বন্ধু-বান্ধৱী সকল আজি আমি আই আর্টিকেলটোৰ জৰিয়তে কেইটামান caption for assamese লিখিম আশা কৰোঁ আপোনালোকৰ ভাল লাগিব। আপুনি এই লিখনী সমূহ Whatsapp, Facebook, শ্বেয়াৰ কৰিব পাৰে।
(১)
যিজন আপোনাৰ শত্রু তেওঁ কেতিয়াওঁ আপোনাৰ বন্ধু হ’ব নোৱাৰে,
তেওঃ সদায় আপোনাৰ ক্ষতি কৰাৰ চেষ্টা কৰিব।
(২)
সপোনৰ চহৰখন যিমান সহজ,
বাস্তৱৰ চহৰখন ইমানেই কঠিন।
(৩)
সহজ-সৰল হওক কিন্তু সস্তীয়া নহব,
কাৰণ সস্তীয়া বস্তু বা মানুহ – আছে বা নাথাকক – গলিবলৈ দিয়ক,
পচিবলৈ দিয়ক, কোনেও গুৰুত্ব নিদিয়ে।
(৪)
আপুনি যিমানেই সহজ-সৰল
পৃথিৱীত আপোনাৰ মূল্য সিমানেই কম।€
(৫)
আপুনি কাৰ বাবে কি কৰিলে তাৰ হিচাপ কোনেও নাৰাখিব,
আপুনি কি কৰা নাই তাৰ হিচাপ সকলোৱে ৰাখিব।
(৬)
কিছুমান মানুহৰ বুকুত বিষৰ পাহাৰ ধৰি ৰাখি
‘মই ভালেই আছো’ বুলি কোৱাৰ অসীম ক্ষমতা থাকে।
(৭)
খঙাল মানুহৰ কোনো অহংকাৰ নাই কিন্তু
অহংকাৰী মানুহৰ মাৰাত্মক ঘৃণা থাকে।
(৮)
হাজাৰ ক্ৰোধৰ মাজতো নাৰীৰ প্ৰতি সন্মান জনাই কথা কোৱা
সেই পুৰুষসকল অবিশ্বাস্যভাৱে ধুনীয়া!
(৯)
পিতৃ-মাতৃৰ বাবে ধন, সম্পদ, সময় খৰচ
কৰাটো খৰচ বুলি নকয়। সুভাগ্য বুলি কয় !
(১০)
জীৱনত বহুত শিকিলোঁ,
কেৱল স্বাৰ্থপৰ হ’বলৈ শিকিব নোৱাৰিলো।
(১১)
আপোনাৰ উন্নতি দেখি যিসকলে কৰে চাওক,
বেছিভাগেই চিনাকি মুখ।
(১২)
আঘাতবোৰ আপোন মানুহেই দিয়ে,
অচিনাকি মানুহে ভৰিখন লাগিলেও ক্ষমা খোজে !
(১৩)
আপুনি দেখিব যে যিসকল লোক বেছি
দায়িত্ব পালন কৰে, সেই সকলোৰে কোনোবা
এটা সময়ত দোষী হৈ পৰে।
(১৪)
আপোনাৰ উপাৰ্জন, সকলোৰে খৰচ,
আপোনাৰ কষ্ট, আন কাৰো নহয়।
(১৫)
বিশ্বাস ভাঙি গ’লে, বিচ্ছেদক নহয়।
মানুহক ভয় কৰে।
(১৬)
OYO-ত লৈ যোৱা জন নহয়,
যিজন ল’ৰাই নিজৰ মাৰ লগত তোমাক কথা
পতাই দিয়ে বিশ্বাস কৰা তেওঁ কেতিয়াও
তোমাক ধোকা দিব নোৱাৰে।
(১৭)
বিনা কাৰণত যদি আপোনাৰ শত্রু বাঢ়ি গৈছে,
তেনেহলে বুজিব আপুনি এজন সফল মানুহ;
কাৰণ ব্যৰ্থতাক নহয়, মানুহে হিংসা কৰে সফলতাক।
(১৮)
দুখ বোৰে মানুহ বোৰক প্রায় সলনি কৰি দিয়ে
কিছুমান খঙাল হৈ যায় কিছুমান নীৰৱ ।
(১৯)
জীৱনলৈ বেয়া সময় আহে আৰু যায়,
ঠিক সেইদৰে টকা-পইচাৰো অহা-যোৱা কৰে।
এই অহা-যোৱা কৰা সময়খিনিৰ মাজতেই
বহু চিনাকি মুখ অচিনা হৈ পৰে।
caption for assamese
(২০)
পৰাপক্ষত অকলশৰীয়া হৈ
থকাই ভাল বৰ্তমান যুগৰ মানুহে
মৰমৰ চলেৰে মুখৰ হাঁহিটোও কাঢ়ি লয়।
(২১)
আশা এৰি নিদিব..
কেতিয়াবা সৰি পৰা ফলৰ পৰা
নতুন উদ্ভিদৰ জন্ম হয়।
(২২)
দিনক দিনে সকলো বস্তুৰ দাম বাঢ়িলেও সহজ-সৰল
আৰু ভদ্ৰ মানুহৰ দাম কমিহে গৈ আছে।
(২৩)
ছাঁ কেতিয়াও আঁতৰি নাযায় আৰু
মায়া কেতিয়াও শান্তিৰে থাকিব নিদিয়ে।
(২৪)
মৌনতাই পৃথিৱীৰ আটাইতকৈ ডাঙৰ প্ৰতিশোধ,
কিন্তু ই পৃথিৱীৰ আটাইতকৈ কঠিন কাম।
(২৫)
সম্পত্তিৰ বাবে ভাই-ভনীৰ লগত
কেতিয়াও সম্পৰ্ক নষ্ট নকৰিব, সম্পত্তি
কেতিয়াও ভাই-ভনীৰ সম্পৰ্কতকৈ ডাঙৰ হ’ব নোৱাৰে।
(২৬)
দেউতাকৰ ধুতিখন যদি ফটা,
পুতেকে ব্রেন্ডট জিন্স পিন্ধি কাম নাই!!
(২৭)
যিসকলে মানুহক প্ৰতাৰণা কৰে, তেওঁলোকৰ দিন ভালে যায়,
সৎ সকল মিছা ভ্ৰমত হেৰাই যায়,!
(২৮)
ধুনীয়া বুলি কোনো কথা নাই,
যাক যিমানেই ভাল পাবা সিমানেই ধুনীয়া অনুভৱ হ’ব!
(২৯)
জোৰকৈ অধিকাৰ দেখুৱাই দিয়াতকৈ
মনে মনে অদৃশ্য হোৱাই ভাল।
(৩০)
যেতিয়া আপুনি অনুভৱ কৰে যে
আপুনি কাৰোবাৰ বাবে আমনিদায়ক হৈ পৰিছে,
তেতিয়া নিজকে আঁতৰাই লোৱাটো আপোনাৰ দায়িত্ব..!
(৩১)
কোনোবাই পাহৰিলে তেওঁক সোঁৱৰাই দিব পাৰি;
কিন্তু এবাৰ গুচি গ’লে তেওঁক ঘূৰাই আনিব নোৱাৰি।
(৩২)
কলম যিমানেই দামী নহওক কিয়,
ভিতৰত চিয়াঁহী নাথাকিলে তাৰ মূল্যহীন,
মানুহ যিমানেই শিক্ষিত নহওক কিয়,
ভিতৰত বিবেক নাথাকিলে তাৰ মূল্যহীন।
(৩৩)
মা, তোমাৰ বাহিৰে এই নিষ্ঠুৰ পৃথিৱীখনত
স্বার্থ নোহোৱাকৈ কোনেও ভাল নাপায়।
(৩৪)
মানুহ যেন দেখিলেই মানুহ হ’ব নোৱাৰে,
মানুহ হ’বলৈ হ’লে প্ৰথমে মানৱতা অৰ্জন কৰিব লাগিব!
(৩৫)
যিমানে ডাঙৰ হবা সিমানেই মানুহ চিনিবা
আৰু যিমানে মানুহৰ লগত মিলিবা সিমানে বুজি
উঠিবা অভিনয় কেই প্ৰকাৰৰ আৰু কি কি হয়।
(৩৬)
মই মূৰ্খ নহয়, মই যে মনে মনে আছো বুলি নাভাবিব,
মই একো নাজানো, বৰঞ্চ মই সকলো জানো,
মই মাথোঁ মৌনতাৰ পৰা মানুহৰ কাম-কাজ চাই থাকোঁ।
(৩৭)
দুটা অনুভৱ কেতিয়াও কাকো বুজাব নোৱাৰি,
থকাৰ আনন্দ আৰু নথকাৰ বেদনা।
(৩৯)
অন্ধৰ দেশত আইনা বিক্ৰী কৰা
আৰু বিশ্বাসঘাতকক বিশ্বাস কৰা একে কথা!
লগতে চাওক – ASSAMESE SHAYARI LOVE TEXT
(৪০)
মাৰ লগত ৫ মিনিট হাঁহিলে পৃথিৱীৰ
সকলো হতাশা দূৰ হয়।
(৪১)
কাৰোবাক ক্ষমা কৰি মহান হওক,
কিন্তু দ্বিতীয়বাৰ বিশ্বাস কৰি মূৰ্খ নহব।
(৪২)
সত্যৰ পক্ষত থিয় হ’ব নোৱাৰিলে অন্ততঃ
অন্যায়কাৰীৰ বাবে হাত চাপৰি বজাব নালাগে।
(৪৩)
মানুহৰ মুখ বন্ধ কৰাতকৈ নিজৰ কাণ বন্ধ কৰক,
জীৱনটো ভালে যাব।
(৪৪)
যাৰ পৰিয়ালত শান্তি আছে,
পৃথিৱীত তেওঁৰ দৰে দ্বিতীয় সুখী মানুহ আৰু নাই।
(৪৫)
তিনিটা বস্তুৱে মানুহক ধ্বংস কৰে।
লোভ, ঈৰ্ষা আৰু অহংকাৰ।
(৪৬)
যিজন প্ৰয়োজন নোহোৱাকৈ কাষতে থাকে,
সেইজনেই আপোন !
(৪৭)
অকলে থাকিলে মানুহক শক্তিশালী আৰু
সাহসী কৰি তোলা!
(৪৮)
যিখন সংসাৰত স্বামী কঠোৰ পৰিশ্ৰমী আৰু
পত্নী বুদ্ধিমান, সেই সংসাৰত সুখৰ অভাৱ নহয়।
(৪৯)
পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ বস্তুটো হ’ল
ভুল মানুহৰ বাবে ‘ভালপোৱা’।
(৫০)
কেতিয়াবা মনত পৰে মই আগতে কি
আছিলো! আৰু এতিয়া কি হ’লো !
(৫১)
বয়স বাঢ়িছে, বন্ধুত্ব কমিছে, দায়িত্ব বাঢ়িছে,
প্ৰেম কমিছে, চাপ বাঢ়িছে, সুখ কমিছে, হয়,
এয়াই ল’ৰাৰ জীৱন.!
(৫২)
বেজী” ল’বলৈ ভয় কৰা ছোৱালীজনীয়েও
“চিজাৰিন”ৰ দৰে মৃত্যুদূতৰ সন্মুখীন হৈ
এজন পুৰুষক পিতৃত্বৰ সুখ দিয়ে। নাৰীক সন্মান কৰক!
(৫৩)
মানুহে যি কয় ক’বলৈ দিয়ক মানুহৰ কথাত বিৰক্ত নহ’ব
মানুহে কেৱল কিবা কয় আৰু আঁতৰি যায়
মনত ৰাখিব আপোনাৰ পৰিস্থিতি সলনি হ’লে
মানুহৰ কথাও সলনি হৈ যায়।
(৫৪)
তোমাক পাহৰি যাবলৈ মোৰ সাহস নাই,
আৰু তোমাক ধৰি ৰাখিবলৈও মোৰ অধিকাৰ নাই,
মাথো ভাল পাওঁ তোমাক কাৰণ,
ভাল পাৱলৈ কাৰো অনুমতিৰ প্ৰয়োজন নাই।
(৫৫)
জীৱনত তেতিয়াহে ভালে থাকিব পাৰিব,
যেতিয়া পুৰণি স্মৃতি পাহৰি নতুন স্মৃতি সৃষ্টি কৰিব পাৰিব।
(৫৬)
পুৰুষ মানুহৰ হাঁহিক বিশ্বাস নকৰিবা,
মৃত্যুৰ আগতে যন্ত্ৰণাতেও হাঁহিব পাৰে!
(৫৭)
মুখত উত্তৰ দিবলৈ শিকিছো,
গতিকে আজি বেয়া হৈ পৰিছো!
(৫৮)
পিছফালে নিন্দা কৰাৰ পিছত আন্তৰিকতা দেখুওৱা
মানুহৰ পৰা আঁতৰি থকাই ভাল,
মুকলি শত্ৰুতকৈ তেওঁলোক অধিক বিপদজনক!
(৫৯)
যিমানেই মানুহ চিনি পাব সিমানেই অকলে থাকিবলৈ মন যাৱ,
বুজিব যে নিঃসঙ্গতাই কেতিয়াও কষ্ট নিদিয়ে !
(৬০)
ভাল মানুহ হ’বলৈ যে ডাঙৰ ডাঙৰ ডিগ্রী ল’ব লাগিব তেনেকোৱা নহয়;
ভাল মানুহ হ’বলৈ মা-দেউতাই দিয়া শিক্ষাই যথেষ্ট!
(৬১)
দুখৰ ওজন নাই যদিও কঢ়িয়াবলৈ বৰ কষ্টকৰ !
(৬২)
“মা” আছে মানে গোটেই পৃথিৱীখন আপোনাৰ পক্ষত।
“মা” অবিহনে কিমান অসহায় যাৰ নাই তেওঁ জানে।
(৬৩)
পৃথিৱীত যিসকলে মুকলিকৈ কথা ক’ব নোৱাৰে,
কিন্তু মনে মনে থাকে, সেইসকলেই দোষী।
(৬৪)
নিজতকৈ আনক অধিক মূল্য দি,
আমি নিজকে মূল্যহীন কৰি পেলাও।
(৬৫)
বিফলতাৰ পৰা জন্ম হয় সফলতাৰ,
আৰু প্ৰতিটো আঘাতৰ পৰা জন্ম হয় অভিজ্ঞতাৰ।
(৬৬)
জীৱনত কিবা শিকক বা নিশিকক,
কিন্তু মানুহক চিনি পাবলৈ শিকক।
কাৰণ অমানুহ দেখাত মানুহৰ দৰেই।
(৬৭)
মনৰ দৰে বিচাৰি পোৱাটো ভাগ্যৰ কথা..,
আৰু মনৰ দৰে মিলাই লোৱাটো প্ৰকৃত প্ৰেম।
(৬৮)
এই পৃথিৱীৰ আটাইতকৈ কঠিন কামটো হ’ল,
মানুহক চিনি পোৱা !!
(৬৯)
বাঘ, সিংহতকৈও পৃথিৱীৰ ভয়ংকৰ প্ৰাণী হ’ল মানুহ,
নিজৰ স্বাৰ্থলাভৰ বাবে সকলো কৰিব পাৰে।
(৭০)
আঘাতবোৰ আপোন মানুহেই দিয়ে,
অচিনাকী মানুহে ভৰিখন লাগিলেও ক্ষমা খোজে !
(৭১)
‘অহংকাৰ’
খুব সৰু এটি শব্দ, কিন্তু এই শব্দটিৰ মাজত লুকাই আছে
মানুহৰ পতনৰ অন্যতম কাৰণ।
(৭২)
ৰঙক ভয় নালাগে কিন্তু ৰং
সলনি কৰা মানুহক ভয় লাগে।
(৭৩)
কেৱল আনৰ কথা শুনিয়েই উত্তেজিত নহ’ব,
প্ৰথমে সত্য পৰীক্ষা কৰক আৰু তাৰ পিছত উত্তেজিত হওক।
(৭৪)
অধিক চতুৰ মানুহৰ সমস্যাটো হ’ল
তেওঁলোকে সকলো বুজি পায়,
কিন্তু আপুনি তেওঁৰ চতুৰতা বুজি পায়
তেওঁ কিন্তু সেই কথা নাজানে ।
(৭৫)
প্ৰতিটো কথাত জয়ী হোৱাটো প্ৰয়োজনীয় নহয়,
কেতিয়াবা জানি-বুজি হাৰি যোৱাটোও গুৰুত্বপূৰ্ণ।
(৭৬)
জীৱনত কিছুমান প্ৰশ্ন আছে, যিবোৰৰ উত্তৰ কেতিয়াও পোৱা নাযায়।
কিছুমান ভুল আছে যিবোৰ শুধৰণি কৰিব নোৱাৰি।
আৰু কিছুমান অসুবিধা আছে যিবোৰ কাকো ক’ব নোৱাৰি।
(৭৭)
মানুহবোৰ সকলো আপোনেই আছিলে!
কিছুমানে নিজ স্বাৰ্থৰ বাবে চৰিত্ৰ সলালে
আৰু কিছুমানে নিজ স্বভাৱৰ বাবে সংগ এৰিলে…
(৭৮)
উপবাস থাকিব পাৰো,
কিন্তু জ্বলন্ত কথাবোৰ সহ্য কৰিব নোৱাৰি!!
(৭৯)
সমস্যাই মানুহক মজবুত কৰে,
বাধাই মানুহক শক্তিশালী কৰে,কৰণ জ্যোতি বায়।
কেৱল তুমি আনক ভৰসা নকৰিবা,
কিয়নো বিশ্বাসঘাটকতাই মানুহক দুৰ্বল কৰে।
(৮০)
আপুনি কেতিয়াও সকলোৰে প্ৰিয় নহ’ব।
কাৰণ তুমি মানুহ, টকা নহয়।
(৮১)
সেইটো সম্পর্কত থকাত কৈ নথকাই ভাল,
য’ত অনুভৱৰ অলপো মিল নাথাকে,
অকল ভালপোৱাৰ নামেই প্রেম নহয়,
প্রেমত বিশ্বাস, সন্মান, সময় ইত্যাদি
এই সকলো বোৰ থকাটো খুৱেই প্রয়োজন হয়।
(৮২)
কথা এটা কওঁ, কোনেও কাৰো কাৰণে শেষ হৈ নাযায়,
কিন্তু প্রিয় মানুহ জন এৰি গ’লে হৃদয় খন নীৰৱ হৈ যায়,
যিদৰে এজন বিশেষ মানুহৰ অনুপস্থিতিত সভা এখন সেৰেঙা হৈ ৰয়।
(৮৩)
কাৰোবাক দুখ দি মিচিকিয়া হাঁহি দেখি নাভাৱাবি যে
সি মূর্খ কৰণ একো বুজি নোপোৱা বুলি,
কি ঠিক এয়াও হ’ব পাৰে তেওঁৰ অভ্যাস হাঁহিৰে উত্তৰ দিয়াটো কিজানি।
(৮৪)
যেতিয়া আপুনি আপোনাৰ চাৰিওফালে শত্ৰু বৃদ্ধি হোৱা দেখিব,
তেতিয়া আপুনি গম পাব যে আপুনি সঠিক পথত আগবাঢ়িছে।
(৮৫)
যদি আপুনি সঠিক কৈছে তেন্তে প্ৰমাণ কৰিবলৈ চেষ্টা নকৰিব,
মাত্ৰ মনে মনে অপেক্ষা কৰক সময়ে সকলোৰে উত্তৰ দিব।
(৮৬)
মই ঠিক থাকিলেই হ’ল,
তেতিয়ালৈকে মানুহে কি কয় মই একো গুৰুত্ব নিদিওঁ।
(৮৭)
বহুত ভাল লাগে,
যেতিয়া কোনোবাই কয় তোমাৰ দেউতাক বহুত ভাল মানুহ!
(৮৮)
ভাবিলে ভয়হে লাগে,
আহিবলগা দিনবোৰৰ কথা,
দিনে দিনে জীবনতো চোন বেছি কঠিনহে হবলৈ ধৰিছে।
(৮৯)
সময় পালে খবৰ লোৱা আৰু সময় উলিয়াই
খবৰ লোৱাৰ মাজত পাৰ্থক্য বহুত আছে।
(৯০)
ভুল ৰেলত উঠিলে পৰৱৰ্তী ষ্টেচনত নামি যাব,
কাৰণ দূৰত্ব যিমানেই বেছি হ’ব,
সিমানেই উভতি অহাটো কঠিন হ’ব !
(৯১)
দায়িত্ব অবিহনে যেনেকৈ পুৰুষ হ’ব নোৱাৰে,
ঠিক তেনেকৈ ধৈৰ্য্য অবিহনে নাৰী হোৱাটোও কঠিন।
(৯২)
“আচলতে কোনেও কেতিয়াও কাকো পাহৰি নাযায়।
প্ৰয়োজন শেষ হ’লেই মাত্ৰ যোগাযোগ বন্ধ কৰি দিয়ে…!
(৯৩)
যেতিয়ালৈকে এজন মানুহ অসৎ থাকে,
তেতিয়ালৈকে তেওঁৰ কোনো শত্ৰু নাথাকে !
কিন্তু সেই ব্যক্তিজন যেটিয়া সৎ হয়,
তেওঁৰ তেতিয়া শত্ৰুৰ অভাৱ নাহয় !!
(৯৪)
মৌনতাই বহুতো কথা কয়,
যিবোৰ সকলোৰে বুজিব পৰা ক্ষমতা নাথাকে।
(৯৫)
দানে কেতিয়াও ধন-সম্পত্তি হ্ৰাস নকৰে।
ক্ষমাই কেতিয়াও শক্তি হ্ৰাস নকৰে।
নম্ৰতাই কেতিয়াও মৰ্যাদা হ্ৰাস নকৰে।
(৯৬)
বিপদৰ সময়ত যিয়ে আহি একো নহ’ব বুলি কয়,
তেওঁক বন্ধু বনাওক।
(৯৭)
যি কষ্ট দিয়ে তেওঁ বুজি নাপায়।
যিজনে আঘাত পায় তেওঁ বুজি পায়
তেওঁৰ যন্ত্ৰণা কিমান।
(৯৮)
সততা অতি মূল্যৱান উপহাৰ।
‘সস্তীয়া’ মানুহৰ পৰা কেতিয়াও সেইটো আশা নকৰিব!
(৯৯)
যোগ্য লোকসকল যোগ্য ঠাইত থাকিলে
নম্ৰ হয় আৰু অযোগ্যসকলে যোগ্য
ঠাইত থাকিলে অহংকাৰী হয় !
(১০০)
ধনীসকলে টকা বিচাৰে, দুখীয়াই খাদ্যৰ সন্ধান কৰে
আৰু মধ্যবিত্তই অলপ সন্মান বিচাৰে।
(১০১)
টকাৰে সকলো পাব পাৰিলেও মাৰ দৰে স্বৰ্গ
আৰু দেউতাৰ দৰে ছাঁ কেতিয়াও নাপাব।
(১০২)
কাষত থাকিলে সকলো নিজৰ নহয়,
মিৰ্জাফৰ নবাবৰ কাষত আছিল !
(১০৩)
এখন কঠিন পৃথিৱী!
‘মিছা’ ক’লে সকলোৱে সোনকালে বিশ্বাস কৰে,
আৰু সঁচা ক’লে প্ৰমাণ কৰিব।
(১০৪)
জীৱন সংগী ধুনীয়া নহয!
বিশ্বাসী হ’ব লাগে।
(১০৫)
কাৰ ভিতৰত কেনেধৰণৰ মানুহ লুকাই আছে?
শেয়ার অকল সময়েহে ক’ব !
(১০৬)
যদি মানুহে খঙৰ ভাষা বুজি পালেহেঁতেন,
তেতিয়া কোনো সম্পৰ্ক হেৰাই নগলেহেঁতেন।
(১০৭)
মানুহ চিনি পাবলৈ আৰম্ভ কৰাৰ
লগে লগে বন্ধুৰ সংখ্যা কমি যাব।
(১০৮)
মানুহে সকলো কৰিব পাৰে,
মাত্ৰ মানসিক যন্ত্ৰণাৰ পৰা সাৰি যাব নোৱাৰে।
(১০৯)
অত্যধিক বিশ্বাস আৰু আস্থা,
মানুহক কেতিয়াবা বৰ অকলশৰীয়া কৰি তোলে।
(১১০)
যি সকলে নিজক লৈয়েই ব্যস্ত থাকে
তেওঁলোকে কেতিয়াও আনৰ দুখ
উপলব্ধি কৰিব নোৱাৰে!
(১১১)
ভালতো মায়ে পায়,
বাকীবোৰে হৃদয় ভাঙিবলৈ আহে।
(১১২)
এজন সহায়কাৰী কেতিয়াও বিফল নহয়,
আৰু সিংহাকাৰী কেতিয়াও জয়ী নহয় !
(১১৩)
আনে দুখ দিলে সহ্য কৰিব পাৰি
কিন্তু আপোনজনে দুখ দিলে
চকুপানী ধৰি ৰাখিব নোৱাৰি।
(১১৪)
সকলোৰে এদিন দুদিনকৈ সময়বোৰ ঠিকেই পাৰ হয়
কিন্তু মনত থাকি যায় মানুহৰ ব্যৱহাৰ বোৰহে।
(১১৫)
কষ্ট কৰি পোৱা সফলতাই মানুহক চৰিত্ৰৱান কৰি তুলে
কিন্তু কষ্ট নকৰাকৈ পোৱা সফলতাই মানুহক অহংকাৰী কৰি তুলে !
(১১৬)
ঘৰখনৰ দায়িত্ব নিজে মূৰ পাতি ল’বলগীয়া হ’লেহে,
বুজা যায় নিজৰ প্ৰয়োজন আৰু সপোনবোৰতকৈ
ঘৰখনৰ প্ৰয়োজনবোৰ কিমান বেছি গুৰত্বপূৰ্ণ।
(১১৭)
যিমানেই ভালপোৱা নহওঁক কিয়,
সন্তানৰ বেদনা এজনীহে বুজিব পাৰে,
সেই জনীয়ে হৈছে – “মা”
(১১৮)
বিশ্বাস ভাঙিবলৈ কোনো অস্ত্ৰৰ প্ৰয়োজন নহয়,
কিছু অভিনয় আৰু কিছুমান কথাই যথেষ্ট।
(১১৯)
অপ্রিয় হলেও সচাঁ,
দুখীয়াৰ ঘৰত ধনী গ’লে দুখীয়া আনন্দিত হয়,
কিন্ত ধনী ঘৰত দুখীয়া গ’লে ধনী বিৰক্ত হয়।
(১২০)
অহংকাৰ কৰি কি লাভ?
যিখন বাতৰি কাকতৰ দাম ৰাতিপুৱা 10 টকা,
আবেলি সেইখন বাতৰি কাকতৰ দাম Kg 10 টকা পার্থক্য মাথো সময়ৰ….।
(১২১)
যত তোমাৰ সন্মান নাই তাত তুমি কেতিয়াও নাথাকিবা,
কাৰণ এজন মানুহৰ বাবে আটাইতকৈ ডাঙৰ
বস্তুটোৱেই হ’ল আত্মসন্মান।
(১২২)
মানুহ এজনক এহেজাৰটা সহায় কৰা,
এসময়ত সকলো পাহৰি যাব;
কিন্তু ভুলক্রমে এটা যদি ক্ষতি কৰা,
চিৰজীৱন সেইটোৱে কৈ থাকিব।
(১২৩)
মানুহৰ পৰিচয় কাপোৰত নহয়,
তেওঁৰ চৰিত্ৰত পোৱা যায়।
(১২৪)
সৎ পথত কাঁইট বেছি,
অসৎ পথত বন্ধু বেছি।
(১২৫)
জীৱনত কাৰোঁ ওপৰত নিৰ্ভৰ নকৰিবা কাৰণ,
সকলোৱেই এদিন সলনি হৈ যায় নতুন কাৰোবাক পালে।
(১২৬)
সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো
কিন্তু মনৰ পৰা কোনেও নিবিচাৰে নিজতকৈ
অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো।
(১২৭)
দুখীয়াৰ ঘৰত ধনী গ’লে দুখীয়া আনন্দিত হয়,
কিন্ত ধনী ঘৰত দুখীয়া গ’লে ধনী বিৰক্ত হয়।
(১২৮)
নিজকে কঠিন কৰিবলৈ চেষ্টা কৰক,
কাৰণ এই চহৰখনত বেয়া
পৰিস্থিতিত কোনোৱেই কাষত থিয় নহয়।
(১২৯)
মানুহে আনৰ দোষ দেখি বিচাৰক হৈ পৰে,
আৰু নিজৰ দোষ ঢাকিবলৈ উকীল হৈ পৰে।
(১৩০)
সম্পৰ্কৰ নাম যিয়েই নহওক কিয়,
বেয়া সময়ত থিয় হৈ থকাজনে
আটাইতকৈ ওচৰত অনুভৱ হয়।
(১৩১)
আঘাতপ্ৰাপ্ত ব্যক্তিয়ে নিজৰ যন্ত্ৰণা সহজে পাহৰি যাব পাৰে,
কিন্তু অপমানিত ব্যক্তিয়ে অপমান
এটাক সিমান সহজে পাহৰি যাব নোৱাৰে।
(১৩২)
মুখৰ ভাষা বেয়া হ’লে চৰিত্ৰ বেয়া নহয়,
কাৰণ মিঠা মিঠা কথাৰ আঁৰতো বহুতৰ চৰিত্ৰ বেয়া থাকে।
(১৩৩)
বিশ্বাস আৰু ভালপোৱা এনেকুৱা বস্তু
যিবোৰৰ সকলোৱে সন্মান দিব নোৱাৰে।
(১৩৪)
যদি পত্নী ভাল হয়,
নিবনুৱা ল’ৰাটো প্ৰতিষ্ঠা হোৱাৰ সম্ভাৱনা থাকে !
আৰু পত্নী বেয়া হ’লে প্ৰতিষ্ঠিত পুৰুষৰ ধ্বংস হয়!
(১৩৫)
এগৰাকী লাজুক, নাৰীয়ে পিতৃ-মাতৃক লৈ গৌৰৱ কৰে।
ভায়েকৰ প্ৰতি সন্মান। স্বামীৰ বাবে ধন।
সন্তানৰ বাবে এগৰাকী আদৰ্শ মাতৃ।
(১৩৬)
শান্তিৰে থাকিবলৈ হ’লে মনত দুখ দিয়া
মানুহবোৰৰ পৰা আঁতৰি থাকিবলৈ পাৰিব লাগিব !
(১৩৭)
মানুহ হৈছে পৃথিৱীৰ আটাইতকৈ ভয়ংকৰ প্ৰাণী, নিজৰ
লাভৰ বাবে যিকোনো কাম কৰিব পাৰে।
(১৩৮)
ভদ্ৰতাৰ মুখা পিন্ধা মানুহ সাপতকৈও বিষাক্তকৰ…!
(১৩৯)
‘কোনোবাই যদি মোক সুধে।’
পৃথিৱীৰ আটাইতকৈ মূল্যৱান বস্তুটো কি,
মূৰটো ওপৰলৈ তুলি ক’ম দেউতা।
(১৪০)
মানুহ সেই মানুহজনক শাসন কৰে
যাক তেওঁ কেতিয়াও হেৰুৱাব নিবিচাৰে।
(১৪১)
নিজৰ ঘৰখন ভাল হওক বা বেয়া !
নিজৰ ঘৰখনৰ দৰে শান্তি আৰু ক’তো নাই।
(১৪২)
যদি আপোনাৰ কোনো শত্রু নাই,
তেনেহ’লে বুজিব যে আপুনি
সেই সময়তো মনে মনে আছিল
যেতিয়া সত্য কথা কোৱাটো জৰুৰী আছিল।
(১৪৩)
গৌৰৱেৰেতো সকলোৱে থাকে কাৰোবাৰ অন্তৰত থাকিবলৈ
শিকক পাছফালেতো সকলোৱে কথা কয়
মানুহৰ মুখৰ সন্মুখত ক’বলৈ শিকক।
(১৪৪)
সম্পৰ্ক সেইসকলৰ লগত ৰাখক যাৰ পৰা
সন্মান আৰু বেয়া দিনত কাষত পোৱা যায়,
নহ’লে এনেই সম্পৰ্কৰ তালিকাখন দীঘলীয়া কৰি
কোনো লাভ নাই।
(১৪৫)
ভাল দিনৰ অপেক্ষা কৰোতে বয়সে ভাটি দিয়ে
তাৰ পিছত গম পোৱা যায় যে যিবোৰ দিন গুচি গ’ল
সেইবোৰেই ভাল দিন আছিল।
(১৪৬)
ডাঙৰ চাকৰ হোৱাতকৈ
নিজে সৰু মালিক হওক
দিনটোৰ শেষত অন্ততঃ মালিকক কামৰ হিচাপ দিব
নালাগিব কাৰো কথা শুনিব নালাগিব।
(১৪৭)
সেই মানুহজনৰ লগত ফটো তোলা হোৱা নাছিল,
মানুহজন হৈছে মোৰ দেউতা।
(১৪৮)
যিসকলৰ মূল্য ২ পইচা,
তেওঁলোকক ৪ পইচাৰ মূল্য দিলে
৮ পইচাৰ ভাৱ ল’ব !
(১৪৯)
যদি পৃথিৱীত প্রতাৰণা মানুহ পৰীক্ষা কৰাৰ কোনো উপায় থাকিলে;
ওচৰৰ মানুহবোৰ প্ৰথমে ধৰা পৰিলহেঁতেন।
(১৫০)
কেতিয়াবা ভাবো “মা” নহ’লে মোৰ কি হ’লহেঁতেন।
এই মানুহজনৰ অবিহনে মোৰ কোনো অস্তিত্ব নাই।
(১৫১)
কুকুৰক তিনি দিন খোৱালে তিনি বছৰ মনত ৰাখে
কিন্তু মানুহক তিনি বছৰ খোৱালে তিনি দিনত পাহৰি যায়,
অপ্রিয় হলেও সঁচা।
(১৫২)
নদীৰ কষ্ট হয় পানী শুকাই গলে,
গছৰ কষ্ট হয় পাত সৰি গলে,
আৰু মানুহৰ কষ্ট হয় আপোন মানুহে পাহৰি গলে,
আৰু বিশ্বাসীজনে বিশ্বাস ভাঙিলে..!!
(১৫৩)
মই হয়তো দুখীয়া কিন্তু অসৎ নহয়,
আমি মানুহক ভাল পাব জানো
অভিনয় কৰিব নোৱাৰো।
(১৫৪)
জীৱনত বেয়া সময় সদাই নাথাকে,
কিন্তু সেই রেয়া সময়ত মানুহে কৰা বেয়া ব্যৱহাৰবোৰ সদাই মনত থাকে।
সেই সকল মানুহৰ পৰা দূৰত থাকক।
(১৫৫)
কাৰোবাক কেতিয়াও অৱহেলা নকৰিব কাৰণ
সময়ৰ পৰিৱৰ্তনৰ লগে লগে তেওঁৰ অৱস্থা আপোনাৰ
তুলনাত ভাল হ’ব পাৰে।
(১৫৬)
ক্ষমতা থাকিলে মিছা কথাও বাণী,
টকা থাকিলে মূর্খও জ্ঞানী।
Related Searches: স্মৃতি quotes in assamese,
Pingback: (100) Alone Quotes In Assamese - Breaking Point