গুৰু কেই প্ৰকাৰৰ আৰু কি কি ?

breakingpoint.in

Updated on:

গুৰু কেই প্ৰকাৰৰ আৰু কি কি ?

অতি চমু প্রশ্ন ঃ

 ১। অসমীয়া গদ্যৰ প্ৰকৃত জনক কোন।

উত্তৰ-অসমীয়া গদ্যৰ প্ৰকৃত জনক হল ভট্টদেৱ ।

২। ভট্টদেৱৰ প্ৰকৃত নাম কি?

 উত্তৰ-ভট্টদেৱৰ প্ৰকৃত নাম হল বৈকুন্ঠনাথ ভাগৱত ভট্টাচাৰ্য ।

৩। ভট্টদেৱৰ ক’ত আৰু কেতিয়া জন্ম হৈছিল ?

উত্তৰ- ১৫৫৮ চনত কামৰূপৰ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত ভট্টদেৱৰ জন্ম হৈছিল । 

৪।  ভট্টদেৱৰ পিতৃৰ নাম কি?

 উত্তৰ-ভট্টদেৱৰ পিতৃৰ নাম হল চন্দ্ৰ ভাৰতী ।

৫।ভট্টদেৱে কোনজন ব্যক্তিৰ ওচৰত শৰণ লৈছিল?

 উত্তৰ-ভট্টদেৱে দামোদৰদেৱৰ ওচৰত শৰণ লৈছিল ।

 ৬। ভট্টদেৱে কাৰ নিৰ্দেশত কথাগীতা আৰু  কথা ভাগৱত ৰচনা কৰিছিল ?

 উত্তৰ-ভট্টদেৱে দামোদৰদেৱৰ নিৰ্দেশত কথাগীতা আৰু কথা-ভাগৱত ৰচনা কৰিছিল ।

৭।ভট্টদেৱৰ প্ৰথম অধ্যায়ৰ নাম কি? 

উত্তৰ-ভট্টদেৱৰ প্ৰথম অধ্যায়ৰ নাম হল কথাভাগৱত ।

৮। কথা গীতাৰ দ্বিতীয় অধ্যায়ত কি পোৱা যায়?

 উত্তৰ-কথা গীতাৰ দ্বিতীয় অধ্যায়ত কথা গীতাৰ দৰে যুক্তি তৰ্কৰ অৱতাৰণা কৰা নাই ।

৯। ভট্টদেৱৰ গদ্যক কি গদ্য বুলি কোৱা হয়।

 উত্তৰ- ভট্টদেৱৰ গদ্যক কথাগীতা বুলি কোৱা হয় । 

১০. ‘গুৰুসেৱা মাহাত্ম্য’ৰ পাঠৰ লেখক কোন?

 উত্তৰ- গুৰুসেৱা মাহাত্ম্য পাঠৰ লেখক হল গোপালচৰণ দ্বিজ ।

১১. দামোদৰ দেৱৰ পিছত বৈকুণ্ঠপুৰ সত্ৰাধিকাৰ কোন হৈছিল ?

 উত্তৰ- দামোদৰ দেৱৰ পিছত তেওঁৰ প্ৰধান শিষ্য বলদেৱ বৈকুন্ঠপুৰ সত্ৰাধিকাৰ হৈছিল ।

১২. গোপালচৰণৰ গুৰু কোন আছিল?

 উত্তৰ-দামোদৰদেৱ গোপালচৰণৰ গুৰু আছিল ।

১৩. গুৰুসেৱা মাহাত্ম্য পাঠ ক’ৰ পৰা লোৱা হৈছে?

 উত্তৰ-গুৰুসেৱা মাহাত্ম্য পাঠটো মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ ভক্তি ৰত্নাকৰ কথাৰ পৰা লোৱা হৈছে । 

১৪. গুৰুসেৱা মাহাত্ম্য পাঠত ভক্তিজ্ঞান দাতা গুৰুৰ মাহাত্ম্য কেইটা শ্লোকত পোৱা যায় ?

  উত্তৰ-

১৫. শংকৰদেৱৰ ভক্তিৰত্নাকৰ কোনে অসমীয়ালৈ পদ ভাঙনি কৰিছিল?

  উত্তৰ-

১৬. গুৰু কেইপ্ৰকাৰৰ?

 উত্তৰ-গুৰু তিনি প্ৰকাৰৰ ।

১৭. ৰঘুনাথ মহন্ত কোন শতিকাৰ লেখক?

 উত্তৰ- ৰঘুনাথ মহন্ত অষ্টাদশ শতিকাৰ লেখক । 

১৮. ৰামৰ বন-গমন পাঠটো ক’ৰ পৰা লোৱা হৈছে।

 উত্তৰ-ৰামৰ বন-গমন পাঠটো ৰঘুনাথ মহন্তৰ শ্ৰী ৰামায়ণ কথাৰ পৰা লোৱা হৈছে ।

গুৰু কেই প্ৰকাৰৰ আৰু কি কি ?

১৯. দৈয়াং সত্ৰৰ প্ৰতিষ্ঠাতা কোন আছিল?

 উত্তৰ- দৈয়াং সত্ৰৰ প্ৰতিষ্ঠাতা হল হৰে কৃষ্ণ ।

২০. ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা কি?

 উত্তৰ- ৰঘুনাথ মহন্তৰ প্ৰথম ৰচনা হল শত্ৰুঞ্জয় ।

২১. শত্ৰুঞ্জয় কাব্য কেতিয়া ৰচনা কৰা হৈছিল ?

 উত্তৰ- শত্ৰুঞ্জয় কাব্যখন অষ্টাদশ শতিকাত ৰচনা কৰা হৈছিল । 

২২.  শত্রুঞ্জয় কাব্যক আন কি নামেৰে জনা যায়? ৰঘুনাথ মহন্তই ৰচনা কৰা শ্রেষ্ঠ গ্ৰন্থখনৰ নাম কি?

উত্তৰ-শত্ৰুঞ্জয় কাব্যক বালীৰ দ্বিবিজয় নামেৰে জনা যায় । ৰঘুনাথ মহন্তই ৰচনা কৰা শ্ৰেষ্ঠ গ্ৰন্থখনৰ নাম হল কথা ৰামায়ণ  । 

২৩.ৰঘুনাথ মহন্তৰ শেষ ৰচনা কি? 

 উত্তৰ- ৰঘুনাথ মহন্তৰ শেষ ৰচনা হল কথা ৰামায়ণ । 

২৫.কথা ৰামায়ণৰ আধাৰ গ্ৰন্থ কি?

  উত্তৰ-কথা ৰামায়ণৰ আধাৰ গ্ৰন্থ হল শত্ৰুঞ্জয় আৰু অদ্ভূত ৰামায়ণ । 

. ৰঘুনাথ মহন্তই কোন গৰাকী ব্যক্তিৰ প্ৰভাৱত কথা ৰামায়ণ ৰচনা কৰিছিল ?

  উত্তৰ-ৰঘুনাথ মহন্তই প্ৰাক শংকৰী যুগৰ অপ্ৰমাদী কবি মাধৱ কন্দলীৰ প্ৰভাৱত কথা ৰামায়ণ ৰচনা কৰিছিল । 

২৭.ৰামৰ অভিষেকৰ বাৰ্তা কৈকেয়ীক কোনে দিছিল?

  উত্তৰ-ৰামৰ অভিষেকৰ বাৰ্তা কুজি মন্থৰাই কৈকেয়ীক দিছিল । 

২৮. কুঁজী মন্থৰা কোন?

  উত্তৰ– কুঁজী মন্থৰা ৰাণী কৈকেয়ীৰ এজনী দাসী আছিল ।

২৯. কৈকেয়ীৰ ভাতৃৰ নাম কি?

  উত্তৰ-  কৈকেয়ীৰ ভাতৃৰ নাম হল য়ুধাজিত ।

৩০ৰামায়ণকথাৰকোনকাণ্ডতৰামৰচৰিত্ৰৰমহত্ববেছিপোৱাযায়

 উত্তৰ- ৰামায়ণ কথাৰ অযোধ্যা কাণ্ডত ৰামৰ চৰিত্ৰৰ মহত্ব বেছি পোৱা যায় । 

৩১.‘আততায়ীৰ বধে কিছু দোষ নাহি।’ বুলি কাক কোৱা হৈছে?

  উত্তৰ- আততায়ী বধে কিছু দোষ নাহি । ইয়াত আততায়ী বুলি ভৰতৰ মাতৃ কৈকেয়ীক কোৱা হৈছে ।

লগতে চাওক –
>> [300+] shayari love assamese
>> ভালপোৱাৰ ষ্টেটাছ
>> ভট্টদেৱৰ গদ্যৰ বৈশিষ্ট্য কি কি ?

চমু প্রশ্ন ঃ

১।ভট্টদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তি স্তম্ভ কি কি?

  উত্তৰ-ভট্টদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল কথাগীতা, কথা-বাগৱত, আৰু কথা-ৰত্নাৱলী । 

২।ভট্টদেৱ কি কি উপাধিৰে বিভূষিত?

  উত্তৰ-ভট্টদেৱ কবিৰত্ন আৰু ভাগৱত আচৰ্উয পাধিৰে বিভূষিত । 

৩। ভট্টদেৱে সংস্কৃতত লিখা গ্রন্থ দুখন কি কি?

  উত্তৰ- ভট্টদেৱে সংস্কৃতত লিখা গ্ৰন্থ দুখন হল ভক্তিসাৰ আৰু ভক্তিবিবেক ।

8. ভট্টদেৱৰ কথাগীতাৰ দুটা বৈশিষ্ট্য উল্লেথ কৰা। 

 উত্তৰ- ভট্টদেৱৰ কথাগীতাৰ দুটা বৈশিষ্ট্য হল 

ক) ভট্টদেৱে দৈনন্দিন ব্যৱহাৰিত কথাভাষা গ্ৰহণ কৰা নাছিল । কথাভাষাৰে এটা সাধু আৰু গুৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে ।

খ) তেওঁৰ পুথিৰ পদ্যপুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু ব্যাকৰণিক পদ্ধতিটো গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনা প্ৰণালীত তাক ব্যৱহাৰ কৰিছে । 

৫। কথাগীতা অনুবাদ মূলক নহৈ ব্যাখ্যামূলক কি কি?

   উত্তৰ-

৬. গুৰু কেই প্ৰকাৰৰ আৰু কি কি?

  উত্তৰ-  গুৰু তিনিপ্ৰকাৰৰ যেনে 

ক) পিতৃ-মাতৃ ।

খ) শিক্ষক ।

গ) দীক্ষাগুৰু । 

গুৰু কেই প্ৰকাৰৰ আৰু কি কি ?

৭. গোপালচৰণ দ্বিজে কি কি গ্ৰন্থ ৰচনা কৰিছিল ?

  উত্তৰ- গোপালচৰণ দ্বিজে ৰচনা কৰা গ্ৰন্থ কেইখন হল 

ক) ভাগৱত তৃতীয়স্কন্দ, খ) ভাগৱত সপ্তস্কন্দ, গ) ভাগৱত অষ্টম স্কন্দ, ঘ) শংকৰদেৱৰ ভক্তি ৰত্নাকৰৰ ভাঙনি । 

৮। ৰঘুনাথ মহন্তই ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম কি কি? 

উত্তৰ- ৰঘুনাথ মহন্তই ৰচনা কৰা গ্ৰন্থকেইখনৰ নাম হল 

ক) কথা ৰামায়ণ ।

খ) অদ্ভুত ৰামায়ণ ।

গ) শত্ৰঞ্জয় ।

৯। ৰজা দশৰথৰ ভাৰ্য্য তিনি গৰাকীৰ নাম কি কি?

  উত্তৰ- ৰজা দশৰথৰ তিনিগৰাকী ভাৰ্য্যৰ নাম হল 

ক) কৌশল্যা ।

খ) কৈকেয়ী ।

গ) সুমিত্ৰা ।

১০. ৰামৰ বন গমন পাঠটো ক’ৰ পৰা লোৱা হৈছে?

  উত্তৰ- ৰামৰ বন গমন পাঠটো ৰঘুনাথ মহন্তৰ শ্ৰী ৰামায়ণ কথাৰ পৰা লোৱা হৈছে । 

১১. ৰঘুনাথ মহন্তৰ গদ্যৰীতিৰ দুটা বৈশিষ্ট্য লিখা।

   উত্তৰ- 

ৰচনা ধৰ্মী প্রশ্ন :

১। ভট্টদেৱৰ সাহিত্যিক প্ৰতিভাৰ বিষয়ে লিখা। 

 উত্তৰ- অসমীয়া গদ্য সাহিত্যৰ প্ৰতিষ্ঠাতা বুলি ভট্টদেৱক কোৱা হয় । ১॥৫৫৮ চনত কামৰূপ বৰনগৰ অঞ্চলৰ ভেৰাগ্ৰামত ভট্টদেৱৰ জন্ম হয় । তেওঁৰ পিতুৃৰ নাম হল চন্দ্ৰ ভাৰতী। নীলকান্ত দাসৰ দামোদৰ দেৱৰ চৰিতৰ মতে বজালী অঞ্চলৰ বিজনকুছিৰ কবি সৰস্বতী নামৰ পণ্ডিত  এজনৰ দ্বিতীয় পুত্ৰ ভট্টদেৱ । তেওঁ যথেষ্ট সময়ত শাস্ত্ৰত পাৰ্গত হয় । তেওঁৰ প্ৰকৃত নাম আছিল বৈকুন্ঠনাথ ভাগৱত ভট্টাচাৰ্য । তেওঁ যথাৰীতি শিক্ষা শেষ কৰি দামোদৰদেৱৰ ওচৰত শৰণ লয় । 

দামোদৰদেৱে ভট্টদেৱক কথা ভাগৱত ৰচনা কৰিবলৈ কয় আৰু সেইমতে ভট্টদেৱে টীকাভাষ্য অনুসৰণ কৰি প্ৰথম স্কন্দ ৰচনা কৰি দামোদৰদেৱক দেখুৱায় । দামোদৰদেৱে ভাগৱতৰ চমু আৰু সৰল ৰূপ দিয়াৰ আদেশ দিয়ে । 

ভট্টদেৱৰ ভাগৱত ৰচনাৰ উ ৎপত্তি আৰু ব্যাখ্যাৰ অসাধাৰণ ক্ষমতা দেখি পণ্ডিত সমাজে কবিৰত্ন আৰু ভাগৱত আচাৰ্য উপাধি দিয়ে । দামোদৰদেৱে কোচবিহাৰলৈ যাওঁতে পাটবাউসী সত্ৰৰ ভাগৱতী ভট্টদেৱক পাতি থৈ যায় ।

পাটবাউসীত থকাসময়ত ভতিজাক শ্ৰী কৃষ্ণদেৱৰ লগত মনোমালিন্য হোৱাত দামোদৰদেৱে ভট্টদেৱ আৰু কৃষ্ণদেৱক দুয়োকে তেওঁৰ মৃত্যুৰ সময়ত সুস্বাদু খাদ্য লৈ কোচ বিহাৰলৈ মাতি পঠাইছিল । সেই নিৰ্দেশ মানি লৈ ভট্টদেৱে কথাভাগৱত ৰচনা কৰি গুৰুৰ হাতত তুলি দিয়ে ।  ভট্টদেৱৰ সাংস্কৃতিক বা সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ হল কথাগীত, কথাভাগৱত আৰু কথা-ৰত্নাৱলী । ইয়াৰোপৰি ভট্টদেৱৰ আন উল্লেখযোগ্য গ্ৰন্থ হৈছে শৰণমালিকা, গুৰুবংশাৱলী, প্ৰসঙ্গমালা । সংস্কৃত ভাষাত ৰচনা কৰা আন কেইখনমান গ্ৰন্থ হল ভক্তিসাৰ, আৰু ভক্তিবিবেক । কথাগীতা আৰু কথাভাগৱতৰ পাছত কথা-ৰত্নাৱলী ৰচনা কৰে । সেইফালৰ পৰা সপ্তদশ শতিকাৰ দ্বিতীয় দশকত কথা-ৰত্নাৱলী গ্ৰন্থখন সম্পূৰ্ণ কৰে । 

ভক্তিবিবেক গ্ৰন্থখন সংগ্ৰাহক পুৰাণ সাহিত্য, উপনিষদ আদিৰ শ্লোক সংগ্ৰহ কৰিছে । ভক্তিসাৰ কৃষ্ণৰ পূৰ্ণ ব্ৰহ্মত্ব প্ৰতিপালন কৰি ভক্তিৰ শ্ৰেষ্ঠতা প্ৰদৰ্শন কৰিছে ।  ভক্তিবিবেক গ্ৰন্থত শ্ৰৱণ-কীৰ্তন আদি নবিধ ভক্তিৰ মহিমা, বিষ্ণুৰ শ্ৰেষ্ঠত্ব, সাকাৰ-নিৰাকাৰ আদি জ্ঞানক কথা শ্লোকসমূহত সংস্কৃতত গূঢ়াৰ্থ ৰূপত প্ৰকাশ কৰিছে ।  চৰিত পুথিৰ মতে কথাভাগৱত আগতে ৰচনা আৰু কথাগীতা পাছত ৰচনা কৰে । কথা-ভাগৱতৰ দশমস্কন্ধ শংকৰদেৱৰ আদি দশম আৰু অনন্ত কন্দলীৰ শেষ দশমৰ কথা উল্লেখ কৰিছে । গতিকে কথা-ভাগৱত ষোড়শ শতিকাৰ শেষ দশকৰ ৰচনা বুলি কব পাৰি । সত্যেন্দ্ৰ নাথ শৰ্মাই কথা ভাগৱত আৰু কথা-গীতাৰ সম্পৰ্কে লিখিছে কথাভাগৱতত ভট্টদেৱে টাকাভাষ্যৰ  সহায় ললেও সেইবোৰক হুবহু অনুবাদ নকৰি বা নকল নকৰি বিষয়বস্তুক সহজভাৱে ৰূপ দিছে , কথা গীতাৰ দৰে যুক্তি তৰ্কৰ অৱতাৰণা কৰা নাই । কথা-গীতাত লিখকে শংকৰী , ভাস্কৰী, দামোদৰী আৰু শ্ৰী ধৰী — এই চাৰিবিধ টীকা আলোচনা কৰি গীতাৰ তত্ত্বগধুৰ বিষয়বস্তু প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে । উপৰোক্ত চাৰিটা টীকাৰ ভিতৰত ভক্তি প্ৰধান শ্ৰীধৰ টীকাৰ প্ৰভাৱেই অতি বেছি । টীকাত যেনেধৰণে পূৰ্ব পক্ষৰ প্ৰশ্ন আৰু উত্তৰ পক্ষৰ সিদ্ধান্ত দিয়া হয় বা একোটা সম্ভাৱনীয় প্ৰশ্ন তুলি বা সন্দেহ সৃষ্টি কৰি তাৰে উত্তৰ দি ক্ৰমে বক্তব্য বিষয় প্ৰকাশ কৰি যোৱা হয়, ভট্টদেৱেও গীতাত তাকে অনুসৰণ কৰিছে । ইয়াৰ ফলত পাঠকৰ বা শ্ৰোতাৰ পক্ষে বক্তব্য বুজাত সুবিধা হৈছে । শ্ৰীধৰ স্বামীৰ যুক্তি আৰু ব্যাখ্যাৰ প্ৰভাৱ ভট্টদেৱৰ ৰচনাত অতি স্পষ্ট হৈ আছে । অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত । 

২ ভট্টদেৱৰ কথাগীত প্রথম অধ্যায়ৰ আধাৰত কথাগীতাৰ গদ্যৰীতি লিখা 

  উত্তৰ-

৩।অসমীয়া সাহিত্যৰ প্ৰথম সাহিত্যিক গদ্যৰ জন্মদাতা ভট্টদেৱ কিমান প্ৰতিভাশালী, তেওঁৰ ভাষা উপজিয়ে কিমাৰ শক্তিশালী ভাবিলে বিস্ময়ত অভিভূত হ’ব লাগে – কথাগীতাৰ গদ্যৰ প্ৰসঙ্গত এই মন্তব্যৰ বিচাৰ কৰা

   উত্তৰ-

8। কথাগীতা প্ৰকৃততে এখন অনুবাদমূলক গ্ৰন্থ নহৈ ব্যাখ্যামূলক গ্ৰন্থহে হৈছে? তোমাৰ পাঠৰ আধাৰত যুক্তি যুক্ততা বিচাৰ কৰা।

   উত্তৰ-

৫। কথাগীতাৰ ভাষা গুৰু গম্ভীৰ সাধু ভাষা, চুটি চুটি বাক্য সংযোগেৰে গধুৰ বিষয়বস্তু বুজোৱাত লিখক অতুলনীয় ৰচনা ক্ষমতা পৰিলক্ষিত হৈছে। পুথিৰ উদ্দেশ্য আৰু লিখাৰ ভংগীৰ লগত অপূর্ব সমন্বয় ঘটিছে।’ উক্ত মন্তব্যৰ যথাৰ্থতা উদাহৰণেৰে বিচাৰ কৰা।

   উত্তৰ-

৬। কথাগীতাৰ ব্যাকৰণগত বৈশিষ্ট্যবোৰ লিখা।

  উত্তৰ- কথাগীতাৰ ব্যাকৰণগত বৈশিষ্ট্যবোৰ হল 

১। ভট্টদেৱে দৈনন্দিন ব্যৱহাৰিত কথ্যভাষা গ্ৰহণ কৰা নাছিল । কথ্যভাষাৰে এটা সাধু আৰু গুৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে ।

২। তেওঁৰ পুথিৰ গদ্যপুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু ব্যাকৰণিক পদ্ধতিটো গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনা প্ৰণালীত তাক ব্যৱহাৰ কৰিছে ।

৩। গদ্য বা কথ্যৰীতি প্ৰকাশৰ মাধ্যমৰূপে গ্ৰহণ কৰিলেও পদবন্ধনৰ ৰীতিৰ মোহ এৰিব পৰা নাই ।

৪। কথা ভাগৱতৰ মাজে-মাজে তেওঁৰ গদ্যৰীতি ছন্দগন্ধী হৈ পৰা দেখা যায় । যাৰ ফলত বাক্যবোৰ অন্ত্যানুপ্ৰাসযুক্ত আৰু শব্দ বিন্যাস ৰীতি লয় প্ৰসাৰী হৈছে ।

৫। বাক্যত শব্দ বিন্যাস প্ৰণালী নিখুত আৰু ব্যাকৰণৰ প্ৰয়োগ বিশুদ্ধ । 

৬ । ভট্টদেৱৰ কথাগীতা, কথাভাগৱতত ব্যৱহাৰ হোৱা বাক্যবোৰ সাধাৰণতে ছুটি ছুটি । 

৭। সংস্কৃতিয়া প্ৰভাৱ যুক্ত সমাসবদ্ধ বাক্যৰ প্ৰয়োগ কৰা দেখা যায় ।

৮। তদ্ভৱ শব্দ-প্ৰয়োগ কৰা বাক্যবোৰ প্ৰয়োগ কৰিছে । 

৯। ছন্দোবদ্ধ ৰচনা প্ৰয়োগ নোহোৱা উত্তম পুৰুষৰ ভৱিষ্যত কালৰ প্ৰত্যয় ম আৰু তৃতীয় পুৰুষ ব প্ৰত্যয় তেওঁৰ গদ্যৰ বিশেষত্ব ।

১০। কাৰক বিভক্তিত পৰা প্ৰত্যয়ৰ ব্যৱহাৰ দুই এঠাইত দেখা যায় ।

১১। তেওঁৰ ৰচনাত মাজে-মাজে ঘৰুৱা উপমা বা চিত্ৰ প্ৰয়োগ কৰি ব্ক্তব্য বিষয় পৰিস্ফুট কৰাৰ এটা ক্ষীণ প্ৰবাহ দেখা যায় ।

১২। ভট্টদেৱে প্ৰয়োগ কৰা বাক্যবোৰ চুটি-চুটি কিন্তু তাৰ মাজত বহু কথা সুমুৱাই দিয়া ক্ষমতা তেওঁৰ আছে । তেওঁৰ ভাষা প্ৰকাশিকা শক্তি উল্লেখ কৰা হৈছে যদ্যপি তুমি সকলো পানীত কৰি অত্যন্ত পাপ কৰা হোৱা তথাপি পাপৰ সমুদ্ৰক জ্ঞান নাৱে অনায়াসে তৰিবা । যেন কষ্ঠসমূহক প্ৰজ্জলিত অগ্নিয়ে ভস্ম কৰে তেমনে জ্ঞানাগ্নিয়ে প্ৰাবদ্ধ বিনে সকল কৰ্মতে ভস্ম কৰে । 

১৩। চুটি-চুটি বাক্য ব্যৱহাৰ  কৰা গহদ্য কলি যুগত ধৰ্মৰ তিনিপদ টুটিল, অস্তত সিয়ো পদ্দ নষ্ট হৈব । প্ৰজাসবো নিৰ্দয়া, দুৰাচাৰ, কলহপ্ৰিয় কামুক বিত্তহীন, হব । 

৭. ভট্টদেৱৰ গদ্য শক্তিশালী হোৱা সত্বেও জনপ্ৰিয় নোহোৱাৰ কাৰণবোৰ ব্যাখ্যা 

কৰা।

  উত্তৰ-  ভট্টদেৱক অসমীয়া গদ্য সাহিত্যৰ প্ৰকৃত জনক বুলি কোৱা হয় । তেওঁৰ হাততেই অসমীয়া গদ্য সাহিত্যই প্ৰকৃত পক্ষে বিকাশ লাভ কৰে, যদিও ভট্টদেৱৰ গদ্য সাহিত্য অসমীয়া সমাজত জনপ্ৰিয়তা লাভ কৰিব নোৱাৰিলে । কাৰণ তেওঁ সংস্কৃত সাহিত্যত অগাধ বা বিদগ্ধ পণ্ডিত হোৱা কাৰণে কথাগীতা, কথাভাগৱত আৰু ভক্তি ৰত্নাৱলীত অসমীয়া কথিত শব্দৰ পৰিৱৰ্তে সংস্কৃত শব্দৰ প্ৰয়োগ বেছি আছিল ।

ভট্টদেৱে তত্ত্বগধুৰ সংস্কৃত শাস্ত্ৰ কথাগীতা, কথাভাগৱত, ভক্তি-ৰত্নাৱলী অসমীয়া গদ্যলৈ ৰূপান্তৰ কৰি অসমীয়া ভাষাক উচ্চ মৰ্যাদা দান কৰি তত্ত্বগধুৰ ভাৱ প্ৰকাশৰ সহজ-বাহন হিচাপে অসমীয়া গদ্যভাষাক প্ৰতিষ্ঠা কৰিলে । তেওঁ গ্ৰন্থ তিনিখন অসমীয়ালৈ অনুবাদ কৰি অসমীয়া গদ্যভাষাৰ চালিকাশক্তিৰ নতুন শিক্ষাৰ পৰিচয় দিলে ।

১। ভট্টদেৱে দৈনন্দিন ব্যৱহাৰিত হৈ থকা কথাভাষা গ্ৰহণ কৰা নাছিল । কথাভাষাৰে এটা সাধু আৰু গুৰু গম্ভীৰ ৰূপ গদ্যত ব্যৱহাৰ কৰিছে ।

২। ভট্টদেৱৰ পুথিৰ পদ্যপুথিত ব্যৱহাৰ কৰা শব্দাৱলী আৰু ব্যাকৰণিক পদ্ধতিটো গ্ৰহণ কৰি কথিত ভাষাৰ বাক্য ৰচনা প্ৰণালীত তাক ব্যৱহাৰ কৰিছে ।

৩। গদ্য বা কথ্যৰীতি প্ৰকাশৰ মাধ্যমৰূপে গ্ৰহণ কৰিলেও পদবন্ধৰ ৰীতিৰ মোহ এৰিব পৰা নাই ।

৪। কথা ভাগৱতৰ মাজে মাজে তেওঁৰ গদ্যৰীতি ছন্দগন্ধী হৈ পৰা দেখা যায় । যাৰ ফলত বাক্যবোৰ অন্ত্যানুপ্ৰাসযুক্ত শব্দবিন্যাসৰ ৰীতি লব লগা হৈছে ।

৫। বাক্যত শব্দ বিন্যাস প্ৰণালী নিখুত আৰু ব্যাকৰণৰ প্ৰয়োগ বিশুদ্ধ ।

৬। ভট্টদেৱৰ কথাগীতা, কথাভাগৱতত ব্যৱহাৰ হোৱা বাক্যবোৰ সাধাৰণতে চুটি-চুটি । 

৭। সংস্কৃতীয়া প্ৰভাৱযুক্ত সমাসবদ্ধ বাক্যৰ প্ৰয়োগ কৰা দেখা যায় ।

৮। তদ্ভৱ শব্দ -প্ৰয়োগ কৰা বাক্যবোৰ প্ৰয়োগ কৰিছে । 

৯। ছন্দোবদ্ধ ৰচনা প্ৰয়োগ নোহোৱা উত্তম পুৰুষৰ ভৱিষ্যত কালৰ প্ৰত্যয় ম আৰু তৃতীয় পুৰুষৰ ব প্ৰত্যয় তেওঁৰ পদ্যৰ বিশেষত্ব ।

১০। কাৰক বিভক্তিত পৰা প্ৰত্যয়ৰ ব্যৱহাৰ দুই এঠাইত দেখা যায় । 

৮. হে মধুসুদন, আৰা যদি আমাক মাৰে তথাপি আমি তাৰাক মাৰিবে ইচ্ছা নকৰি। কোনে কেতিয়া কি কাৰণে এইদৰে কৈছিল বিশদভাৱে আলোচনা কৰা।

   উত্তৰ-

৯। মঞি অস্ত্ৰ নধৰি মৌনে ৰহো, তেৱে যদি দুৰ্য্যোধনাদি অস্ত্ৰ ধৰি মোকে বধে তোৰ মোৰ মহাপ্ৰিয় হয়, যাতো পাপ নিসিজিব।’ – কোনে কেতিয়া কি কাৰণে এইদৰে কৈছিল স্পষ্টভাৱে আলোচনা কৰা।

   উত্তৰ-

১০. গুৰুসেৱা মাহাত্ম্য পাঠটোৰ মূলকথাখিনি তোমাৰ ভাষা লিখা।

 উত্তৰ-  গুৰুসেৱা মাহাত্ম্য পাঠটোৰ বা প্ৰধান চৰিত্ৰটো হল ভগৱান শ্ৰী কৃষ্ণ । গুৰুসেৱা মাহাত্ম্য পাঠটোৰ লিখক  গোপালচৰণ দ্বিজে জগতৰ প্ৰথমজন পৰম পুৰুষ, ত্ৰি-জগতৰ পতি, পৰম আত্মা শ্ৰী কৃষ্ণক প্ৰথমে প্ৰণাম কৰিছে । শ্ৰী কৃষ্ণ হল প্ৰথমজন ৰাজনীতিবিদ আৰু কুটনীতিবিদ পুৰুষ আছিল ।  ইয়াৰ পাছত বৈষ্ণৱসকলে প্ৰণাম জনাইছে । কৃষ্ণৰ একান্ত সেৱক বৈষ্ণৱ ধৰ্মৰ গুৰু মহাপুৰুষ শ্ৰী মন্ত শংকৰদেৱৰ জন্মৰ আগতে ইয়াত বৈষ্ণৱ ধৰ্মৰ ভক্তিৰ প্ৰভাৱ নাছিল । শংকৰদেৱৰ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ চাৰিওফালে বিয়পি পৰিছিল । যি গৰাকী মহান পুৰুষ শ্ৰী মন্ত শংকৰদেৱে বৈষ্ণৱ ধৰ্মৰ ভক্তিৰ নিজৰা বিয়পাই তুলিলে সেইগৰাকী মহান পুৰুষৰ মহিমা গোপালচৰণ দ্বিজৰ ব্ৰাহ্মণৰ সীমিত জ্ঞানেৰে প্ৰকাশ কৰাটো সম্ভৱপৰ নহয় । মহাপুৰুষ শংকৰদেৱে বহুতো লোকক বা জনসাধাৰণক দয়া-ক্ষমা কৰি ভক্তিৰত্নাকৰ নামৰ গ্ৰন্থখন ৰচনা কৰিলে ।  সাধুসকলে কথা-বদ্ধৰ বাবে যেন নিন্দা বা হিংসা নকৰে । ইয়াৰ পাছত  ৰত্নাকৰ গ্ৰন্থ কথাবস্তু বৰ্ণনা কৰিবলৈ আগবাঢ়ি আহিছে । মহাপুৰুষ  শংকৰদেৱে ভাগৱত গ্ৰন্থৰ পৰা শ্লোক আনি জনসাধাৰণৰ কাৰণে ৰত্নাকৰ শাস্ত্ৰ ৰচনা কৰিলে । ৰত্নাকৰ শাস্ত্ৰৰ মাজে-মাজে পুৰাণৰ বহুতো বচন সুমুৱাই ৰাখিছে যাতে সমালোচকসকলৰ আলোচনাৰ পৰা আতৰি থাকিব পাৰে । 

পোনপ্ৰথমে ভগৱান শ্ৰী কৃষ্ণক প্ৰণাম কৰিছে । যি গৰাকী মহাপ্ৰভূৰ নামটো উচ্চাৰণ কৰিলেই মহাপাপীসকলে সংসাৰ-সাগৰৰ পৰা পলায়ন কৰে । তেনে এগৰাকী উপাস্য দেৱতা ভগৱানক সেৱা কৰিলে মানুহৰ জীৱনৰ মুক্তি লাভ হয় । গোপালচৰণ দ্বিজে পুনৰ কৈছে যে ভাগৱত শাস্ত্ৰ হৈছে এখন অমৃতৰ সাগৰ । শংকৰদেৱে তাক মথি উদ্ধাৰ কৰিলে । সেইকাৰণে সকলোৱে শুদ্ধ অন্তৰেৰে তাক সেৱা কৰিব লাগে । সমস্ত ভাগৱত শাস্ত্ৰৰ পৰা যি সাৰতত্ত্ব সংগ্ৰহ কৰি যিখন গ্ৰন্থ ৰচনা কৰিলে সেই গ্ৰন্থখনেই হল ভক্তিৰত্নাকৰ । 

দশমস্কন্ধৰ আশী অধ্যায়ত দৰিদ্ৰ দামোদৰক ভগৱান শ্ৰীকৃষ্ণই কৈছে যে ভক্তি জ্ঞান দান কৰা গুৰুৱে অত্যন্ত পূজনীয় । এই ক্ষেত্ৰত তিনিজন গুৰুৰ কথা ইয়াত কোৱা হৈছে । সেই কেইজন হল  পিতৃ-মাতৃ, শিক্ষক, ভগৱান ইশ্বৰ ।

১১. গুৰুসেৱা মাহাত্ম্য পাঠৰ গদ্যৰীতি সম্পর্কে লিখা।

  উত্তৰ-গুৰুসেৱা মাহাত্ম্য পাঠটোৰ মূল বা প্ৰধান গদ্যৰীতি হল  

জ্ঞানদাতা বা জ্ঞান দান কৰা গুৰুক অধিক সেৱা কৰা উচিত । তেনে গুৰুভজনত কৈ আন কোনো অধিক ধৰ্ম নাই । শ্ৰীকৃষ্ণ দামোদৰক এনেদৰে কৈছে জানা বান্ধৱ, গৃহস্থধৰ্মে , ব্ৰহ্মাচাৰী ধৰ্মে, বাণপ্ৰস্থধৰ্মে, সন্ন্যাস ধৰ্মেয়ো মই পৰমেশ্বৰ তেমনে তুষ্ট নোহোসকল ভূতৰ আত্মা হৈতেওঁ গুৰু সেৱায়ে তেমনে তুষ্ট হও । গুৰু সেৱাই আটাইতকৈ শ্ৰেষ্ঠ ধৰ্ম । গুৰুসেৱাৰ ফলৰ কথা গোপালচৰণ দ্বিজে ভাগৱতৰ একাদশ স্কন্ধৰ তৃতীয় অধ্যায় প্ৰবুদ্ধ সিদ্ধে মহাৰাজ নিমিক গুৰুৰ লক্ষণৰ উত্তম কথা কৈছে । গুৰুৰ লক্ষণবোৰ হল বেদৰ তত্ত্বজ্ঞান জনা, বেদৰ তত্ত্বজ্ঞান নাজানিলে মনৰ সংশয় আঁতৰি নাযায় । কৃষ্ণৰ একান্ত দাস হব লাগে, কৃষ্ণৰ ভক্ত নহলে শিষ্যৰ বোধশক্তি জগাব নোৱাৰে ।  ভকতসকলে কেনেকৈ জানিব তাৰ চিন হল ভকতৰ ৰাগ-লোভ নাথাকিলে তেওঁহে গুৰু হব পাৰে । তেওঁ হব লাগিব একান্ত দাস আৰু মায়া-মোহৰ লোভৰ পৰা মোক্ষ প্ৰাপ্তি, বেদৰ তত্ত্বজ্ঞান থকা ।

গুৰু সেৱাৰ মহিমা দেখুৱাবলৈ ভাগৱতৰ পঞ্চম স্কন্ধৰ একাদশ অধ্যায়ত গুৰুসেৱাৰ মহিমাৰ কথা ভৰতৰ বক্তব্যৰ জৰিয়তে প্ৰকাশ কৰিছে । ভৰতে বহুগণক কৈছে যে মন মানুহৰ বৰ বলবান পৰম শত্ৰ । ই অসাৱধানতে নাশ কৰিব পাৰে । সেইকাৰণে এই কথাটো জানি সাৱধান হৈ গুৰু ৰূপ হৰিৰ চৰণে সেৱা কৰি তীক্ষ্ন খাণ্ডা ধৰা মনৰ শত্ৰুক নাশ কৰি সংসাৰ সাগৰ ভব পাৰ হব লাগে । গোপালচৰণ দ্বিজে ভক্তি ৰত্নাকৰত এই কথাটোক কৈছে যে কৃষ্ণত শৰণ লৈ গুৰুসেৱা কৰিলেহে সংসাৰ-সাগৰ পাৰ হব পাৰি । নহলে এই সংসাৰ-সাগৰৰ পৰা মুক্তি লাভ কৰিব নোৱাৰি । এনেদৰে ভক্তি ৰত্নাকৰ মাহাত্ম্যৰ কথাখিনি গোপালচৰণ দ্বিজে সামৰণি মাৰিছে । গোপালচৰণ দ্বিজৰ গুৰুসেৱাৰ মাহাত্ম্যত সকলো লোকৰ কুশল কামনাৰে হাতযোৰ কৰি তেওঁৰ বাণী শুনিবলৈ কৈছে । কলিযুগত পাপৰ পৰা হাত সাৰিবলৈ গুৰুসেৱা বিনে অন্যপথ নাই । আন কৰ্মত ভগৱান কেতিয়াও তুষ্ট নহয় । সেয়ে গুৰুসেৱাই উত্তম সেৱাই শ্ৰৱণ-কীৰ্তন । যিমান পাৰি গুৰুক সেৱা কৰিব লাগে । ইয়াকে জানি সকলোৱে প্ৰথমে উচ্চস্বৰে হৰি বোল হৰি । 

১২. ৰঘুনাথ মহন্তৰ ৰামৰ বন-গমন পাঠৰ আধাৰত গদ্যৰীতি বর্ণনা কৰা৷

   উত্তৰ-

১৩। ৰামৰ বন গমন পাঠটোত ৰাম-লক্ষ্মণৰ চৰিত্ৰৰ মহত্ত্ব কিদৰে প্ৰকাশ পাইছে বৰ্ণনা কৰা ।

  উত্তৰ-সূৰ্যবংশৰ শিৰোমণি হৈ ৰজা দশৰথে কৈকেয়ীক বৰ দিয়াত পলম কৰা বাবে তেওঁৰ বংশৰ সকলোৱে নৰকলৈ যাব আৰু বৰ নিদিলে প্ৰাণ ত্যাগ কৰাৰ কথা জনালে । কৈকেয়ীৰ এনেকোৱা কঠোৰ বাণী শুনি ৰজাই ৰামৰ গুণ-বৰ্ণাই কৈকেয়ীক গৰিহণা কৰা কাৰ্যত বহুতো দুখ প্ৰকাশ কৰিলে । পিছদিনা পাত্ৰ-মন্ত্ৰী, পুৰোহিতসকলে ৰজা গৃহত অহাৰ ৱগেলগে ৰামচন্দ্ৰক মাতি আনিবলৈ নিৰ্দেশ দিলে । সুমন্তই ৰজাৰ আজ্ঞা পালন কৰি ৰাম-লক্ষ্মণক ৰজাৰ ওচৰলৈ আনিলে ৰজাৰ গৃহত থকা নৰ-নাৰী মহা আনন্দৰে ৰামক সম্ভষণ জনাইছে, ৰামে কৈকেয়ীৰ গৃহত উপস্থিত হৈ ৰজাক নমস্কাৰ জনাইছে । ৰজাই ৰামক দেখি মূৰ্চ্ছা গৈছে । যেতিয়া পিতৃৰ এনে অৱস্থা দেখি ৰামে কৈকেয়ীক সুধিলে হে মাতা পিতৃৰ এনে অৱস্থাৰ কাৰণ কি, পিতৃৰ এনে অৱস্থাৰ বাবে যিসকল দায়ী তেওঁলোকক শান্তি দিয়াৰ কথা ৰজা ৰামচন্দ্ৰৱে কলে । 

ৰামচন্দ্ৰই পিতৃৰ এনে অৱস্থাৰ কাৰণ জানিব খোজাত কৈকেয়ীৱে কৈছে ৰামচন্দ্ৰৰ দৰে পুত্ৰ থাকোতে স্বৰ্গ-মৰ্ত্ত্য, পাতালৰ কোনেও ৰজাৰ অমঙ্গল চিন্তা সাধন কৰিব নোৱাৰে, কিন্তু পূৰ্বৰ সত্য কথা স্মৰণ কৰি ৰজাই নিজে-নিজে শোকত অভিভূত হৈছে । দেৱতাসকলক ৰক্ষা কৰাৰ কাৰণে অসুৰৰ লগত যুদ্ধ কৰি উভতি অহা ৰজাক কৈকেয়ীৱে সেৱা-শুশ্ৰূষা কৰাত ৰজাই কৈকেয়ীক কথা দিছিল যে কৈকেয়ীৰ পুত্ৰ সন্তান জন্ম হলে ৰাজ্য সম্পদ তেওঁক দিব লাগিব আৰু আন ৰাণীৰ জেষ্ঠ সন্তানক বনবাস দিব লাগিব । 

কৈকেয়ীৰ এনেবোৰ কথা শুনি ৰামচন্দ্ৰই কৈছে ৰাজ্য লাভ কেৱল আপদ হে । তাৰ কাৰণে তেওঁৰ কোনো মোহ নাই । ৰজা মানে হল বন্দীত্বৰ জীৱন । বনবাস হৈছে মুক্ত জীৱন । গতিকে ৰজাৰ যি আশা তাকে হব । ৰজাই অন্তৰ তাপ-শোক এৰিব লাগে আৰু মাতৃ কৌশল্যাক প্ৰতিপালন কৰিব লাগে । গতিকে তেওঁক আশীবাৰ্দ দিব লাগে বুলি কৈ বনবাস যাবলৈ ৰামচন্দ্ৰ সাজু হল । এনে কথাতো কৈকেয়ী সন্তুষ্ট হোৱা নাই , কিয়নো ৰাম বনবাসত যোৱাৰ পিছতহে কৈকেয়ীৱে শান্তি পাব । ৰৈমে জনাই যে ভৰতৰ বাবে ৰামচন্দ্ৰ প্ৰাণ দিবলৈ সাজু ।  ৰামে পিতৃক নমস্কাৰ জনাই মাতৃ কৌশল্যাক সকলোবোৰ কথা বিৱৰি কোৱাৰ লগে-লগে কৌশল্যা মূৰ্চ্ছা গৈ মাটিত বাগৰি পৰিল । মাতৃৰ এনে অৱস্থা দেখি ৰাম-লক্ষ্মণে মাকক মাটিৰ পৰা তুলিলে । কৌশল্যাই জ্ঞান পাই ৰামৰ ডিঙিত ধৰি বনবাসত যাব নালাগে বুলি কৈছে মোৰ মৃত্যু হব বুলি কৈকেয়ীক ৰাক্ষসী বুলি গালি পাৰিলে । ৰজা দশৰথে ৰামক ৰজা পাতিব খুজিছে সেইকাৰণে কৈকেয়ীৱে ৰামৰ অহিত চিন্তা কৰিছে । 

এনে সময়তে লক্ষ্মণে কৈছে হে মাতৃ তুমি ঠিক কথাকে কৈছা, লক্ষ্মণে আজ্ঞা পালে কৈকেয়ীক কাটি টুকুৰা-টুকুৰ কৰিব । তাৰ উপৰিও সৈন্যসকলে যদি কৈকেয়ীৰ পক্ষ লয় তেতিয়া সিহতক তেওঁ উচিত শিক্ষা দিব ।  আনকি ভৰতৰ লগত মাক বা ইন্দ্ৰদেৱতা সকলো আহে কাকো ক্ষমা বা ৰেহাই নিদিয়ে বুলি লক্ষ্মণে কৈছে । 

১৪. ৰাম বন-গমন পাঠটোত ৰাম-লক্ষ্মণ আৰু কৌশল্যাৰ চৰিত্ৰৰ বৈশিষ্ট্য কেনেদৰে প্ৰকাশ পাইছে আলোচনা কৰা।

   উত্তৰ-

১৫. ৰজা দশৰথ আৰু শ্ৰীৰামচন্দ্ৰ কৈকেয়ীৰ ওচৰলৈ আহোতে কৈকেয়ীয়ে কি কি কৈছিল, তাৰ এটি বর্ণনা দিয়া।

  উত্তৰ-দুৰ্জ্জনৰ সংগত সন্তৰো মতি নষ্ট হবে । এই কথাটো সচাত পৰিণত হল ।কুঁজী মন্থৰাৰ ছলনাৰ মতে ৰাণী কৈকেয়ীৱে কাম কৰিলে । ঠিক সেই সময়ত ৰজা দশৰথ আহি কৈকেয়ীৰ গৃহত উপস্থিত হোৱাৰ লগে-লগে ঘন উশাহ -নিশাহ লৈ মাটিত বাগৰি বাগৰি বিলাপ কৰিবলৈ ধৰিলে । কৈকেয়ীৰ এই অৱস্থাটো দেখি ৰজাই দুখ প্ৰকাশ কৰি কৈকেয়ীক কলে যি তেওঁৰ এনেকুৱা অৱস্থা কৰিছে ৰজাই তেওঁক বহুতো শাস্তি দিব  । কোনো দিনা কৈকেয়ীৱে অহিত চিন্তা কৰা নাই আজি ৰাম ৰাজ-অভিষেকৰ আনন্দ কৰিব লাগে বুলি কৈ ৰাণীক মাটিৰ পৰা উঠিবলৈ কৈছে । ৰজাৰ এনে কথা শুনি কৈকেয়ীৰে আগৰ কথা সোৱৰাই দি কলে পূৰ্বে মোক দুটা বৰ দি সন্তুষ্ট কৰিছা, এতিয়া আৰু দুটা বৰ মোক লাগে । প্ৰথম বৰ হৈছে ৰামক ৰাজকাৰ্যৰ পৰা আতৰাই ভৰতক ৰজা পতা । দ্বিতীয়টো বৰ হৈছে ৰামসহ ভাৰ্যা, ভাতৃক চৈধ্য বছৰ বনবাসত থাকিব লাগে । তেতিয়াহে মোৰ অন্তৰ শান্ত হৈ পৰিব । কৈকেয়ীক কথা শুনাৰ লগে-লগে ৰজৰ মূৰৰ ওপৰত বজ্ৰপাত পৰাৰ নিচিনা হল । মাটিত মূৰ্চ্ছা গল । তাৰ পিছত চেতনা পাই ৰজা দশৰথে ৰাণী কৈকেয়ীক বহুতো গৰিহণা দিছে । যদিও পিছত ভৰিত ধৰি কাকূতি–মিনতি কৰিছে । তথাপিও ৰাণী কৈকেয়ীৰ অন্তৰ শাঁত নপৰিল । ৰজাক কৈছে যে সূৰ্যবংশৰ শিৰোমণি হৈ ৰজা দশৰথে কৈকেয়ীৰ বৰ প্ৰদানত পলম কৰে তেতিয়াহলে সূৰ্যবংশৰ সকলোৱে নৰক যাব আৰু বৰ নিদিলে প্ৰাণ-ত্যাগ কৰাৰ কথা জনালে । কৈকেয়ীৰ এনেকোৱা কঠোৰ বাণী শুনি ৰজাই ৰামৰ গুণ-বৰ্ণাই কৈকেয়ীক গৰিহণা কৰা কাৰ্যত দুখ প্ৰকাশ কৰিলে । পিছদিনা পাত্ৰ-মন্ত্ৰী পুৰোহিতসকলে ৰজা গৃহত অহাৰ লগে-লগে ৰামচন্দ্ৰক মাতি আনিবলৈ নিৰ্দেশ দিলে । সুমন্তই ৰজাৰ আদেশ পালন কৰি ৰাম-লক্ষ্মণক ওচৰলৈ আনিলে ৰজাৰ গৃহত থকা পুৰুষ-নাৰী মহা আনন্দৰে ৰামক সম্ভাষণ জনাইছে । ৰজাই ৰামক দেখি মূৰ্চ্ছা গৈছে, তেতিয়া পিতৃৰ এনে অৱস্থা দেখি ৰামে কৈকেয়ীক সুধিলে হে মাতা পিতৃৰ এনে অৱস্থাৰ কাৰণ কি । পিতৃৰ এনে অৱস্থাৰ কাৰণে যিসকল দায়ী তেওঁলোকক শাস্তি দিয়াৰ কথাও ৰামে কলে । 

ৰামচন্দ্ৰই পিতৃৰ এনে অৱস্থাৰ কাৰণ জানিব খোজাত কৈকেয়ীৱে কৈছে ৰামচন্দ্ৰৰ দৰে পুত্ৰ সন্তান থাকোতে স্বৰ্গ,মৰ্ত্ত্য, পাতালৰ কোনেও ৰজাৰ অমঙ্গলৰ কথা চিন্তা কৰিব নোৱাৰে । কিন্তু আগৰ সচা কথা স্মৰণ কৰি ৰজা দশৰথ নিজে নিজে শোকত ভাগি পৰিছে । দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে অসুৰৰ লগত যুদ্ধ কৰি উভতি অহা ৰজাক ৰাণী কৈকেয়ীৱে সেৱা-শ্ৰশ্ৰূষা কৰাত ৰজাই কৈকেয়ীক কথা দিছিল যে কৈকেয়ীৰ পুত্ৰ সন্তান জন্ম হলে ৰাজ্যখনৰ সম্পদ দিব আৰু আন ৰাণী জেষ্ঠ সন্তানক বনবাস দিব । এতিয়া ৰজাই সেই দায়িত্ব পালন কৰিব খুজিছে। যদি ৰামচন্দ্ৰই পিতৃৰ সন্তুষ্ট বিচাৰে তেতিয়াহলে তেওঁ চৈধ্যবছৰ বনবাস খাটিব লাগিব । তেতিয়া ৰজাৰ মানসিক সন্তুষ্ট হব বুলি ৰামচন্দ্ৰক বুজনি দিলে । 

১৬. ৰামৰ বন গমন পাঠটিত চিত্রিত কুঁজী মন্থৰাৰ চৰিত্ৰটি বাস্তৱ দৃষ্টিভংগীৰ পর্যালোচনা কৰা।

   উত্তৰ-

১৭. ৰামৰ বন-গমন পাঠটিত কৌশল্যা, কৈকেয়ী আৰু কুঁজীৰ চৰিত্ৰৰ যোগেৰে নাৰী চৰিত্ৰৰ কোনবোৰ দিশ ফুটাই তোলা হৈছে বৰ্ণনা কৰা।

   উত্তৰ-

১৮. ‘আততায়ীৰ বধে কিছু দোষ নাহি’ ইয়াত কাক আততায়ী বোলা হৈছে আৰু কিয় ? এই প্ৰসঙ্গত ৰাম, লক্ষ্মণ আৰু কৌশল্যাই আগবঢ়োৱা যুক্তি আৰু প্ৰতিযুক্তিসমূহ উল্লেখ কৰা ৷

  উত্তৰ-বেয়াৰ সংগত বা লগত ফুৰিলে ভালো বেয়া হয় বুলি এটা মতবাদ আছে । এই কথাচাৰ সচাত পৰিগণিত হবলৈ ধৰিলে । কুজী মন্থৰাই কৈকেয়ীক কৈছে যে ৰামচন্দ্ৰ যদি ৰজা হয় তেওঁৰ মাতৃ কৌশল্যা ৰাজমাও হব । আৰু তুমি দাসী হলে তোমাৰ পুত্ৰ ভৰত দাসীৰ পুত্ৰ বুলি সকলোৱে হাঁহিব । সেইকাৰণে তুমি এই শুভ কামটো হবলৈ নিদিবা । এই বুলি ৰাণী কৈকেয়ীৰ দাসী কুঁজি মন্থৰাই ৰাণীক কু-বুদ্ধি দিলে । সেই কথামতে ৰাণীয়ে মাটিত বাগৰি বাগৰি বিলাপ কৰিবলৈ ধৰিলে । কৈকেয়ীৰ এই অৱস্থাটো দেখি ৰজাই দুখ প্ৰকাশ কৰি ৰাণীক কলে যে তেওঁৰ এই অৱস্থা কোনে কৰাইছে ৰজাই তেওঁক সোনকালে শাস্তি দিব । কোনোদিনে অহিত চিন্তা নকৰা ৰাণীক ৰজাই মাটিৰ পৰা উঠি বহিবলৈ আদেশ দিলে । ৰজাৰ এই কথাশুনি কৈকেয়ীৱে আগৰ কথা সোৱৰাই দি কলে আগতে মোক দুটা বৰ দি সন্তুষ্ট কৰিছা, এতিয়া আৰু দুটা বৰ লাগে । ৰাণীয়ে কৈছে মই আপোনাৰ পৰা যি বিচাৰো আপুনি সেয়া মোক দিব লাগিব । ৰজাই হব বুলি ৰাণীক কলে । প্ৰথম বৰটো হৈছে ৰামক ৰজা নাপাতি ভৰতক ৰজা পাতিব লাগে আৰু দ্বিতীয় বৰটো হৈছে ৰামসহ ভাৰ্যা আদিকে কৰি চৈধ্যবছৰ বনবাস দিৱ লাগিব । তেতিয়াহে মোৰ অন্তৰশান্ত হৈ পৰিব ।

কৈকেয়ীৰ এই কথাষাৰ শুনাৰ লগতে ৰজাৰ মূৰৰ ওপৰত বজ্ৰপাতহে পৰিল । ৰজা মাটিত মূৰ্চ্ছা গল যদিও চেতনা পাই কৈকেয়ীক বহুতো ককৰ্থনা কৰিলে যদিও শেষত ভৰিত ধৰি ৰাণী কৈকেয়ীক কাকুতি-মিনতি কৰিলে । 

পাত্ৰ-মন্ত্ৰী পুৰোহিতসকলে ৰজাৰ গৃহত অহাৰ লগে-লগে ৰামচন্দ্ৰক মাতি আনিবলৈ নিৰ্দেশ দিলে । সুমন্তই ৰজাৰ আঞ্জা বা আদেশ পালন কৰি ৰাম-লক্ষ্মণক ৰজাৰ ওচৰলৈ আনিলে ৰজাৰ গৃহত থকা নৰ-নাৰী মহা আনন্দ-ফূৰ্তিৰে ৰামক সম্ভষণ জনাইছে । ৰামে কৈকেয়ীৰ গৃহত উপস্থিত হৈ ৰজাক নমস্কাৰ জনালে । ৰজাই ৰামক দেখি মূৰ্চ্ছা গৈছে, তেতিয়া পিতৃৰ এনে অৱস্থা দেখি ৰামে কৈকেয়ীক সুধিলে হে মাতা পিতৃৰ এনে অৱস্থাৰ কাৰণ কি, তাৰ প্ৰতিকাৰ লাগে । পিতৃৰ এনে অৱস্থাৰ বাবে যি দায়ী তেওঁলোকক শাস্তি দিয়াৰ কথাও ৰামে কলে । ৰামে পিতৃৰ এনে অৱস্থাৰ কাৰণ জানিব খোজাত  কৈকেয়ীৱে কৈছে ৰামচন্দ্ৰৰ দৰে এজন পুত্ৰ থাকোতে স্বৰ্গ-মৰ্ত্য, পাতালৰ কোনেও ৰজাৰ অমঙ্গল চিন্তা সাধন কৰিব নোৱাৰে , কিন্তু পূৰ্বৰ সত্য কথা স্মৰণ কৰি ৰজাই নিজে-নিজে শোকত ভাঙি পৰিছে । দেৱতাসকলক ৰক্ষা কৰিবৰ কাৰণে এসুৰৰ লগত যুদ্ধ কৰি উভতি অহা ৰজাক কৈকেয়ীৱে সেৱা-শুশ্ৰূষা কৰাত ৰজাই কৈকেয়ীক কথা দিছিল যে কৈকেয়ীৰ পুত্ৰ সন্তান জন্ম হলে ৰাজ্য সম্পদ দিব আৰু আন ৰাণী জেষ্ঠ সন্তানক বনবাস দিব লাগিব । এতিয়া ৰজাই সেই দায়িত্ব পালন কৰিব খুজিছে । যদি ৰামচন্দ্ৰৱে পিতৃৰ সন্তুষ্ট বিচাৰে তেনেহলে তেওঁ চৈধ্য বছৰ বনবাস খাটিব লাগে । তেতিয়া ৰজাৰ মানসিক সন্তুষ্টি হব বুলি ৰামচন্দ্ৰক বুজনি দিলে । 

কৈকেয়ীৰ এই কথা শুনি ৰামে কৈছে যে ৰাজ্য চলোৱা কামটো হৈছে এটা ডাঙৰ আপদ । তাৰবাবে তেওঁৰ কোনো মায়া-মোহ নাই । গতিকে ৰজাৰ যি আশা সেয়াৱে হব । ৰজাই অন্তৰৰ কষ্ট সহ্য বাদ দি মাতৃ কৌশল্যাক ভালদৰে প্ৰতিপালন কৰিব লাগে । গতিকে তেওঁক আশীৰ্বাদ দিব লাগে বুলি কৈ ৰামচন্দ্ৰ বনবাসলৈ যাবলৈ সাজু হল । এনে কাৰ্যকো কৈকেয়ী সন্তুষ্ট হোৱা নাই, কিয়নো ৰাম বনবাসত যোৱাৰ পিছতহে শান্তি পাব । ৰামচন্দ্ৰয়ে কৈকেয়ীক স্পষ্টকৈ জনাই দিলে যে ভৰতৰ কাৰণে তেওঁ মৃত্যু বৰণ কৰিবলৈও সাজু আছে । ৰামে পিতৃক নমস্কাৰ জনাই মাতৃ কৌশল্যাক সকলোবোৰ কথা বিৱৰি কোৱাৰ লগে-লগে কৌশল্যা মূৰ্চ্ছা গৈ মাটিত বাগৰি পৰিল । মকৰ এনে দেখি ৰাম-লক্ষ্মণে মাতৃক মাটিৰ পৰা তুলিলে । কৌশল্যাই জ্ঞান পাই ৰামৰ ডিঙিত বা গলাত ধৰি কলে যে তই বনবাসলৈ গলে মোৰ মৃত্যু হব । ৰাণী কৌশল্যাই ৰাণী কৈকেয়ীক ৰাক্ষসী,যখিনী, বুলি গালি পাৰিবলৈ ধৰিলে । ৰজা দশৰথে ৰামক  ৰজা পাতিব খুজিছে । কৈকেয়ীৱে ৰামৰ অহিত বা বেয়া চিন্তা কৰিছে । 

সেই সময়তে লক্ষ্মণে কৈছে যে হে মাতৃ তুমি ঠিক কথাকে কৈছা , লক্ষ্মণে আজ্ঞা পালে কৈকেয়ীক কাটি টুকুৰা-টুকুৰ কৰিব । তাৰ উপৰিও সৈন্যসকলে যদি ৰাণী কৈকেয়ীৰ পক্ষ লয়  তেতিয়া সিহতক উচিত শিক্ষা দিব । আনকি ভৰত লগত মাক বা ইন্দ্ৰদেৱতা সকলো আহে কাকো ক্ষমা বা ৰেহাই নিদিয়ে বুলি লক্ষ্মণে কৈছে ।  ইয়াত আততায়ী বুলি ৰাণী কৈকেয়ীক কোৱা হৈছে । কৌশল্যাই এনেতে মাত দিছে ৰামে লক্ষ্মণৰ কথা শুনিব লাগে । কাৰণ আততায়ীৰ বধে কোনো দোষ নাই । প্ৰথমতে মাতৃ বাক্য অনুসৰি কাশ্যপে স্বৰ্গ লাভ কৰিছে । মাতৃ বাক্য পালন কৰিবলৈ ইন্দ্ৰই ভাতৃ আৰু ভাতৃপত্নীসকলক বধ কৰি দোষমুক্ত হৈছে । এনে সময়ত ৰামচন্দ্ৰই কৈছে যে পিতৃৰ বাক্য পালন নকৰিলে গৰ্হিত হব । মাত্ৰ চৈধ্য বছৰহে বনবাস । গতিকে পিতৃৰ বাক্য অমান্য কৰা উচিত নহয় । পিতৃ বাক্য পালন কৰিবলৈ গৈ পৰশুৰামে মাতৃক কাটিলে । চন্দ্ৰ নামৰ ঋষি এজনে পিতৃ বাক্য পালন কৰিবলৈ গো বধ কৰিলে । গুৰু বাক্যত থাকি অধৰ্ম কৰিলেও পূণ্য পোৱা যায় । সেইকাৰণে ৰামচন্দ্ৰই পিতৃ বাক্য মানি বনবাসলৈ ওলাওতে মাতৃৰ আশীৰ্বাদ বিচাৰিলে ।

Leave a comment