
ঘৈনিয়েকক সম্মান দিব নোৱাৰিলে বিয়া নাপাতিব।
ছোৱালী এজনীয়ে মা’ দেউতাক সকলোকে
এৰি অকল ভাতৰ বাবে তোমাৰ ঘৰলৈ নাহে।
অকণমান মৰম আৰু সন্মান পাবলৈও আহে।

(২৫)
কাৰোবাক ভাল পালেই তোমাৰ হৈ নাযায়,
যিদিনা শিৰত সেন্দুৰ দি নিজৰ কৰিবা,
সেইদিনা ক’বা তাই মোৰ বুলি।

(২৬)
কেতিয়াও ভবাই নাছিলোঁ আমাৰ সম্পৰ্কতো ইমান সোনকালে শেষ হ’ব বুলি…
লগ পাওঁতেতো এনেকোৱা লাগিছিল যেন চিৰদিন লগত থাকিবা।

(২৭)
স্বার্থ শেষ হলে অজুহাত উলিয়াই সম্পৰ্ক শেষ কৰিব চেষ্টা কৰা
মানুহৰ বাবে এতিয়া আনকো বিশ্বাস কৰিব টান হয…

(২৮)
অহংকাৰী নহয় কিন্তু কাৰোবাৰ আঙুলিৰ মূৰত ধৰি উঠা বহা কৰিব
নোৱাৰোঁ লাগিলে যিমানেই যি নকওঁক আনৰ দৰে
নিজৰ বিবেকক বন্ধকত থব নোৱাৰোঁ..।

(২৯)
“মা” অহা জনমত আকৌ আহিম তোৰ কোলাতেই জন্ম লম,
তোৰ হাতেৰেই ভাত খাম অ’ মা…।

(৩০)
সমস্যা মোৰ এটাই….
বেলেগৰ আগত কান্দিব নোৱাৰোঁ,
আৰু নিজানত অকলে হাঁহিব নোৱাৰো।

Also Read.
> 300+ Breakup Shayari Assamese
> (100) Alone Quotes In Assamese
> Assamese Quotes On Time

(৩১)
গভীৰ নিশা যেতিয়া চকুৰ পানী নিগৰি দুগাল পাই মোক তেতিয়া
সেই চকু যোৰে বৰ কৈ শুধে যে এনে কি ভুল কৰিছিলোঁ যাৰ
বাবে মই সদায় তিতিব লগা হয়।

(৩২)
বহুত বিশ্বাসত মৰমৰ আপোন জনক এৰি থৈ কৰ্মত প্ৰায়ে ওলায় যাওঁ
কিন্তু পাছত দেখা পাওঁ তেওঁৰ দেখোন মোৰ প্রতি শ্রদ্ধায়েই নাই।
কাৰণ মাজত যে আন কোনোবা সোমাই পৰিল।

(৩৩)
চলিব পৰাকে সৰুকৈ কিবা সংস্থাপন হ’লেই
যেন সকলো সমস্যাৰ সমাধান ওলাব,
প্রতিজন মধ্যবিত্ত পৰিয়ালৰ সন্তানৰ এটা আশা।

(৩৪)
কিছুমান কথা
কিছুমান সময়,
কিছুমান স্মৃতি আৰু
কিছুমান মানুহ পাহৰিব খুজিও পাহৰিব নোৱাৰি।
কাৰণ সেই কথা, সময়, স্মৃতিবোৰ মানুহজনৰ
জীৱনত বহুত গভীৰ ভাবে জৰিত হৈ থাকে।

(৩৫)
আজিৰ এই পৃথিৱীত কোনো কাৰো আপোন নহয়
মাথোঁ দুদিনৰ চিনাকি দুদিনৰ পৰিচয় দুদিনৰ লগ আৰু
মাথোঁ দুদিনৰ কিছু ভাল লগা সময়।

(৩৬)
মানুহৰ অভিনয় বৰ ভয়ানক মায়া
ভৰা মুখ খন দেখিলে বুজিয়ে নাপায়
যে তাতো বিশ্বাসঘাটকতা আছে।

(৩৭)
নিজকে কৰোবাত হেৰুৱাই পেলালো
নিজেই নিজক মিছা সান্তনা দিওঁতে দিওঁতে,
অনুভৱবোৰে কয় মই জীয়াই আছোঁ
নে নাই সেয়াও অনিশ্চিত….।

(৩৮)
কাৰোবাক পোৱাৰ আশাত থাকিব নালাগে, কাৰণ
আজি কালিৰ মানুহ বোৰ সকলো স্বাৰ্থপৰ নিজক চিনি পায়।

(৩৯)
বিবাহিত জীৱনত সুখী হ’বলৈ বহু টকা পইছা নালাগে;
লাগে মাথোঁ শান্তি, মৰম আৰু
অকণমান বুজাবুজি !

(৪০)
ক’ব লগা বহু কথা হৃদয়তে থাকি
গ’ল দিঠক নোহোৱালৈকে বহু সপোেন ভাঙি গ’ল
এটি সম্পৰ্কৰ কুঁহিপাত ওলাইছিল
হে মাথোঁ নাজানো কাৰ ভুলত কলিতে মৰহি গ’ল…

(৪১)
লগাত কৈ কাকো বেছি বিশ্বাসত নলবা, কাৰণ
বেছি আপোন বুলি ভৱা মানুহ বোৰে
এদিন বহুত বেয়া কৈ দুখ দিৰ পাৰে।

(৪২)
আনক কন্দুৱাই কিমান দিন সুখত থাকিবা
তাৰ ফল এদিন নিজেও ভুগিবা,
আৰু তেতিয়া বুজিবা যে কিমান কষ্ট সেইখিনি সময়।

(৪৩)
সহজতে মানুহক বেয়া নাপাওঁ
কিন্তু এবাৰ পাব আৰম্ভ কৰিলে
সেই মানুহজন মোৰ বাবে
চিৰদিনৰ বাবে অচিনাকী হৈ পৰে।

(৪৪)
সঁচাকৈ তুমি মোক পাহৰি যাবা
মই যদি তোমাক মনত পেলাই নিদো যে কোনো বা আছে
তোমাৰ বাবে অপেক্ষা কৰি।

(৪৫)
যাৰ কথা ভাবি এদিন মনটো ভাল লাগিছিল
এতিয়া তেওঁ কথা মনত পৰিলে কেৱল চকু পানী হে উলাই।

(৪৬)
নিজেই নিজৰ লগত ব্যস্ত হৈ পৰক,
চাব আপোনাক পাহৰি যোৱা মানুহ বোৰক
এদিন আপোনিও পাহৰিব পাৰিব।

(৪৭)
কিছুমান মানুহে আনৰ বিপদ হ’লে “পাপৰ ফল” আৰু
নিজৰ বিপদ হ’লে “সৃষ্টিকৰ্তাৰ পৰীক্ষা” বুলি ভাৱে।

(৪৮)
মানুহৰ উন্নতি আৰু ধ্বংসৰ আৰত প্রায়
আপোন মানুহবোৰে থাকে।

(৪৯)
অপ্রিয় সত্য
বর্তমান সময়ত টকা-পইচা থাকিলে
সমাজে মূর্খকো জ্ঞানী সজায়।

(৫০)
সকলোতকৈ ভৰষা কৰা মানুহজনেই শেষত বিশ্বাসঘাটকতা কৰে,
আজিৰ কথা নহয়, সেই মহাভাৰতৰ দিনৰে কথা।

Smile Quotes In Assamese

(৫১)
সময়ৰ লগে লগে এদিন সকলো শেষ হৈ পৰে
অধিক ভালপোৱাবোৰ,
অধিক বিশ্বাসবোৰ,
অধিক মৰমবোৰো,

(৫২)
তোমাক ন জিয়ে ভাল পাই তেওঁ কেতিয়াও এৰি নাজায়।
এৰি যায় তেওঁ জিযে মাথোঁ ভাল পোৱাৰ অভিনয় হে কৰে।

(৫৩)
আজিৰ পৰা কাকো বিৰক্তি কৰি নাথাকো…
লাহে লাহে বুজি পালোঁ যে,
খুজি খুজি গুৰুত্ব লোৱাতকৈ অকলে থকাই বহুত ভাল।

(৫৪)
কোনোবাই মূল্য দিয়ক বা নিদিয়ক
তুমি সৎ কর্ম কৰি যোৱা, কাৰণ ইয়াৰ প্ৰতিদান
মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব।

(৫৫)
এই চাৰিটা কথাত কেতিয়াও লাজ নকৰিব –
সাধাৰণ জীৱন যাপন
পুৰণা কাপোৰ
বৃদ্ধ মা-দেউতা
দুখীয়া বন্ধু

(৫৬)
“পৃথিবীত” কেৱল এজনেই মানুহ আছে,
যিয়ে নিজতকৈ বেছি উজ্জ্বল ভৱিষ্যত
নিজৰ সন্তানৰ হোৱাটো বিচাৰে।
সেইজনেই হৈছে “দেউতা”।

(৫৭)
আপোন বুলি কোনো নাই
সকলো বোৰেই স্বাৰ্থপৰ সকলোৱেই কিবা নহয়
কিবা এটা স্বার্থলৈহে আপোন হোৱাৰ অভিনয় কৰে !

(৫৮)
মই ভাল বুলি এতিয়া আৰু কাকোৱেই প্রমাণ দিব নায়াওঁ,
কাৰণ মই কেনেকুৱা সেইয়া ভগবানে জানে গতিকে
আনক আৰু বুজাব নায়াওঁ.!!

(৫৯)
যদি মোক ভাল পোৱা সদায় মোক সাহস দি জাবা,
মিছাতে ভাল পোৱাৰ অভিনয় কৰি আধাতে
এৰি মোৰ জীৱন টো আধৰুৱা কৰিথৈ নাজাবা।

(৬০)
নিজকে এনেকুৱা কৈ সলনি কৰি লম,
যেনেকৈ আগতে আছিলোঁ
সেই আগৰ জনক বিচাৰি ফুৰিব কিন্তু নাপাব।

(৬১)
ভালপোরা মানে অকল দেহৰ বা ৰূপৰ আকর্ষণ নহয়,
ভালপোৱা মানে সন্মান, শ্রদ্ধা,
বিশ্বাস আৰু ভৰষা..।।

(৬২)
এটা সুখী জীৱনৰ বাবে ভাল ঘৰ থকাটো জৰুৰী নহয়
ঘৰৰ ভাল পৰিৱেশ থকাটোহে প্রয়োজন।

(৬৩)
জীৱনত সকলো বস্তুৰ অভাৱ হ’লেও,
চিন্তা আৰু দুখৰ কেতিয়াও অভাৱ নহয়…।

(৬৪)
চিন্তাই ৰাতি দেৰিলৈকে জগাই ৰাখে,
আৰু দায়িত্বই ৰাতিপুৱা সোনকালে উঠাই দিয়ে।

(৬৫)
সময় যদি ভালে চলি থাকে তেতিয়া শত্রুরেও
আপোন মানুহৰ দৰে ব্যৱহাৰ কৰিব !
আৰু যদি সময় বেয়া চলি থাকে তেতিয়া
আপোন মানুহবোৰো শত্ৰুৰ দৰে ব্যৱহাৰ কৰিব।

(৬৬)
কোনোবাই মূল্য দিয়ক বা নিদিয়ক তুমি সৎ কৰ্ম কৰি যোৱা,
কাৰণ ইয়াৰ প্ৰতিদান মানুহে তোমাক নিদিলেও স্বয়ং ঈশ্বৰে দিব।

(৬৭)
প্রয়োজন নহয় প্রিয়জন আছিলা তুমি,
সেয়ে প্রতিটো আঘাটক হাঁহিমুখে আদৰি লৱ পৰা
সাহস আছিল মনত।

(৬৮)
মানুহে কয় নাৰীৰ কোনো ঘৰ নাই,
কিন্তু পৃথিৱীৰ কোনো এখন ঘৰেই নাৰী অবিহনে অসম্পূর্ণ।
ছাহজাহানে এগৰাকী মমতাজৰ বাবে
এবাৰ তাজমহল বনাইছিল।
কিন্তু পৃথিৱীৰ কোটি কোটি নাৰীয়ে নিজৰ
ঘৰখনক তাজমহলৰ ৰূপ দিব নোৱাৰিলেও মৰমেৰে আৱৰি ৰাখিছে।

(৬৯)
কেতিয়াবা এনেকুৱা হয় যে নিজৰ মনৰ কথাবোৰ
ক’বলৈও কাষত কোনো নাথাকে।

(৭০)
কাৰো বাবে ৰৈ নাথাকিবা আগুৱাই যাবা
কাৰণ কোনো তোমাৰ বাবে ৰৈ নাথাকে সকলো
এদিন নহয় এদিন আতৰি যাবই আৰু
তুমি তোমাক ভালে ৰাখিব লাগিব
সেই বাবেই কাকো বেছি আপোন কৰি নলবা।

(৭১)
জীৱনে যেন এতিয়া একোৱেই বিচাৰিবলৈ অমান্তি ….
কাৰণ মনৰ পৰা বিচৰাবোৰে আতাইতকৈ বেছি চকুপানী উপহাৰ দিয়ে।

(৭২)
জীৱনত দুখ কষ্ট, আঘাতবোৰ আপোন মানুহবোৰেই দিয়ে,
অচিনাকি মানুহবোৰে ভৰিখন লাগিলেও ক্ষমা খোজে।

(৭৩)
শুনিবলৈ বেয়া লাগিলেও এইটোরেই সত্য যে
যেতিয়া মানুহৰ দৰকাৰ হয়
তেতিয়া অচিনাকি জনকো বন্ধু কৰি লয়,
আৰু যেতিয়া দৰকাৰ শেষ হৈ যায়
তেতিয়া বৃহুদিনীয়া পুরণা বন্ধুকে দলিয়াই পেলায়।

(৭৪)
দেউতাৰ সম্পত্তি নথকা সকলেহে জানে উন্নতিৰ
জখলা ডাল বগাবলৈ কিমান সপোন ত্যাগ কৰিব লগা হয়।

(৭৫)
মনৰ কষ্ট আৰু চকুপানী কাকো দেখুৱাব নালাগে,
নিজৰ জীৱন সুখৰ নহলেও কাকো কব নালাগে,
কাৰণ ভাগ ল’বলৈ কোনেও নাহে।

(৭৬)
আপোনজনক এৰি যোৱাসকলে অকল সংগ এৰিয়েই নাযায়
লগত লৈ যায় আপোনজনৰ সুখ-শান্তি, নিশাৰ টোপনি…।

(৭৭)
সুন্দৰ হাঁহিবোৰৰ অন্তৰালত,
প্ৰায়ে বহুত গভীৰ দুখ লুকাই থাকে…!

(৭৮)
যদি আপুনি কাৰোবাক দুখ দি সুখী হব বুলি ভাবিছে
ভুল ভাবিছে কাৰণ কাৰোবাক দুখ দি
আজিলৈ কোনো সুখী হোৱা মানুহ দেখা নাই।

(৭৯)
গোটেই শৰীৰ কপি উঠে,
যেতিয়া মা’য়ে কয়,
ৰ’হ মই যেতিয়া নাথাকিম তেতিয়াহে গম পাৰি..!

(৮০)
কেতিয়াও ভবাই নাছিলো আমাৰ সম্পর্কটো ইমান সোনকালে শেষ হ’ব বুলি,
লগ পোৱাৰ সময়তটো এনে লাগিছিল যেন চিৰদিন লগত থাকিবা…।

(৮১)
পার্থক্য ইমানেই, কোনোবাই পাইও অবহেলা কৰি আছে,
আৰু কোনোবাই” নাপাওঁ” বুলি জানিও অপেক্ষা কৰি আছে..!

(৮২)
বৰষুণ শেষ হোৱাৰ পাছত যি দৰে
মানুহে নিজৰ ছাতিটোও ল’ব পাহৰি যায়
থিক তেনেদৰেই স্বার্থ পূৰণ হ’লে আজিকালি মানুহে
আপোন জনকো পাহৰি যায়।

(৮৩)
ভালপোৱাৰ ক্ষমতা সকলোৰে থাকিলেও
মন বুজাৰ ক্ষমতা সকলোৰে নাথাকে
কিছুমান মানুহ ইমানেই হাঁহি- স্ফূৰ্তিৰে থাকে
যে তেওঁলোকৰ আচৰণত আপুনি বুজিবই নোৱাৰিব
তেওঁলোেক আচলতে কিমান কষ্ট লৈ জীয়াই আছে।

(৮৪)
মোক দিয়া কষ্ট খিনি যেতিয়া বেলেগ এজনে তোমাক দিব..
সেইদিনা তুমি বুজি পাবা….
কিমান সহ্য কৰি হ’লেও সম্পৰ্কটো জীয়াই ৰাখিব বিচাৰিছিলো…?

(৮৫)
ভাবিছিলো জীৱনত যিটো হয় দেখা যাব কিন্তু
এতিয়া যিটো হৈ আছে সহিব নোৱাৰা হৈছোঁ..!

(৮৬)
কাৰোবাক এনেকৈ ভালপোৱা যে, তেওঁ তোমাৰ পৰা
আঁতৰি আনৰ হোৱাৰ পাছতো তোমাক কবলৈ বাধ্য হৈ যে…
হয় তোৰ নিচিনাকৈ মোক কোনেও ভাল পাব নোৱাৰে।

(৮৭)
জীৱনটোত এনেকুৱা ভালপোৱা বিচাৰো,
য’ত প্ৰতিদিনে আৰম্ভণি হয়,
শেষ কেতিয়াও নহয়।

(৮৮)
তুমি যিদৰে আছা তেনেদৰেই যথেষ্ট,
তুমি এখিলা উকা কাগজ হৈ আহিলেও কোনো কথা নাই,
তাত শব্দৰে মালা গাথা দায়িত্ব মোৰ।

(৮৯)
একপক্ষীয় ভালপোৱাৰ অনুভৱবোৰ সঁচাই বহু বেলেগ,
য’ত কেৱল সেই বিশেষ জনকহে বিচাৰি পোৱা যায়।

(৯০)
কেতিয়াবা আকৌ লগ পাম দিয়া,
চিনাকি কাহিনীত অচিনাকী হৈ,
লগত কিছুমান পুৰণি স্মৃতি লৈ।

(৯১)
জীৱনৰ কঠিন সময়ত আটাইতকৈ
প্রয়োজনীয় বস্তুটোৱেই হ’ল ধৈর্য্য !

(৯২)
তুমি বিহীন জীৱনত…
তোমাৰ এটি ভাল লগা অনুভৱেই যথেষ্ট।

(৯৩)
মোৰ অনুভৱবোৰৰ আঁৰৰ
বিশেষ মানুহ গৰাকীয়ে হ’লা তুমি।

(৯৪)
সপোনবোৰ এদিন দিঠক হ’ব আৰু তুমি মোৰ হ’বা,
প্রতিপল প্রতিক্ষণে মই মাথোঁ তোমাৰ হ’ব
বিচাৰো জনমে-জনমে।

(৯৫)
তুমি যোৱা বাটত, তোমাৰ উভতি খোজৰ
অপেক্ষাত আজিও ঠিকনা হীন মোৰ মন।

(৯৬)
কপালত যদি সুখ নাথাকে,
জোৰ কৰি সুখ অনা অসম্ভব।

(৯৭)
তোমাৰ সহাঁৰি পোৱা হয় জীৱনটো সহজ হৈ পৰিল হেঁতেন,
এতিয়া মোৰ বাবে জীৱন মানে নুবুজা এটি সাঁথৰ।

(৯৮)
টকাৰ প্ৰয়োজন নাই,
মাত্ৰ এজন প্ৰকৃত আৰু
নিষ্ঠাবান ব্যক্তি কাষত থাকিলেই হ’ল,
আজীৱন সুখী থাকিব পাৰিম।

(৯৯)
কালি যি হৈ গ’ল সেইয়া পাহৰিবলৈ সাহস লাগিব,
আজিৰ সৈতে যুঁজিবলৈ শক্তি লাগিব,
কালিলৈ যি হ’ব সকলো ভালে হ’ব, বুলি ভাবিবলৈ ভৰষা লাগিব!

(১০০)
পোৱা-নোপোৱাৰ হিচাপ মোক নালাগে অ’…
মাথোঁ তোমাৰ অনুভৱতেই অনুৰাগী মই।

(১০১)
তুমি আছা বাবে সপোনৰ পৰিধিয়ে পাৰ পাই দিঠকৰ,
তোমাৰ বাবে হেপাঁহে সাৰ পাই মৰমৰ, থাকিম দুইও,
দুয়োটে বিলীন হৈ, এনেদৰে প্ৰেমৰ নৈ, আজীৱন যাব বৈ,

(১০২)
থাকিব পাৰে এই পৃথিৱীত তোমাতকৈ বহুত ধুনীয়া,
কিন্তু মোৰ বাবে সকলোতকৈ বিশেষ হৈছা তুমি।

(১০৩)
বিশ্বাসটো এজনেই ভাঙে,
কিন্তু ঘৃণা সকলোৰে ওপৰত আহি যায়।

(১০৪)
নিজৰ অৰ্হতা অনুসৰি হে কাৰোবাৰ লগত সম্পর্ক গঢ়িব লাগে,
নহ’বা সকলোতে চোন গুৰুত্বহীন হ’ব লাগে।

(১০৫)
বহুত বেছি একো নালাগে,
তোমাৰ মৰমেই মোৰ বাবে যথেষ্ট,
সুখী হ’বলৈ বেলেগ কাকো নালাগে,
তুমিয়েই মোৰ বাবে শ্রেষ্ঠ।

(১০৬)
মই স্বাৰ্থপৰ বা অহংকাৰী নহয়,
মাথোঁ সেইবোৰৰ মানুহৰ পৰা আঁতৰি থাকো
যাৰ ওচৰত মোৰ কোনো মূল্য নাই।

(১০৭)
মা’য়ে ৯ মাহ গৰ্ভত ৰাখে,
কিন্তু দেউতাই গোটেই জীৱন সন্তানৰ ভৱিষ্যত চিন্তা কৰে!
মা-দেউতাৰ বাবে ভাল লগা এটা কমেন্ট কৰক !

(১০৮)
গৰীৱ হৈ থাকিলে কোনেও গুৰুত্ব নিদিয়ে কষ্ট কৰিলে
সকলোয়ে হাঁহে সফল হলে সকলোেয়ে জ্বলে এয়াই মানুহৰ স্বভাৱ।

(১০৯)
মানুহৰ সকলো কথা যদি মানি লোৱা তেতিয়া
তুমি সকলোৰে ওচৰত বহুত ভাল হবা,
আৰু যদি উচিত কথা কোৱা তেতিয়া
সকলো মানুহৰ ওচৰত তুমি বেয়া হবা….।

(১১০)
জীৱনত আপোন মানুহ বহুত পালোঁ কিন্তু
যেতিয়া পিছফালে ঘুৰি চালো নিজৰ
ছাঁ টোৰ বাহিৰে কাকো বিচাৰি নাপালোঁ।

(১১১)
চাকৰিটো হৈ গ’লে দেউতাকক আৰু
কাম কৰিব নিদিওঁ এনেকুৱা সপোন লৈ জীয়াই আছে
হাজাৰো পৰিয়ালৰ সন্তান !

(১১২)
ঘৰৰ পৰা কৰোবাত যোৱাৰ সময়ত পিছে পিছে
আগবাঢ়ি থব অহা মানুহজনৰ নাম কোনে কোনে ক’ব পাৰিবা ?
যদি ক’ব পাৰে কমেন্ট কৰিব।

(১১৩)
আপুনি কাৰোবাৰ বাবে কিমান কি কৰিছে
সেইয়া কোনেও দেখি নাপায়
কিন্তু যিটো আপুনি কৰিব পৰা নাই
সেইটোহে সকলোৱে মনত ৰাখি থয়।

(১১৪)
জীৱনত এই পাঁচটা বস্তু বিচাৰি পোৱাটো বহুত কঠিন..
নিজৰ মনৰ নিচিনা এজন মানুহ,
সুন্দৰ এটা মন,
দুখৰ ভাগীদাৰ,
নিস্বার্থ ভালপোৱা,
বিশ্বাসী মানুহ,

(১১৫)
পাৰ হৈ যোৱা দিনবোৰলৈ
কেতিয়াবা বৰকৈ মনত পৰে,
আকৌ যদি ঘুৰি যাব পাৰিলো
হেঁতেন বহুত হেৰাই যোৱা
বস্তু ও ঘুৰাই পালোঁ হেঁতেন ৷

(১১৬)
জীৱনলৈ আহা বেছিভাগ মানুহে শিকাই থৈ যায়…
সহজতে যাতে কাৰোবাক বিশ্বাস কৰিব নালাগে।

(১১৭)
মূৰ্খ লোকৰ কাৰণে সমাজ নষ্ট নহয়,
সমাজ নষ্ট হয় শিক্ষিত লোকৰ মূৰ্খ স্বভাৱৰ কাৰণে…।

(১১৮)
সকলোৱে মৃত্যুৰ দৰে এটা ডাঙৰ সত্য পাহৰি
যদি জীৱনৰ ৰং বিচাৰি ফুৰিব পাৰিছোঁ,
তেন্তে পুৰণি কথাবোৰ পাহৰি আমি
কিয় জীৱনটোত আগুৱাব নোৱাৰিম ?

(১১৯)
এটা কথা সঁচা যেনে তেনে, দিন টো পাৰ হৈ যায়
কিন্তু ৰাতি তোমালৈ বহুত, মনত পৰে…!!

(১২০)
সময় থাকোঁতেই গুৰুত্ব দিবলৈ শিকি লোৱা,
কাৰণ না জীৱনটো ঘূৰাই পোৱা যায়
না জীৱনলৈ অহা বিশেষ মানুহবোৰ।

(১২১)
আইনা এখন যেনেকৈ ভাঙিলে যোৰা লগাব নোৱাৰি,
ঠিক তেনেকৈ মানুহৰ লগত কৰা বিশ্বাস যদি এবাৰ ভাঙি যায়
দ্বিতীয় বাৰ আৰু কেতিয়াও বিশ্বাস কৰিব নোৱাৰি।

(১২২)
আজি পাহৰি গ’ল সেইজন মানুহে যিজন মানুহে,
এটা সময়ত মোেক কৈছিল যে মই তোমাৰ অবিহনে থাকিব নোৱাৰোঁ।

(১২৩)
প্রয়োজনত মিঠা মিঠা মাত দিব আৰু
শেষত কথাৰ সুৰ সলনি কৰিব আজিৰ দিনৰ মানুহৰ এইয়াই স্বভাৱ।

(১২৪)
নিম পাতত যিমানেই চেনি নিদিওক কিয়,
কেতিয়াও মিঠা নহয় !
একেদৰে কিছুমান মানুহক যিমানেই মৰম নিদিওক কিয়,
তেওঁলোক কেতিয়াও আপোনাৰ নহয় !

(১২৫)
ভাল দিনৰ অপেক্ষাত বয়স পাৰ হৈ গল,
এতিয়া অনুভৱ কৰিছো
যে এৰি অহা দিন বোৰ ভাল আছিল।

(১২৬)
নুসুধিবা মই কিয় সলনি হ’লো পাৰিলে নিজক সুধিবা,
কি কৰিলা মোৰ লগত।

(১২৭)
মুহূৰ্ত যদি কিনিব পৰা গ’ল হৈ,
তেনেহলে টকা জমা কৰি কিছুমান
মুহূর্ত বাৰে বাৰে কিনিলো হয়।

(১২৮)
যেতিয়া কাৰোবাৰ প্ৰতি ভালপোৱা বেছি হৈ যায়,
তেতিয়া সেই ভালপোৱাই সুখতকৈ কষ্ট বেছি দিয়ে।

(১২৯)
নাছিল আমাৰ পৰিচয় নাছিল
আমাৰ চিনাকী তথাপিও আজি
তেওঁ হে মোৰ বেছি প্রিয়।

(১৩০)
ধৈর্য ধৰা !
সকলোৰে সময় চিৰদিন একেই নাথাকে।
আজি তোমাৰ বেয়া দিন চলি আছে,
এদিন তোমাৰো নিশ্চয় ভাল দিন আহিব।
মাথোঁ তুমি কৰ্ম কৰি যোৱা।

(১৩১)
মানুহে তোমাৰ বিষয়ে ভাল বেয়া
কিবা কলেও সেইবোৰত গুৰুত্ব নিদিবা,
কাৰণ আজিকালি মানুহৰৰ চকুত
মৃত্যুৰ আগমুহূৰ্তলৈকে মানুহ বেয়াই হৈ থাকে।

(১৩২)
ঈশ্বৰৰ পৰা কিবা বিচাৰিব লগা হ’লে,
মা-দেউতাৰ বাবে দীঘল আয়ুস বিচাৰিব,
কাৰণ মা-দেউতাতকৈ বেছি মৰম
এই পৃথিৱীত আৰু কোনেও দিব নোৱাৰে।

(১৩৩)
আজি মৰিলে কাইলৈ সকলোৱে পাহৰি যাব কিহৰ প্ৰেম,
কিহৰ ভালপোৱা, সকলো বেকাৰ।
হয় নে কথাটো ?

(১৩৪)
এদিন তেওঁ নিজেই ক’ব,
সঁচা ভাল পাইছিল তেওঁ মোক কিন্তু
মই হে তেওঁৰ ভালপোৱাক গুৰুত্ব নিদিলো।

(১৩৫)
কষ্ট মানুহৰ জীৱনত সদায় নাথাকে,
কিন্তু কষ্টৰ সময়ত আনে কৰা
ব্যৱহাৰবোৰ চিৰজীৱন মনত থাকি যায়।

(১৩৬)
অনুভৱে কয় যে তুমি কেৱল মোৰ কিন্তু
তুমি কৰা অৱহেলা বোৰে বাৰে বাৰে বুজাই দিয়ে যে
তুমি মোৰ কাষত থকাৰ পাছতো মোৰ নহয়।

(১৩৭)
কাৰোবাক যিমানেই কাষৰ পৰা
চিনি নোলোৱা কিয় সকলো কথা,
মন খুলি নক’বা মনত ৰাখিবা,
এই পৃথিৱীত বিশ্বাসৰ মূল্য কোনেও নিদিয়ে।

(১৩৮)
সৰু কালতে টকা পইচা হাতত নাছিল
যদিও জীৱনটো কিন্তু সুখৰ আছিল।

(১৩৯)
সময় পালে অলপ ভাৱি চাবা তোমাক নাপাব বুলি জানিও
যিজন মানুহে তোমাক ইমান ভাল পায়,
তেন্তে তোমাক পাই গ’লে কিমান ভালপাব।

(১৪০)
ভাল দিনৰ অপেক্ষাত বয়স পাৰ হৈ গল,
এতিয়া অনুভৱ কৰিছো যে
এৰি অহা দিন বোৰ ভাল আছিল।

(১৪১)
নুসুধিবা মই কিয় সলনি হ’লো পাৰিলে নিজক সুধিবা,
কি কৰিলা মোৰ লগত।

(১৪২)
মুহূৰ্ত যদি কিনিব পৰা গ’ল হৈ,
তেনেহলে টকা জমা কৰি
কিছুমান মুহূর্ত বাৰে বাৰে কিনিলো হয়।

(১৪৩)
যেতিয়া কাৰোবাৰ প্ৰতি ভালপোৱা বেছি হৈ যায়,
তেতিয়া সেই ভালপোৱাই সুখতকৈ কষ্ট বেছি দিয়ে।

(১৪৪)
নাছিল আমাৰ পৰিচয় নাছিল
আমাৰ চিনাকী তথাপিও আজি
তেওঁ হে মোৰ বেছি প্রিয়।

(১৪৫)
চিন্তা নকৰিবা, জোৰ নকৰো তোমাক,
মোৰ লগত কথা পাতিবলৈ…
তোমাৰ মন থকা হ’লে নিজেই কথা পাতিলা হয়…!

(১৪৬)
পৃথিৱীত কোনো বিচ্ছেদ দুজন মানুহৰ সন্মতিত নহয়;
এজনে তেওঁৰ সুবিধা মতে গুচি যায়
আনজনে সেই সিদ্ধান্ত মানি ল’বলৈ বাধ্য হৈ যায়

(১৪৭)
বহুত জনৰ মাজত মই মাথোঁ, তোমাকহে বিচাৰোঁ।
তোমাৰ বাহিৰে মোৰ আন কাকোকেই ভাল নালাগে..!

(১৪৮)
বহুত ভাল পাওঁ তোমাক
তোমাৰ খং অভিমান সকলোবোৰ সহ্য কৰিব পাৰিম
কিন্তু কথা নপতাকৈ থাকিব নোৱাৰো..।

(১৪৯)
মোৰ হৃদয়খন শিল নহয় মইও কষ্ট অনুভৱ কৰো
কেৱল কষ্টবোৰ কাকো প্ৰকাশ কৰিব নোৱাৰো।

(১৫০)
“মা-দেউতাৰ”
গালিবোৰ শুনিৱলৈ তিতা-কেহাঁ লাগিলেও
ইয়াৰ গুণ কিন্তু বহুত আছে,
কাৰণ সূৰ্য্য মাৰ গ’লে পৃথিৱী অন্ধকাৰ আৰু
মা-দেউতা গুছি গ’লে জীৱন অন্ধকাৰ।
মিছ ইউ মা দেউতা

(১৫১)
ব্যস্ততাৰ সময় খিনিতহে ভালদৰে থাকিব পৰা যায়,
এনে থকা সময়খিনিত দেখোন চিন্তা বোৰে
মনটোক জুৰুলা কৰি পেলায়।

(১৫২)
সচাঁ ভালপোৱা বজাৰত পোৱা বস্তুৰ দৰে নহয়
যে তুমি বিচাৰিলেই পাবা !
সচাঁ ভালপোৱা পাবলৈ হ’লে
তুমি কাৰোবাৰ বিশ্বাসী হ’ব
লাগিব যাতে ভালপোৱা
জনে চকুমুদি তোমাক বিশ্বাস কৰিব পাৰে।

(১৫৩)
তোমাক জীৱনত পাই মই বহুত সুখী
আৰু মই তোমাক কথা দিছো
যে জীৱনৰ শেষ মুহূর্ত লৈকে কেৱল
তোমাকে ভাল পাই থাকিম।

(১৫৪)
আচলতে মনে বিচৰা বস্তুবোৰ বা মনে বিচৰা
আপোন জন পাবলৈ ভাগ্য লাগিব আৰু
মোৰ ভাগ্যটো সৰুৰে পৰা বেয়া।

(১৫৫)
মানুহে কয় ছোৱালীৰ কোনো ঘৰ নাথাকে,
কিন্তু সত্য কথা এইটো যে ছোৱালী অবিহনে কোনো
এখন ঘৰ সম্পূৰ্ণ হব নোৱাৰে।

(১৫৬)
জীৱনত এবাৰ ভাল পাবৰ লাগে,
কিন্তু সেই যন মনৰ মানুজন টো’ত পাবৰ লাগি না,
মোৰ জীৱনত তেনে কোৱা মানো আজি লৈকে পোৱা এই নাই ।

(১৫৭)
কথা লগাই ফুৰা মানুহৰ পৰা যিমান পৰা দূৰত থাকিবা
কাৰন আজিকালিৰ মানুহে আনৰ সুখ দেখিব নোৱাৰে।

(১৫৮)
নাজানো কিমান ভাল পাওঁ তোমাক কিন্তু
মা-দেউতাৰ পিছত কাৰোবাক যদি স্থান দিছোঁ সেয়া মাথোঁ তুমি।

(১৫৯)
অপ্রিয় হলেও সঁচা
কুকুৰক তিনি দিন খোৱালে তিনি বছৰ মনত ৰাখে কিন্তু
মানুহক তিনি বছৰ খোৱালে তিনি দিনত পাহৰি যায়।

(১৬০)
মই হেৰাই গলেও কোনো কথা নাই,
কাৰণ মোক বিচৰা মানুহ কোনো নাই,
মই কষ্ট পালেও একো চিন্তা নাই,
কাৰণ মোক বুজি পোৱা মানুহ কোনো নাই…।

(১৬১)
প্রকৃত ভালপোৱাত কিবা অদ্ভুত মায়া থাকে!
যাৰ বাবে কষ্ট পালেও এৰা নাযায়,
আৰু মন ভাঙি গলেও ঘৃণা কৰা নাযায়।

(১৬২)
ভাল মানুহ হবলৈ যে ডাঙৰ ডাঙৰ ডিগ্ৰী লব লাগিব
তেনেকোৱা নহয় ভাল মানুহবলৈ মা-দেউতই দিয়া শিক্ষাই যথেষ্ট !

(১৬৩)
সম্পর্ক এটা তেতিয়া আটাইতকৈ মজবুত হয়,
যেতিয়া দুয়োজনেই দুয়োজনক হৃদয়ৰ পৰা বিচাৰে।

(১৬৪)
ভুল হ’লে শাসন কৰিবা কিন্তু আতৰি যাবলৈ চেষ্টা নকৰিবা
কাৰন মোৰ সমান মৰম আৰু ভালপোৱা
তোমাক কোনেও দিব নোৱাৰে !

(১৬৫)
খং কৰিব নালাগে, মই যোৰ নকৰোঁ আৰু কথা পাতিবলৈ,
সঁচাকৈ ভালপোৱা হ’লে তুমি ও বিচাৰিলা
হেঁতেন মোৰ লগত কথা পাতিবলৈ…!

(১৬৬)
এজনে আনজনৰ বাবে জীয়াই থকাটোও জীৱন,
গতিকে সেইজনক সময় দিয়ক
যিজনে আপোনাৰ হৃদয়েৰে ভালপায়….!

(১৬৭)
পৃথিৱীৰ
সকলো বস্তুৱে চিনিব পাৰিবা কিন্তু
মানুহৰ মনক চিনিব নোৱাৰিবা।

(১৬৮)
মোক হিংসা কৰা মানুহক মই বহুত ভাল পাওঁ,
কাৰণ তেওলোকে নিজতকৈ মোৰ কথা বেছি চিন্তা কৰে।

(১৬৯)
জীৱনৰ প্ৰথম কাপোৰখন আনৰ হাতেৰেই পিন্ধিব লগা হয়।
আৰু শেষৰ কাপোেৰখনো আনৰ হাতেৰেই পিন্ধিব লগা হয়।
তেনেহলে এই পৃথিৱীত মানুহৰ কিহৰ ইমান অহংকাৰ।

(১৭০)
মোৰ এটা বেয়া অভ্যাস আছে,
কোনোবাই মোক বহুত আঘাত দিয়াৰ
পছতো অলপ ভাল ব্যৱহাৰ কৰিলে
মোক দিয়া সকলো দুখ পাহৰি যাওঁ।

(১৭১)
জীৱনটো সাগৰৰ দৰে হৈ গ’ল
না সুখ না দুখ অকল চিন্তা আৰু চিন্তা।

(১৭২)
ৰাতিপুৱা নোহোৱা পৰ্যন্ত ফুলেও
নাজানে মন্দিৰত যাব নে স্মশানত,
গতিকে জীৱনটোত যিমান দিন জীয়াই থাকিবা
আনন্দৰে কটোৱা চকুপানীৰে নহয়।

(১৭৩)
মানুহৰ অভিনয় বৰ ভয়ানক মায়া
ভৰা মুখ খন দেখিলে বুজিব নোৱাৰি যে
তাতো বিশ্বাসঘাটকতা আছে।

(১৭৪)
অহংকাৰ কিহক লৈ কৰা ?
মৰি যোৱাৰ পিছত দেখোন
আপোনবোৰেও চুই হাত ধুব।

(১৭৫)
সম্পর্ক এটা জীয়াই ৰখাৰ ইচ্ছা যদি দুয়োফালৰ পৰা সমানে থাকে,
তেন্তে পৃথিৱীৰ কোনো সম্পর্কই ভাঙি নাযায় ।।

(১৭৬)
নাজানো বিধাতাই কি কলমেৰে লিখিলে মোৰ ভাগ্য.
যেতিয়াই মই সুখী হ’বলে চেষ্টা কৰোঁ আকৌ
নতুন এটা সমম্যা আহি দেখা দিয়ে।

(১৭৭)
আজি কালি ৰাতি টোপনি কম,
চকুৰ পানী বেছি আহে অ….।

(১৭৮)
ভাল লাগে যেতিয়া হেজাৰ ব্যস্ততাৰ মাজতো
প্রিয়জনে এবাৰ ফোনত কৰি সুধে কি কৰিছা ভাত খালানে…

(১৭৯)
প্রশ্ন:- প্রেম মানে কি?
উত্তৰ:- প্ৰেম এবিধ লতা জাতীয় উদ্ভিদ যিয়ে অনাই –
বনাই বগাই ফুৰে।

(১৮০)
যাক নিজতকৈও বেছি ভাল পাওঁ তেওঁৱেই মোক বুজি নাপায়,
আনৰ পৰা নো আৰু কি আশ কৰিম ৷৷

(১৮১)
দুখ কৰিম কি বুলি দুখ বুজি পোৱা মানুহেই নাই,
সপোন দেখিবও ভয় লাগে এতিয়া আধাতে এৰি যায়,
বুজি নাপায় মানুহে আধাতে এৰি গ’লে কিমান কষ্ট হয়।

(১৮২)
কিান্দিবলৈ বহুত সহজ,,
কিন্তু দুখ বেদবেদনা মনৰ ভিতৰত লুকুৱাই ৰাখি
হাহি দেখুওৱাব পৰাটো সহসহজ নহয়।

(১৮৩)
আপোন সেইজনক কব পাৰি –
যিয়ে তোমাৰ অভাৱ দুখ-কষ্ট, বেয়া গুণ,
দুর্বলতা বোৰ জনাৰ পাছতো তোমাৰ লগত থাকে !

(১৮৪)
সকলোৰে জীৱনত এনেকুৱা এজন মানুহ থাকে,
যাক পাহৰিবও নোৱাৰি আৰু নিজৰ কৰাৰো অধিকাৰ নাথাকে।

(১৮৫)
‘মা’ আছে মানে গোটেই পৃথিৱীখন আপোনাৰ পক্ষত আছে।
যাৰ মা নাই তেওঁ জানে পৃথিৱীখনত তেওঁ কিমান অসহায়।

(১৮৬)
অকলশৰীয়া তেওঁ নহয় যাৰ প্ৰেমিক-প্ৰেমিকা নাই,
অকলশৰীয়া তেওঁহে যাৰ মা-দেউতা নাই।

(১৮৭)
মা’ৰ ভালপোৱাৰ লগত কেতিয়াও তুলনা নহয়,
মা’ৰ সমান মৰম কোনেও দিব নোৱাৰে।
যদি আপুনি মাক ভাল পায় তেন্তে এই পোষ্টটো লাইক।

(১৮৮)
মোৰ বিশ্বাস আছে হ’লেও তোক বেলেগৰ লগত সহ্য নকৰোঁ,
এইয়া সন্দেহ নহয় তোক হেৰুৱাৰ ভয়…!

(১৮৯)
সপোন বোৰে কেতিয়াওঁ বেইমানি নকৰে,
বেইমানি কৰে কেৱল সপোন দেখুওৱা মানুহ বোৰে।

Related Searches: Smile Quotes In Assamese, Assamese Smile Quotes,

1 thought on “Smile Quotes In Assamese”

Leave a comment