আপুনি বুদ্ধিমান নে নাই জানক এই ৪টা লক্ষণে –

breakingpoint.in

বহুতে নিজৰ বুদ্ধিমত্তাৰ ওপৰত আত্মবিশ্বাসী হ’ব নোৱাৰে। কিছুমানে নিজকে মূৰ্খ বুলি ভাবে আৰু কিছুমানে নিজকে স্মাৰ্ট বুলি ভাবে। আচলতে মানুহে কিমান বুদ্ধিমান সেই কথা খুব কমেইহে উপলব্ধি কৰে।

কিন্তু বিভিন্ন গৱেষণাৰ মতে বিজ্ঞানীসকলে বুদ্ধিমত্তাৰ কেইবাটাও লক্ষণ আছে বুলি কৈছে। গতিকে এইবোৰ লক্ষণ থাকিলে আপুনি বুদ্ধিমান হ’ব পাৰে। কাৰণ বুদ্ধিমান মানুহৰ আচৰণ, কথা-বতৰা আৰু দৃষ্টিভংগী আনতকৈ বেলেগ। গতিকে আপুনি সঁচাকৈয়ে স্মাৰ্ট নে নহয় পৰীক্ষা কৰক –

১) সকলো কথাতে কৌতুহল হোৱাটো ভাল। ই ক’ত কি হৈ আছে, কিয় হৈছে সেই বিষয়ে এটা ধাৰণা থকা । যদি আপুনি এইবোৰ কথাত আগ্ৰহী, তেন্তে আপুনিও এজন বুদ্ধিমান ব্যক্তি। বিশেষজ্ঞসকলৰ মতে, স্মাৰ্ট মানুহ বুদ্ধিমান। কাৰণ তেওঁলোকে বিভিন্ন কথা জানিবলৈ আগ্ৰহী।

২) আত্মসংযম কৰাটো কঠিন কিন্তু জ্ঞানী মানুহে ইয়াক কেতিয়াও এৰাই চলা নাই। আৱেগক ধৰি ৰখা বা আৱেগিক সিদ্ধান্ত লোৱাটোৱে আপোনাৰ পৰিপক্কতা বৃদ্ধি কৰে। বিশেষজ্ঞসকলে কয় যে আৱেগ-অনুভূতিৰে কেতিয়াও ভাল সিদ্ধান্ত ল’ব নোৱাৰি। গতিকে বুদ্ধিমান মানুহে কোনো পৰিস্থিতিত সোনকালে প্ৰতিক্ৰিয়া প্ৰকাশ নকৰে কিন্তু সিদ্ধান্ত লোৱাৰ আগতে বিশ্লেষণ কৰে।

লগতে চাওক – ২২ বছৰৰ ভিতৰত বিয়া নহলে ছোৱালীয়ে এই ৭ টা সমস্যাৰ মুখামুখি হয় !

৩) আপোনাৰ স্মৃতি বৰ চোকা নেকি ? বুদ্ধিমান মানুহৰ স্মৃতি ভাল হয়। কম সময়তে বহুত শিকিব পাৰে। কাৰণ জিনিয়াছে যি কৰে তাকে সাৱধানে কৰে। যদি আপুনি সেই তালিকাত আছে, তেন্তে আপুনি নিশ্চয় স্মাৰ্টসকলৰ ভিতৰত এজন ।

৪) বিশেষজ্ঞসকলে কয়, স্মাৰ্ট মানুহে কেতিয়াও সফলতাৰ পিছত দৌৰি নাযায়। বৰঞ্চ তেওঁলোকে বৰ্তমানৰ কথাহে বেছিকৈ চিন্তা কৰে। যদি আপুনি আন সকলোৰে দৰে সফল হ’বলৈ দৌৰিব নোৱাৰে তেন্তে আপুনি স্মাৰ্ট।

Leave a comment