পুৰুষৰ বিষয়ে ছোৱালীয়ে ভালপোৱা ৭টা কথা !

breakingpoint.in

ল’ৰাই যেনেকৈ ছোৱালীৰ মাজত কিছুমান গুণ বিচাৰি পায় আৰু সন্তুষ্ট হোৱাৰ পিছত তেওঁলোকক জীৱন সংগী কৰি লয়, তেনেকৈ ছোৱালীয়েও ল’ৰাৰ মাজত কিছুমান বস্তু বিচাৰে, তেতিয়াহে ভালপালে সন্মতি দিয়ে।

১) শান্ত স্বভাৱ – ছোৱালীয়ে পুৰুষৰ আক্ৰমণাত্মক স্বভাৱ একেবাৰেই ভাল নাপায়। কাৰণ, উগ্ৰতাৰ অৰ্থ ক্ৰোধ। আৰু খঙে সম্পৰ্কত দূৰত্বৰ সৃষ্টিহে কৰে। গতিকে ছোৱালীয়ে স্বভাৱতে শান্ত পুৰুষক বেছি পছন্দ কৰে।

২) সুদৰ্শন বা ফিট শৰীৰ – যদিও প্ৰেমত সৌন্দৰ্য্য বা ফিট শৰীৰৰ কোনোটোৱেই বিশেষ গুৰুত্বপূৰ্ণ নহয়, তথাপিও বেছিভাগ ছোৱালীয়ে সুদৰ্শন পুৰুষক পছন্দ কৰে।

৩) উচ্চ শিক্ষা – শিক্ষাৰ অভাৱত থকা সকলৰ আচৰণ আৰু ৰুচিৰ মাজত যথেষ্ট বৈষম্য দেখা যায়। গতিকে উচ্চ শিক্ষিত পুৰুষক ছোৱালীয়ে পছন্দ কৰে, কাৰণ এজন ৰুচিসম্পন্ন আৰু শিক্ষিত পুৰুষ মাৰ্জিত আৰু তেওঁৰ পৰা বহুত শিকিব পাৰি।

৪) চাকৰি বা ব্যৱসায় – সকলো সম্পৰ্কতে ধনৰ প্ৰয়োজন। গতিকে ছোৱালীবোৰে চায় পুৰুষজনে ভাল কাম কৰিছে নে ব্যৱসায় কৰিছে।

৫) কৰ্তব্যপৰায়ণ – যদি ল’ৰাবোৰে পৰিয়ালৰ প্ৰতি কৰ্তব্যপৰায়ণ হয় তেন্তে স্বামীৰ ধৰ্ম সুন্দৰকৈ পালন কৰিব পাৰে।

৬) স্থিৰ – মন স্থিৰ হ’লে চকু আৰু মন আন মহিলাৰ ফালে নাযায়। ছোৱালীয়ে বিচাৰে তাইৰ পছন্দৰ মানুহজন কেৱল তাইৰ বাবেই।

৭) বন্ধু – ছোৱালীবোৰে সকলো কথা ক’ব পৰা এজন ভাল বন্ধু পাব বিচাৰে। বিয়াৰ আগতেই হওক বা পিছতেই হওক, এজন পুৰুষে যদি ভাল বন্ধু হ’ব পাৰে তেন্তে ছোৱালী এজনীৰ লগত গোটেই জীৱন কটাব পাৰে।

অস্বীকাৰ: ওপৰৰ সকলো তথ্য গৱেষণাৰ ওপৰত ভিত্তি কৰি দিয়া হৈছে। ব্যক্তিগত ক্ষেত্ৰসমূহৰ ভিন্নতা থাকিব পাৰে। এই প্ৰতিবেদন কাকো আঘাত দিয়াৰ উদ্দেশ্য নহয়।

Leave a comment