assamese funny shayari

breakingpoint.in

নতুন চোলা আনিবলৈ ভয়ে লগা হল।
যিমান হে জুনিয়ৰ কলেজে আছে।
কোনোবা নহয় কোনোবা কলেজৰ উনিফর্মৰ লগত মিলি যায়।

কলা পেন্ট,টি-চাৰ্ট,জোতা মোৰো আছে কিন্তু Black lover বুলি হে ফটো দিয়া নহল।
এতিয়া চিন্তা হৈছে ৰাইজে এঘৰীয়া নকৰেতো।

কেতিয়াবা কিছুমানৰ পৰা Hi Hellow মেছেজ পাওঁ।
ৰিপ্লাই দিও যদিও আকৌ ঘূৰাই মেছেজ নাপাওঁ।
মাৰিলো নে জীয়াই আছো টেষ্ট কৰি চাই নি বাৰু??

বিয়াৰ বয়স হলে আগতে ঘৰৰ মানুহে লৰাক কৈছিল,

নিজৰজাতৰছোৱালীএজনীআনিবি।

তাৰ পাছত কবলৈ ধৰিলে,
ভালব্যৱহাৰপাতিকৰাছোৱালীএজনীআনিবি”

তাৰ পাছত কবলৈ ধৰিলে,
ভালসংস্কাৰথকাছোৱালীএজনী_অনিবি।”

আজি কালি কবলৈ ধৰিলে,
বোপাইঅতইআকৌছোৱালীহেআনিবিদেই”

সঁচাইইংৰাজীতোবৰহেৰামিভাষা
foreigner বুলিলে আমাৰ ধুনীয়া
ৰঙা বগা মানুহৰ কথাই মনলৈ আহে। কিন্তু
সেই একেটা শব্দ অসমীয়াত শুনিলে কিন্তু
বাংলাদেশী সোপাহে মনলৈ আহে।

একলেণ্ড বন্ধ হোৱাৰ আগদিনা গৈ অহা সকলেও আকৌ
“আমি একলেণ্ড ৮ বছৰ আগতেই গৈছিলো” বুলি কৈ দিয়ে।

assamese funny shayari

পুৰণি ফটোত হাঃ হাঃ ৰিয়েক্ট দেখিলে এটা কথাই ভাবো,
আজি যিকেইখন ফটোত Love ৰিয়েক্ট দি আছে হেৰামি সতে
ভৱিষ্যতে তাতো হাঃহাঃ ৰিয়েক্ট দিব

স্কুতি লৈ যোৱা ছোৱালী এজনীৰ এক্সিডেন্ট হ;ল ।
কেনেকৈ শুনক, “তাই গৈ আছিল মুখৰ আগত ছাগলী
এটাওলালে ব্ৰেক নামাৰি চিঞৰ মাৰি দিলে।”

পৃথিৱীৰ কাষেৰে আৰু কিমান দিনলৈ
ক্ষতিকাৰক ৰশ্মি পাৰ হব?

মোবাইল ওলোৱাৰে পৰা এইটো মেছেজ মানে
সপ্তাহত তিনিদিন মান পাওঁ।

ড্ৰিমলেণ্ডৰ মূল প্ৰৱেশ দুৱাৰতে প্ৰেছাব-গা
এটা বনাই তাত কামফেৰা কৰা সকলকহে সোমাবলৈ দিয়া হব।
ইতি ড্ৰিমলেণ্ড সুৰক্ষা সমিতি

একলেণ্ড এৰি
ৰাইজ এইবাৰ ড্ৰিমলেণ্ডলৈ ৰাওনা হৈছে।
অহা বছৰ সেইখনো বন্ধ নহলেই হৈছে।
কিবা সুৰক্ষা সমিতি এখন লাগিছিল

আজিৰ শিশু কাইলৈ দেশৰ নাগৰিক
আজিৰ শিশু কাইলৈ কোনো দলৰ ছাত্ৰনেতা

প্ৰথম দেখোঁতে কিমান সৰু
নাইবা ডাঙৰ হবধৰিব নোৱাৰি “বা”
বুলি মাতিলোঁৱেই যেনিবা।
ইমান ঘোপাকৈ চাব লাগে নে?

নতুন জোতা এযোৰ কিনি আপডেট দিয়াসকলেও
আকৌ পথাৰৰ ফটো দেখিলে ফিচিঙা ফিচিঙ কৰে।
মাৰিলেই যেনিবা পথাৰত ফটো এখন তাতে কি জগৰ
নিজৰ সংস্কৃতি কৰিছে দেখুৱাইছে তাতে কি হল।

ছোৱালীবোৰৰ ডিঙিত ওলমি থকা
কাপোৰখন আগতে উৰ্ণা আছিল ।
তাৰপিছত দুপাত্তা হ’ল ।তাৰপিছত একপাত্তা ।
তাৰপিছত গলপাত্তা ।
আজিকালি সেইখন নাপাত্তা হ’ল ।।

চাল্লা মিলন মহন্ত নামটো ফেক একাউন্ট খুলিলে।
তাৰ পোষ্টতো সকলোৱে share কৰাত লাগিছে
ভালকৈ চালেই দেখিব আজি ৰাতিপুৱা খোলা একাউন্ট এইটো

ৰাইজে নখ জোকাৰি নৈ বোৱাই দিয়া আজিলৈকে দেখা নাই। কিন্তু,
ৰাইজে মূত্ৰ বিসৰ্জন কৰি একলেণ্ড বন্ধ কৰাই দিয়া দেখিছোঁ।

assamese funny shayari

নতুনকৈ অনা মোবাইলটো চাৰ্জত লগাই
চুইছতো দিছিলো হে মাত্ৰ,ৰাস্তাত কোন
হেৰামিয়ে জানো বুলেটখনৰ এক্সেল ডাল পকাই দিলে
জীৱটো কথমপি হে ৰৈছে

প্ৰেমিকা ,
হাত কটা প্ৰেমিকা,
তাৰ পাছত আহে এনেকুৱা প্ৰেমিকা
বি:দ্ৰ:-#এনেকুৱাসংস্কাৰীপ্ৰেমিকাএকলেণ্ডতগাধুইপূণ্যঅর্জনকৰাসকলেহেপাই

একলেণ্ডৰ কথা বেয়াকৈ কওঁতে এগৰাকীয়ে মোক unfrind কৰিছিল।
এতিয়া তেওঁক লগ পোৱা হলে ভাল আছিল

মাঘৰ বিহুত মেজি নজ্বলিব পাৰে
তথাপিও অসম বন্ধত টায়াৰ জ্বলিবই

দুৰ্ভগীয়া
বহুত দুৰ্ভগীয়া
তাৰ পাছত আহে,
এই কেইদিনত একলেণ্ড গৈও কামোৰ খোৱা ভয়ত
ফটো আপলোড কৰিবলৈ সাহস নকৰা সকল।

কিমানৰ প্ৰেম আধৰুৱা হৈ ৰল মাত্ৰ আখৰ বেয়া বুলি
চিঠিখন নিদিয়াৰ বাবেইএতিয়া হোৱাটচএপৰ
নম্বৰ পাই চিধা I love you কৈ দিয়া সকলে কি বুজিব

মা দেউতাই কষ্ট কৰি কৰি আমাৰ মাত ফুটাই দিলে
আৰু আমি কথা হোৱাটচএপত পাতো।

লগতে চাওক – বেদৰ বাণী

আমাৰ লগত দুই ধৰণৰ বন্ধু থাকে
“ঐ ফুৰিবলৈ যাওঁ ব’ল।”
প্ৰথমটো,”অ ঠিক আছে ব’ল”
দ্বিতীয়টো, “এইবাৰ নাযাওঁ nextবাৰ sure যাম”
এই হেৰামিতোৰ nextবাৰ কোনোদিনেই নাহে।

জীৱন দুদিনীয়া,
অসম বন্ধ ৪৮ ঘন্টীয়া

সৰুতে কম্পাছৰ লগত পোৱা Magnifying Glassখনে
কাগজ জ্বলোৱা বাহিৰে আৰু একো কৰি নাপালোঁ।

অৱশেষত বন্ধ হল টোল গেটত টকা লোৱা নিয়মটো,
পিছে কিমান দিনলৈ বা?

নাজানো বাবেহে সুধিছো দেই
বন্ধটো অসমৰ উপাধি নি বাৰু?

আমাৰ পাছৰ প্ৰজন্মই মাকৰ আঁচলত লুকাবলৈ
আৰু মুখ মচিবলৈ নাপাব কাৰণ জিন্স পেন্ট
টি-চাৰ্টৰনো কত আঁচল থাকিব?

আগতে ভগৱানক পাবলৈ ভক্তি হবলৈ ছমাহ
বছৰ তপস্যা কৰিছিল আজি কালি
আকৌ মদ ভাং খাই লৈ DJ বক্স এভাগ
লগাই গাড়ীত ঘুৰি ফুৰিলেই হৈ যায়

Leave a comment